• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাত আছু নেতাক আটক : ‘অভিযান অসমী’ৰে লিডুত ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৰা ফলক আঁতৰালে আছুৱে

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
November 9, 2020 6:16 am
Screenshot_20201108_172246
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰী ভাষা আইন ১৯৬০ কাৰ্যকৰী কৰি মাৰ্ঘেৰিটাৰ লিডু অঞ্চলত চৰকাৰী বেচৰকাৰী সকলো ব্যৱসায়ী প্ৰতিষ্ঠানতে অসমীয়া লিপি ব্যৱহাৰ কৰাৰ লগতে আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ সকলো চৰকাৰী বেচৰকাৰী অনুষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠানৰ নামফলক অসমীয়া ভাষাত লিখিবলৈ আহ্বান জনাইছিল সদৌ অসম ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ লগতে লিডু শাখা ছাত্ৰ সন্থাই।

কিন্তু এই দাবীৰ প্ৰতি লিডুৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে ব্যৱস্থা গ্ৰহণ নকৰাত আজি যিসকল ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলকত অসমীয়া ভাষাৰ পৰিৱৰ্তে ইংৰাজী বা অন্য ভাষাৰ নামফলক ব্যৱহাৰ হৈ আহিছিল সেই সকলোবোৰ নামফলকত সংগঠনটোৱে ফালি কলা ৰং লগায়।

Apply Now

মাৰ্ঘেৰিটা আছুৰ সভাপতি চিন্তু গগৈ আৰু ভাঃ সম্পাদক ৰুপম বৰুৱাৰ নেতৃত্বত তথা নৱ গঠিত লিডু শাখা ছাত্ৰ সন্থাৰ সহযোগত সংগঠনটোৰ প্ৰায় এক শতাধিক সদস্যই লিডু বজাৰৰ মাজ-মজিয়াত প্ৰায়সংখ্যক ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৰা ইংৰাজী, হিন্দী, বাংলাত লিখা নামফলকসমূহ আঁ‌তৰাই দিয়ে।

উল্লেখ্য যে পূৰ্বৰ অসম শাসকীয় ভাষা অধিনিয়মখন ‘অসম চৰকাৰী ভাষা আইন’১৯৬০’ নামেৰে সেই চনৰে ২৪ অক্টোবৰ তাৰিখে অসম বিধান সভাত গৃহীত হয় আৰু ১৭ ডিচেম্বৰত ৰাজ্যপালৰ অনুমোদনৰ পাচত ১৯ ডিচেম্বৰৰ ‘অসম ৰাজপত্ৰ(অসাধাৰণ)’ত প্ৰকাশ পায়। এই আইনৰ ধাৰা ‘৩’ মতে অসম ৰাজ্যৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো বা যিকোনো চৰকাৰী কামত অসমীয়া ব্যৱহৃত হ’ব আৰু কাছাৰ জিলাত অনুৰূপ কামৰ বাবে বঙালী ভাষা ব্যৱহৃত হ’ব।

অৱশ্যে স্বায়ত্ত শাসিত জিলাৰ বাবে প্ৰায়োগিক সুবিধাৰ হেতু ইংৰাজী ভাষাৰ পোষকতা কৰা হয়। এই আইনৰ ১(৩) উপচ্ছেদ মতে সমগ্ৰ অসমত ১৮/১২/১৯৭০ তাৰিখৰ ভিতৰত এই আইনখন সম্পূৰ্ণৰূপে বলবৎ হ’বলৈ নিদেৰ্শ দিয়া হৈছিল যদিও পৰিতাপৰ বিষয় যে আইনখনে ধাৰ্য কৰা সময়সীমা উকলি যোৱা পাছতো অসমত কিন্তু চৰকাৰী কাৰ্যালয়ত নিজৰ ভাষা প্ৰয়োগ আধৰুৱাকৈও হৈ নুঠিল।

অন্যহাতে আজিৰ আছুৰ ‘অভিযান অসমী’ শীৰ্ষক এই কাৰ্যসূচীৰ সময়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এই কাৰ্যসূচী ৰূপায়ণৰ সময়ত একাংশ ব্যৱসায়ী আৰু আছু সদস্যৰ মাজত তীব্ৰ বাক যুদ্ধ হোৱা দেখা গ’ল ফলত এক উত্তেজনা পূৰ্ণ পৰিৱেশৰ সৃষ্টি হয়।

পৰিস্থিতি অধিক জটিল হোৱাৰ পূৰ্বে আৰক্ষীয়ে আছুৰ মাৰ্ঘেৰিটা আঞ্চলিকৰ সভাপতি চিন্তু গগৈ, সদস্য অনন্ত ৰাজবংশী, লিডু শাখা ছাত্ৰ সন্থাৰ সভাপতি প্ৰাণজিৎ বৰা আৰু সম্পাদক মিণ্টু বুঢ়াগোহাঁইক আটক কৰি লিডু আৰক্ষী চকীলৈ লৈ যায়।

পাছত অৱশ্যে আটক কৰা আছু সদস্য কেইজনক বিয়লি মুকলি কৰি দিয়ে। আছু নেতা চিন্তু গগৈয়ে আৰক্ষী চকীৰ পৰা মুকলি হৈ অহাৰ পাছতেই সাংবাদিকৰ আগত কয় যে যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠানে নামফলকসমূহত অসমীয়া ভাষাৰ ব্যৱহাৰৰ এই পৰ্যন্ত কৰা নাই সেইসমূহে অতি সোনকালে আছুৰ আহ্বান প্ৰতি সঁহাৰি নজাই নামফলক সমূহত অসমীয়া নাম ব্যৱহাৰ নকৰে তেনেহ’লে অনাগত সময়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ সন্মুখীন হ’ব লাগিব লগতে আছুৱে এই ক্ষেত্ৰত প্ৰতিবাদ অব্যাহত ৰাখিব বুলি হুংকাৰ প্ৰদান কৰে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm
কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

October 11, 2026 12:30 pm
শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

October 11, 2026 11:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd