অসমৰ অৰ্থনীতিলৈ প্ৰভুত বৰঙণি যোগাই অহা এটি গুৰুত্বপূৰ্ণ উদ্যোগ হৈছে চাহ উদ্যোগ। চাহ বাগিচাসমূহত যি সকলে মুৰৰ ঘাম মাটিত পেলাই এই চাহ উদ্যোগটোক সমগ্ৰ বিশ্বৰ ভিতৰতেই আগশাৰিৰ কৰি গঢ়ি তুলিছে সেই চাহ বাগিচাৰ শ্ৰমিকসকলৰ শিক্ষা-দীক্ষা আদিৰ প্ৰতি যে চৰকাৰৰ কোনো মনোযোগ নাই সেই কথা ওলাই পৰিছে বাগিচাসমূহৰ প্ৰাথমিক বিদ্যালয়সমূহৰ মানদণ্ডৰ পৰা। চাহ বাগিচাসমূহত নিয়োজিত আদিবাসী সম্প্ৰদায়ৰ এই শ্ৰমিকসকল ৰাজনৈতিক দলবোৰৰ ভোট বেংক হিচাপে ব্যৱহাৰ হোৱাৰ বাহিৰে যে দেশৰো প্ৰকৃত নাগৰিক তাক ফঁহিয়াই চোৱাৰ অৱকাশ ৰাজনৈতিক দল অথবা চৰকাৰ কাৰোৱেই নাই। অতীতৰে পৰা কৃষ্টি-সংস্কৃতিৰ দিশৰ পৰা নিজৰ এটা সুকীয়া অস্তিত্ব বহন কৰি অহা এই চাহ শ্ৰমিকসকল অৰ্থনৈতিক, সামাজিক,ৰাজনৈতিক সকলো দিশৰ পৰাই বৈষম্যৰ বলি হৈ আহিছে আৰু এখন স্বাধীন দেশৰ নাগৰিক হৈও দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ জীৱন অতিবাহিত কৰি আহিছে স্বাধীনতাৰ ৭০ বছৰ অতিক্ৰম কৰাৰ পিছতো।
এই স্বধীনতাৰ পিছৰ সুদীৰ্ঘ সময়চোৱাৰ ভিতৰত চাহ শ্ৰমিকসকলৰ অৱস্থাৰ বিশেষ পৰিৱৰ্তন হোৱা নাই আৰু এই সকলৰ বহুতেই এতিয়া দুৰ্বিষহ দাৰিদ্ৰৰ মাজেৰে জীৱন অতিবাহিত কৰি আছে। সামাজিক প্ৰগতিৰ ক্ষেত্ৰত শিক্ষাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে, সেয়েহে শিক্ষাৰ ক্ষেত্ৰত বৈষম্যৰ বলি হোৱা চাহ শ্ৰমিকৰ এই সম্প্ৰদায়টোৱে মূলসূঁতিৰ সমানেই তাল মিলাই আগবাঢ়িব পৰা নাই। চাহ বাহিচাসমূহৰ প্ৰাথমিক শিক্ষাৰ ছৱিখন চালেই চৰকাৰ তথা শিক্ষা বিভাগৰ উচ্চ স্বৰৰ দাবীবোৰ যে অসমৰ চাহ বাগিচাসমূহৰ ক্ষেত্ৰত ফটা ঢোলৰ শব্দত বাদে অধিক নহয় সেই কথা বুজিব পাৰি।
কঠোৰ পৰিশ্ৰমৰ মাজেৰে জীৱন অতিবাহিত কৰা চাহ বাগিচাৰ শ্ৰমিকসকল আৰু তেওঁলোকৰ সন্তানসকলে উন্নত শিক্ষা লাভ কৰাৰ ক্ষেত্ৰত বহুতো বাধা আছে। চাহ বাগিচাসমূহৰ বিতৰৰ পৰা চহৰত থকা বিদ্যালয়সমূহলৈ যোৱাৰ বাবে যোগাযোগ ব্যৱস্থা সুবিধাজনক নোহোৱা বাবে চাহ বাগিচাৰ ভিতৰতেই প্ৰাথমিক শিক্ষৰ ব্যৱস্থা কৰি দিয়া হৈছে যদিও শিক্ষাৰ গুণগত দিশৰ পৰা সেই বিদ্যালয়সমূহ অত্যন্ত নিম্ন মানৰ।
‘শিক্ষাৰ অধিকাৰ আইন’ চাহ বাগিচাসমূহৰ ক্ষেত্ৰত এক প্ৰহসনত বাদে অইন একো নহয়। অসমৰ চাহ বাগিচাসমূহত অসংখ্য প্ৰাথমিক বিদ্যালয় আছে যি সমূহ এজনীয়া শিক্ষকেৰে চলি আছে। অসমৰ পৰা নিৰ্বাচিত ৰাজ্যসভাৰ সাংসদ ছাণ্টিউছ কুজুৰৰ এটি প্ৰশ্নৰ উত্তৰত মানৱ সম্পদ বিকাশ দপ্তৰৰ ৰাজ্যিক য়ুনিয়ন মন্ত্ৰী উপেন্দ্ৰ কুশ্বৱাহাই অলপতে প্ৰকাশ কৰিছিল যে ২০১৭ চনৰ ৩০ জানুৱাৰিলৈকে ৰাজ্যখনৰ চাহ বাগিচাসমূহত থকা ১৯৮৩খন প্ৰাথমিক বিদ্যালয়ৰ ভিতৰত ১১৯খনেই হৈছে এজনীয়া শিক্ষকৰ বিদ্যালয়।
এই বিদ্যালয়সমূহত হোৱা এজনীয়া শিক্ষক সমস্যাৰ সম্পৰ্কত কুশ্বৱাহাই প্ৰকাশ কৰিছে যে শিক্ষকৰ অৱসৰ গ্ৰহণ আৰু অনুমোদিত পদসমূহ খালী হৈ থকাৰ বাবেই এই সমস্যাৰ উদ্ভৱ হৈছে। এই পদসমূহত শিক্ষক নিয়োগ কৰাটো চৰকাৰৰ দায়িত্ব বুলিও কুশ্বৱাহাই মন্তব্য কৰে।
লাভ কৰা তথ্য অনুসৰি ওদালগুৰিৰ চাহ বাগিচাসমূহে মুঠ ৭০খন প্ৰাথমিক বিদ্যালয়ৰ ভিতৰত ১৮খন এজনীয়া শিক্ষকৰ বিদ্যালয়েৰে তালিকাৰ শীৰ্ষস্থান দখল কৰিছে, তাৰ পিছতেই ১৫৯খনৰ ভিতৰত ১৭খনেৰে কৰিমগঞ্জ জিলাই দ্বিতীয় স্থান, ৯৪খনৰ ভিতৰত ১৬খনেৰে শোণিতপুৰ জিলাই তৃতীয় স্থান, ২০৯খনৰ ভিতৰত ১৪খনেৰে যোৰহাট জিলাই চতুৰ্থ স্থান আৰু হাইলাকান্দি জিলাই ১৭৩খনৰ বিতৰত ১২খন এজনীয়া শিক্ষকৰ বিদ্যালয়েৰে পঞ্চম স্থান লাভ কৰিছে। বাকীবোৰ জিলাতো এনে অৱস্থা কম-বেচি পৰিমাণে আছে।
নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা এটি টেলিফ’নিক সাক্ষাৎকাৰত ৰাজ্যসভাৰ সাংসদ ছান্টিউছ কুজুৰে কৈছে যে অসমৰ শিক্ষা বিভাগে ৰাজ্যখনৰ চাহ বাগিচাসমূহৰ শিক্ষাৰ ক্ষেত্ৰত মাহী-আইৰ দৃষ্টিৰে চাই আছে। সাংসদগৰাকীয়ে আৰু কৈছে যে এই সন্দৰ্ভত তেওঁ অসমৰ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ কেইবাবাৰো অহা-যোৱা কৰিছে যদিও এই ক্ষেত্ৰত এতিয়ালৈকে কোনো ইতিবাচক উত্তৰ লাভ কৰা নাই।