অতি প্ৰয়োজনীয় নহ’লে আৰক্ষীৰ বেৰিকেড শীঘ্ৰে পথৰ পৰা আঁতৰাই পেলাব লাগে। সাধাৰণ জনতাই যাতে বাধা নোহোৱাকৈ চলাচল কৰিব পাৰে সেয়া নিশ্চিত কৰক। চিজেপিৰ প্ৰতিবাদী কাৰ্যসূচী বন্ধ কৰিবলৈ আৰক্ষীৰ ব্যৱস্থা গ্ৰহণৰ বিৰুদ্ধে দাখিল কৰা গোচৰৰ বিশেষ শুনানিত দেওবাৰে এই নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে। একে সময়তে শীৰ্ষ ন্যায়ালয়ে ৰাজধানীত মেট্ৰ’ আৰু ইণ্টাৰনেট খুলি দিয়াৰো নিৰ্দেশো দিয়ে।
শান্তিপূৰ্ণ প্ৰতিবাদী সমাৱেশৰ সময়ত কাকো যাতে অবৈধভাৱে আটক কৰা নহয়। আৰক্ষীৰ ব্যৱস্থা গ্ৰহণৰ বিৰুদ্ধে দাখিল কৰা গোচৰৰ বিশেষ শুনানিত এই নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে।
উচ্চতম ন্যায়ালয়ে অতি প্ৰয়োজনীয় নহ’লে তৎক্ষণাত পথৰ পৰা আৰক্ষীৰ বেৰিকেড আঁতৰাই পেলাবলৈ নিৰ্দেশ দিয়ে। শীৰ্ষ আদালতে লগতে দিল্লী আৰক্ষী, দিল্লী মেট্ৰ’কে ধৰি সকলো পক্ষকে জাননী জাৰি কৰি উত্তৰ বিচাৰিছে।
মঙলবাৰে এই গোচৰৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব। সেইদিনাৰ ভিতৰত সংশ্লিষ্ট পক্ষই উত্তৰ দাখিল কৰিব লাগিব।
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচি আৰু ন্যায়াধীশ ভি মোহনাৰ বিচাৰপীঠে উচ্চতম ন্যায়ালয়ৰ বাহিৰত থকা বিএনএছৰ ১৬৩ নং ধাৰাৰ ব’ৰ্ডখন আঁতৰাই পেলাবলৈ নিৰ্দেশ দিছে। যাতে ন্যায় বিচাৰৰ পথত কোনো বাধা নাথাকে।
ন্যায়াধীশ মোহনাই কয় যে শান্তিপূৰ্ণ প্ৰতিবাদ কৰিব পৰা যায়। অৱশ্যে আইন ভংগ কৰিব নোৱাৰি।





