অসম গন পৰিষদ এতিয়া ম্যাদ উকলা দল৷
আগন্তুক বিধান সভা নিৰ্বাচনত বোকাখাত সমষ্টিৰ পৰা দলটোৰ সভাপতিক বোকাখাতৰ পৰাই নহয় অসমৰে পৰাই উচ্ছেদ কৰিব অসমৰ ৰাইজে৷
কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৭০ টা জাতীয় জনগোষ্ঠীয় সংগঠনৰে গঠিত ‘ৰাইজৰ দল’ৰ আজি বোকাখাত আয়োজিত এক সভাত এই দৰে মন্তব্য কৰে দলটোৰ ৰাজ্যিক আহ্বায়ক প্ৰবীন দাসে৷
আজি বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত আয়োজিত বিশেষ সভাত ৰাইজৰ দলৰ বোকাখাত বিধান সভা সমষ্টিৰ আহ্বায়ক সমিতি গঠন কৰা হয়৷
গোলাঘাট জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ধৰ্মেশ্বৰ শইকীয়াৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে ৰাইজৰ দলৰ গোলাঘাট জিলাৰ আহ্বায়ক ৰতন দাৱে৷
সভাত ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক প্ৰবীন দাস আৰু ধ্ৰুৱ ভৰালী, ৰাইজৰ দলৰ গোলাঘাট জিলাৰ মুখ্য আহ্বায়ক ৰতন দাৱ, প্ৰাঞ্জল গগৈ আৰু বিদ্যুৎ মহন্ত, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক বিদ্যুত শইকীয়াৰ উপৰিও এন চি পিৰ নেতা মৃদুল শইকীয়া উপস্থিত থাকি ভাষণ প্ৰদানক কৰে৷
বোকাখাত সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ডেৰ শতাধিক লোকৰ উপস্থিতিত ৩০ জন ব্যক্তিক মুখ্য আহ্বায়ক হিচাপে লৈ ‘ৰাইজৰ দল’ৰ ১০১ জনীয়া বোকাখাত সমষ্টিৰ আহ্বায়ক সমিতিখন গঠন কৰা হয় ৷