দুখীয়া ৰোগীৰ চিকিৎসা প্ৰদানত সহায় হোৱাৰ উদ্দেশ্য তথা লক্ষ্য আগত ৰাখি অসমৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় এথলীট তয়াবুন নিছাই আজি বৰপেটাবাসীৰ বাবে এখন এম্বুলেঞ্চ আগবঢ়ায়।
প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় এথলীট তথা বৰপেটাৰ বোৱাৰী তয়াবুন নিছাই ‘খাদেমূল ইছলাম সমাজ’ৰ অধীনত এই এম্বুলেঞ্চখন প্ৰদান কৰে।
বৰপেটা খাদেমূল ইছলাম সমাজৰ কাৰ্যালয় প্ৰাংগনত আজি এম্বুলেঞ্চখন ৰাইজৰ বাবে আগবঢ়োৱা হয়।
এই কাৰ্যসূচীত তয়াবুন নিছাৰ স্বামী ছহিদুল্লাহ, খাদেমূল ইছলাম সমাজৰ বিষয়-ববীয়া সকল উপস্থিত থাকে।
উল্লেখ্য যে, তয়াবুন নিছাই ১৯৭১ চনত ভাৰতৰ নৱম ৰাষ্ট্ৰীয় এথলীট প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰি ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক পোৱা প্ৰথম অসমীয়া মহিলা খেলুৱৈৰূপে পৰিগণিত হৈছিল।
১৯৭৪ চনত ডিছকাছ থ্ৰ’ত এক বাৰ বছৰীয়া ৰাষ্ট্ৰীয় ৰেকৰ্ডো ভাঙিবলৈ সক্ষম হোৱা নিছাই পৰৱৰ্ত্তীকালত ভালেসংখ্যক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।