• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গাঞ্জাসহ নিচা জাতীয় সামগ্ৰী সৰবৰাহ বন্ধ কৰিবলৈ গৈ নিজ ভাতৃ আৰু খুৰাকৰ আক্ৰমণৰ বলি হ’ল মৰিগাঁৱৰ এগৰাকী সাহসী যুৱতী

চানু গগৈ by চানু গগৈ
November 16, 2020 2:24 pm
0edf11eb-indian-hemp
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মৰিগাঁও জিলা আৰক্ষীৰ চৰম ব্যৰ্থতা আৰু অসচেতনতাৰ বাবেই মৰিগাঁও জিলাৰ সদৰ স্থানৰ পৰাই গাঞ্জা, নিচাজাতীয় দ্ৰব্যৰ কেনেকৈ ৰমৰমীয়া বেহা চলিছে তাক প্ৰমাণ কৰাৰ লগতে এনে দ্ৰব্যৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰি অৱশেষত সৰবৰাহকাৰী নিজ ভাতৃৰ আক্ৰোশৰ বলী হৈ চিকিৎসাধীন হব লগা হ’ল মৰিগাঁও জিলাৰ এগৰাকী সাহসী যুৱতী।

ঘটনাৰ বিবৰণী মতে, মৰিগাঁও জিলাৰ হীৰা গাঁৱত দীৰ্ঘ দিনৰ পৰা ব্যাপকভাৱে নিচা যাৱতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা চলি আহিছে।

Apply Now

সৰবৰাহকাৰী সকলে মৰিগাঁও সদৰ স্থানেৰে জিলাখনৰ বিভিন্ন স্থানলৈ নিচাজাতীয় দ্ৰব্য সৰবৰাহ কৰে। হীৰা গাঁৱৰ অঞ্জনা মুদক নামৰ যুৱতী গৰাকীৰ ঘৰতো অঞ্জনাৰ সৰু ভাতৃ আৰু খুড়াকে গাঞ্জা, নিচাজাতীয় দ্ৰব্যৰ ঘাটি বহুৱাবৰ মনেৰে তেনে সামগ্ৰী সৰবৰাহ কৰিছিল।

অঞ্জনাই এনে সমাজ ধ্বংসকাৰী বৰ বিহ তাইৰ ঘৰৰ পৰা সৰবৰাহ হোৱা কাণ্ডৰ প্ৰতিবাদ কৰি আহিছিল। যাৰ বাবে অঞ্চলৰ একাংশ আসক্তই তাইক ৰাস্তাই ঘাটে অসৎ ব্যৱহাৰ কৰি আনকি গালৈ থুৱাই দিয়াৰ দৰে নিকৃষ্ট কামো কৰিছিল।

কিন্তু এই বোৰ প্ৰত্যাহ্বানৰ পাছতো অঞ্জনাই সাহসেৰে প্ৰতিবাদ কৰি গৈছিল। যাৰ বাবে তাই মূৰৰ কামোৰণী সৃষ্টি কৰিছিল অঞ্চলটোৰ একাংশ সৰবৰাহকাৰীৰ।

অৱশেষত তাইক মানসিকভাৱে বিকাৰগ্ৰস্ত সজোৱাৰ চেষ্টা কৰিছিল ভাতৃ, খুড়াক আৰু একাংশ  নিচাসক্তই। তদুপৰি তাইৰ প্ৰাণৰ প্ৰতিও ভাবুকি আহিছিল। পৰিস্থিতি এনে পৰ্যায় পাইছিল গৈ যে যিকোনো মুহূৰ্তত তাইক হত্যা পৰ্যন্ত কৰা হ’ব পাৰে!

অৱশেষত গতি বিষম দেখি তাই সামাজিক মাধ্যমৰ সহায় লৈ ফেচবুক লাইভৰ জৰিয়তে গোটেই ঘটনা বিৱৰণ কৰিছিল দুদিনৰ আগত। তাৰ পাছত এই সন্দৰ্ভত কালি অঞ্জনা মৰিগাঁও আৰক্ষীৰ কাষ চাপি অভিযোগ দিয়ে।

মৰিগাঁও থানাত নিজৰ ভাতৃকে ধৰি তিনিজন লোকৰ বিৰুদ্ধে এখন এজাহাৰো দাখিল কৰিছিল অঞ্জনাই। অৱশ্যে অভিযোগ দিবলৈ যোৱাৰ আগতো আন এটা ফেছবুক লাইভ কৰিছিল অঞ্জনাই। কিন্তু ইমানৰ পাছতো যুৱতী গৰাকীক নিৰাপত্তা দিয়াত ব্যৰ্থ হয় মৰিগাঁও আৰক্ষী।

অঞ্জনাৰ ভাষ্য মতে কালি আৰক্ষীক গোচৰ দি উভতি যোৱাৰ পাছত তাইক ভাতৃ আৰু খূড়াকঁহতে মিলি শাৰীৰিক নিৰ্যাতন চলাই গাঁওবাসীৰ ওচৰত মাফ খুজিবলৈ দাবী ধমক দিয়ে। কিয়নো তাই গোটেই গাঁওখনতে নিচা জাতীয় দ্ৰব্য চলে বুলি অপ্ৰিয় সত্য কথাটো কৈছিল ফেচবুক লাইভত।

নিৰ্যাতনৰ বলি হৈ তাই সকলো কৰিম বুলি কোৱাৰ পাছতো তাইক মাৰ ধৰ কৰি আহত কৰা হয় বুলি প্ৰকাশ কৰিছে যুৱতী গৰাকীয়ে।

অৱশেষত একাংশ লোকৰ সহায়ত তাইক মৰিগাওঁ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অঞ্জনা বৰ্তমান মৰিগাঁও চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

আনহাতে মৰিগাঁও আৰক্ষীয়ে অঞ্জনাৰ ভাতৃক আজি আটক কৰিছে। এনে এক ঘটনাৰ মাজতে মৰিগাঁও জিলাৰ মৈৰাবাৰী অঞ্চলৰ আন এগৰাকী মহিলা ভুক্তভোগীৰ আন এটা ভিডিঅ কালি ভাইৰেল হৈছে।

উক্ত ভিডিঅ’টোত মহিলা গৰাকীয়ে মৰিগাঁও আৰক্ষীক উদেশ্য কৰি কয় যে – সকলোতে ড্ৰাগছৰ বেহা চলিছে। তেওঁৰ স্বামীয়েও ড্ৰাগছ সেৱন কৰি বৰ্তমান মৃত্যুৰে যুঁজিছে। কিন্তু বহু কষ্ট কৰি চিকিৎসাৰ নামত খৰছ কৰি সকলো শেষ কৰিছে ঘৰৰ।

তেওঁ স্বামীৰ দৰে বহু লোকেই তিল তিলকৈ মৃত্যুৰ মুখলৈ আগবাঢ়ি গৈছে মৈৰাবাৰী ধিং আদি অঞ্চলত।

ইমানৰ পাছতো মৰিগাঁও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে তেওঁ নিজেই হাতত আইন তুলি ল’ব বুলিও ব্যক্ত কৰিছে মহিলাগৰাকীয়ে।

ড্ৰাগছৰ বিৰুদ্ধে দুগৰাকীকৈ নাৰীয়ে মৰিগাঁও আৰক্ষীৰ বিফলতাৰ স্বৰূপ বাৰুকৈ উদঙাই দিছে।

উল্লেখ্য যে  জিলাখনৰ একাংশ দুধৰ্ষ অপৰাধী মুকলি আকাশৰ তললৈ ওলাই অহাৰ পাছতে জিলাখনত সৰ্বত্ৰে বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা আৰু অনৈতিক অবৈধ ব্যৱসায়ৰ মুকলি বজাৰ।

চানু গগৈ

চানু গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm
১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

October 10, 2026 2:48 pm
‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd