বিজেপি বিধায়ক প্ৰশান্ত ফুকনৰ চাউলৰ বিনিময়ত পিঁয়াজ পাব বুলি কোৱা মন্তব্যত আজিও টীয়কৰ গ্ৰাম্যাঞ্চলত অব্যাহত আছে ব্যাপক প্ৰতিক্ৰিয়াৰ।
বিধায়ক গৰাকীৰ বিনামূলীয়া চাউল দোকানত দি মূল্যবান পিঁয়াজ লাভ কৰিব পাৰিব বুলি কোৱা মন্তব্যৰ পাছত শনিবাৰে পুৱা জগদুৱাৰ বাগিচাৰ সমীপৰ এখন গেলামালৰ দোকানত গাঁৱৰ সাধাৰণ জনতাই হাতে হাতে চাউলৰ টোপোলা লৈ আহি বিনিময়ত পিঁয়াজ বিচাৰি অতিষ্ঠ কৰে দোকানীক।
যাৰ বাবে দোকানীয়ে প্ৰৱেশদ্বাৰত জাননী ওলমাই ৰাইজক অৱগত কৰিব লগা হৈছে চাউলৰ বিনিময়ত আলু, পিঁয়াজ দিয়াৰ ব্যৱস্থা নাই।
প্ৰকৃততে এয়া সাধাৰণ ৰাইজৰ এক প্ৰতিবাদ। জনপ্ৰতিনিধিৰ ওপৰত ৰাইজৰ আস্থা থাকে। গণতন্ত্ৰত সাধাৰণ জনতাই জনপ্ৰতিনিধিয়ে যি কয় তাকে বিশ্বাস কৰে।
কিন্তু বিজেপিৰ জ্যেষ্ঠ বিধায়কগৰাকীৰ এনে বিৰূপ মন্তব্যই গ্ৰাম্যাঞ্চলৰ প্ৰতিজন জনতাক চৰম অপমান কৰিছে আৰু জনপ্ৰতিনিধিসকলৰ এনে আচৰণে গণতন্ত্ৰত কালিমা সানিছে বুলি অনুভৱ কৰি ৰাইজক বিপথে পৰিচালিত নকৰিবলৈ খাটিখোৱা কিন্তু গণতন্ত্ৰত ৰজা পতাত বিশেষ ভূমিকা গ্ৰহণ কৰা সাধাৰণ ৰাইজে আহ্বান জনাইছে।
তেওঁলোকে লগতে বিধায়ক প্ৰশান্ত ফুকনক বিধায়ক পদৰ পৰা পদত্যাগ কৰিবলৈকো আহ্বান জনায়।