• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাংবাদিক পৰাগ ভূঞাৰ হত্যাৰ নিৰপেক্ষ তদন্তৰে দোষীক শাস্তি প্ৰদানৰ দাবী নগাঁৱৰ বৌদ্ধিক মহলৰ

মুৰুলী বৰুৱা by মুৰুলী বৰুৱা
November 14, 2020 3:51 pm
index.jpgaaa.jpgfinal
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুৰ্নীতিৰ বিৰুদ্ধে সদায়েই আপোচহীন স্থিতি গ্ৰহণ কৰি ৰাইজৰ পক্ষত মাত মাতি অহা অসমৰ এগৰাকী অতি নিৰ্ভীক সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৱে এতিয়া জোকাৰি গৈছে সমগ্র অসম।

বৃহত্তৰ তিনিচুকীয়া জিলাৰ এই গৰাকী সাহসী সাংবাদিকৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক লৈ সমগ্র ৰাজ্যজুৰি তিব্ৰ ক্ষোভ আৰু প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। আপোচহীন সাংবাদিক পৰাগ ভূঞাক পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহত অসমৰ সৰ্বত্ৰে এতিয়া প্ৰতিবাদ কৰিছে সকলোৱে।

Apply Now

অসমত সা‌ংবাদিকক হত্যা এয়া নতুন কথা নহয়। অতি চুড়ান্ত নিৰাপত্তাহীনতাত ভোগা অসমৰ সাংবাদিকে বহু অভাৱ অনাতনৰ মাজেৰে সেৱা আগবঢ়াই আহিছে। ৰজাঘৰীয়া  সাংবাদিকৰ কথা সুকীয়া। গণতন্ত্ৰৰ বাক স্বাধীনতাক অতি পাশৱিকভাবে কণ্ঠ ৰুদ্ধ কৰিব বিচৰাসকলক শাস্তি দিয়াৰ সাহস যেন কোনো এখন চৰকাৰৰে নাই।

শেহতীয়াকৈ সাংবাদিক পৰাগ ভূঞাই যি দৰে অবাঞ্চিত মৃত্যুক আকোৱালি ল’লে সেই সম্পৰ্কে নগাঁৱৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে তেওঁলোকৰ অনুভৱ ব্যক্ত কৰিছিল।

অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা সাহিত্যিক মৃদুপৱন বৰাই কয়- “পৰাগ ভূঞা এজন সাহসী ,নিষ্ঠাবান,সত্যনিষ্ঠ, যুক্তিবাদী, ধৰ্মনিৰপেক্ষ, আপোচবিহীন সাংবাদিক। বহু বছৰ ধৰি তেখেতে অসমৰ সংবাদ জগতত এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে। প্ৰতিপলে তেওঁ জনতাৰ পক্ষত গেৰুৱা বাহিনীৰ জনবিৰোধী কাৰ্যকলাপৰ তেওঁ দুৰ্ঘোৰ বিৰোধী। তেওঁৰ সাংবাদিকতাত গৰুৱা বাহিনীৰ বুকু সদায় কম্পমান।”

তেওঁ লগতে আৰু কয়, “গণতন্ত্ৰ এতিয়া বিধ্বস্ত। গেৰুৱা বাহিনীৰ অত্যাচাৰত দেশৰ অৰ্থনীতি, ৰাজনীতি, সমাজ, সংস্কৃতি সকলোতে নৈৰাজ্য | এনে অৱস্থাত অন্যায়ৰ প্ৰতিবাদ কৰিলেই এতিয়া বিপদ। হত্যা, ধৰ্ষণ, কৰিলেও দোষীয়ে ন্যায় পায়, দোষীক মুক্তি দিয়াৰ পক্ষত এতিয়া চৰকাৰী পক্ষৰ পৰাও প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয়। অৰ্ণৱ গোস্বামী তাৰ জ্বলন্ত প্ৰমাণ। গেৰুৱা বাহিনীৰ পক্ষত নথকা সাংবাদিক, লেখক সাহিত্যিক, দেশপ্ৰেমিক কাৰো এতিয়া নিস্তাৰ নাই। পৰাগ ভূঞা এনে এক পৰিস্থিতিৰ পৰিকল্পিত বলি। গতিকে তীব্ৰ প্ৰতিবাদ অবিহনে অনাগত দিনত আমাৰ মুক্তি নাই।”

এজন পৰাগ ভূঞাৰ হত্যাৰ বিৰুদ্ধেই নহয়, সহস্ৰ পৰাগ ভূঞাৰ হত্যাৰ বিৰুদ্ধে, গেৰুৱা বাহিনীৰ ফেচীবাদী আক্ৰমণক প্ৰতিহত কৰিবলৈ এতিয়া ঐক্যবদ্ধ সংগ্ৰাম কৰাৰ প্ৰয়োজন আহি পৰিছে বুলি মন্তব্য কৰি তেওঁ পৰাগ ভূঞাৰ হত্যাই সেষ হত্যা  হওক বুলিও কয়।

নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক মৃণাল হাজৰিকাই কয় , “এগৰাকী সংবাদ কৰ্মী সমাজৰ অতন্দ্ৰ প্ৰহৰী স্বৰূপ। সাংবাদিকসকলক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি অভিহিত কৰে। সমাজত যেতিয়া এগৰাকী সাংবাদিক নিৰ্যাতনৰ সন্মুখীন হয়, যেতিয়া এগৰাকী সাংবাদিকক তেখেতৰ নিৰ্ভিক, স্পষ্টবাদী সাংবাদিকতাৰ বাবে হত্যা কৰে, তেনে জঘন্য কৰ্মক আমি তীব্ৰ গৰিহণা দিওঁ। তেওঁৰ হত্যাৰ নিৰপেক্ষ তদন্ত হ’ব লাগে।”

নগাঁও মহাবিদ্যালয়ৰ উপাধ্যক্ষ সাহিত্যিক ড° দিলীপ শৰ্মাই কয়ে যে দেশৰ পৰিস্থিতি দিনক দিনে বেয়াৰ পৰা বেয়ালৈ পৰিবৰ্তন ঘটিছে। তিনিচুকীয়া জিলাৰ সাংযবাদিক সংস্থাৰ সভাপতি জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ দৰে এগৰাকী তজবজীয়া আৰু সচেতন ব্যক্তিৰ গাড়ীৰ খুন্দাত মৃত্য হোৱা ঘটনাই মানুহৰ নিৰাপত্তাহীনতাৰ স্বৰূপকে উদঙাই দিছে।

অসম শিল্পী কাননৰ প্ৰধান সম্পাদক মৃদুপৱন বৰাই এই ঘটনাত দুখ প্ৰকাশ কৰি তিনিচুকীয়াৰ নিৰ্ভীক সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুৰ উচিত তদন্তৰ দাবী জনায়।।

নগাঁৱৰ লেখিকা তথা শিল্পী অনিমা বৰুৱা শৰ্মাই এই জঘন্য কাণ্ডক গৰিহণা মন্তব্য কৰে যে অসমৰ ৩৫ জন সাংবাদিকক হত্যা কৰা হ’ল। কাকপথাৰৰ জ্যেষ্ঠ সাংবাদিক তথা তিনিচুকীয়া জিলাৰ সাংবাদিক সন্থাৰ উপসভাপতি পৰাগ ভূঞাৰ আপোচহীন সাংবাদিকতাই শাসকগোষ্ঠীকে ধৰি কিছুমান ন্যস্ত স্বাৰ্থ জড়িত মহলক যথেষ্ট সংকটত পেলাইছিল আৰু তাৰ পৰিণতিতেই তেওঁক পৰিকল্পিতভাৱে হত্যা কৰা হ’ল বুলি মন্তব্য কৰি সমগ্র ঘটনাৰ উচিত তদন্তৰ দাবী জনায়।

অসম চৰকাৰৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া আধান চন্দ্ৰ শইকীয়াই এই ঘটনাক দেশৰ গণতন্ত্ৰৰ প্ৰতি ভয়ংকৰ ভাবুকি বুলি মন্তব্য কৰে। যি খন দেশত ৰাজপথত, ঘৰৰ পদূলি মুখত সাংবাদিকক হত্যা কৰিব পাৰে, য’ত আৰক্ষী থানাৰ ভিতৰত আৰক্ষীক প্ৰহাৰ কৰি আচামীক লৈ যাব পাৰে তাত সাধাৰণ মানুহৰ কি নিৰাপত্তা থাকিব বুলি মন্তব্য কৰি নিৰ্ভীক সাংবাদিক পৰাগ ভূঞাৰ হত্যাৰ নিৰপেক্ষ তদন্ত হ’বই লাগিব বুলি দাবী কৰে।

মুৰুলী বৰুৱা

মুৰুলী বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

September 6, 2026 6:11 pm
দেওবাৰৰ দুপৰীয়া নামি আহিল কাল অমানিশা! দিল্লীত খহি পৰিল ছাত্ৰাৱাস, ধ্বংসস্তূপৰ তলৰ পৰা ভাহি আহিছে কাতৰ আৰ্তনাদ

দেওবাৰৰ দুপৰীয়া নামি আহিল কাল অমানিশা! দিল্লীত খহি পৰিল ছাত্ৰাৱাস, ধ্বংসস্তূপৰ তলৰ পৰা ভাহি আহিছে কাতৰ আৰ্তনাদ

September 6, 2026 5:19 pm
কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

September 6, 2026 3:16 pm
‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

September 6, 2026 1:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

September 6, 2026 6:11 pm
দেওবাৰৰ দুপৰীয়া নামি আহিল কাল অমানিশা! দিল্লীত খহি পৰিল ছাত্ৰাৱাস, ধ্বংসস্তূপৰ তলৰ পৰা ভাহি আহিছে কাতৰ আৰ্তনাদ

দেওবাৰৰ দুপৰীয়া নামি আহিল কাল অমানিশা! দিল্লীত খহি পৰিল ছাত্ৰাৱাস, ধ্বংসস্তূপৰ তলৰ পৰা ভাহি আহিছে কাতৰ আৰ্তনাদ

September 6, 2026 5:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd