• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত উত্তাল তামুলপুৰ : তামুলপুৰত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বিশাল গণ সমাবেশ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
November 19, 2020 1:48 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“আমাক কমতাপুৰ প্ৰদান কৰক, নহ’লে আমাক গুলিয়াই মাৰক। অন্যথা আমি নিজৰ প্ৰাপ্য অধিকাৰ কাঢ়ি আনিব লাগিব। কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰাপ্য অধিকাৰৰ বাবে বহু সংগ্ৰাম কৰা হ’ল। বহু ধৈৰ্য্য ধৰা হ’ল। আৰু ধৈৰ্য্য নধৰো। আমাক যাতে হাতত অস্ত্ৰ তুলি লবলৈ বাধ্য নকৰে, তাৰ বাবে আমি সকলো পক্ষকে সকীয়াই দিছো।” এই ভাষ্য সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক গকুল বৰ্মনৰ।

সদৌ বাক্সা  জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু তামুলপুৰ আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সহযোগত ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত বুধবাৰে তামুলপুৰৰ ঘগ্ৰাচকত অনুষ্ঠিত এক বিশাল গণ সমাবেশত আক্রছু নেতা গকুল বৰ্মনে এই মন্তব্য আগবঢ়ায়।

Apply Now

বাক্সা জিলা আক্রাছুৰ সভাপতি কপিল দেৱ সিংহৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বৰ্মনে পুনৰ কয়, “জন্মলগ্নৰে পৰা সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই কোচ ৰাজবংশী জনগোষ্ঠীৰ নিজৰ প্ৰাপ্য বিচাৰি, নিজৰ ৰাজ্য বিচাৰি, নিজৰ সাংবিধানিক অধিকাৰ বিচাৰি আন্দোলন কৰি আহিছে। কোচ ৰাজবংশী জনগোষ্ঠীক উদ্ধাৰ কৰাৰ কাৰণে আন্দোলন কৰি আহিছে।”

সমাগত বিটিচি পৰিষদীয় আৰু বিধান সভা নিৰ্বাচনৰ প্ৰসংগ টানি তেওঁ কয় নিৰ্বাচন আহিলে ৰাজনৈতিক দল সমূহে প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই দিয়ে। কিন্তু নিৰ্বাচনী ইস্তাহাৰত কোঁচ ৰাজবংশীক জনজাতিনকৰণ কৰা হ’ব, কমতাপুৰ ৰাজ্য গঠন হব আদি প্ৰসংগ কোনো ৰাজনৈতিক দলকে সন্নিবিষ্ট নকৰিবলৈ তেওঁ আহ্বান জনায়।

তাৰ বিপৰীতে তেওঁ কয় যদিহে সদিচ্ছা আছে তেন্তে কোচ ৰাজবংশী জনগোষ্ঠীক নিৰ্বাচনৰ পূৰ্বেই জনজাতিকৰণ কৰাৰ ব্যৱস্থা কৰক  নেতা গৰাকীয়ে পুনৰ কয়, “কোঁচ ৰাজবংশী সকলৰ প্ৰথম পৰিচয় কোঁচ ৰাজবংশী, তাৰ পিছতহে অসমীয়া।”

বাক্সা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক উপেন ৰয় আৰু তামুলপুৰ আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি ভূমিধৰ দাসে আঁত ধৰা সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিটিএডি কোঁচ ৰাজবংশী সন্মিলনীৰ সভাপতি কেশৱ ৰাজবংশীয়ে।

পাঁচ সহস্ৰাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাখনত অংশগ্ৰহণ কৰি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উপ সভাপতি ভৰত ৰাজবংশীয়ে কয়, “অসমৰ ভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা কোঁচ ৰাজবংশী জনগোষ্ঠীৰ লোক ৰজাৰ বংশধৰ। তাৰ পিছতো কোঁচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলৰ সমস্যা অনেক। নিজৰ ভাষণত তেওঁ নিজৰ জাতীয় সত্বাক, নিজৰ সংগ্ৰামক বিক্ৰী নকৰিবলৈ ৰাইজক আহ্বান জনায়।”

তেওঁ পুনৰ কয় যে কোঁচ ৰাজবংশী জনগোষ্ঠীৰ লোক সকলে ঐক্যবদ্ধভাবে সংগ্ৰামৰ জৰিয়তে দিল্লী, দিছ্পুৰ কঁপাব লাগিব। তেতিয়াহে জনগোষ্ঠীটোৰ লোকসকলৰ সমস্যা সমূহ সমাধান হ’ব।

সভাখনত অংশগ্ৰহণ কৰি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ সাধাৰণ সম্পাদক টাইছন হুছেইনে কয় চুক্তিৰ পিছত চুক্তি হল, আন্দোলনৰ পিছত আন্দোলন হ’ল। কিন্তু আমি একাংশই লাঞ্চিত বঞ্চিত প্ৰতাড়িত হৈয়ে থাকিলো।সদৌ অসম কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ আন্দোলনত এবিএমছুৱে পূৰ্ণ সহযোগিতা আগবঢ়াই যাব বুলি টাইছন হুছেইনে প্ৰতিশ্ৰুতি প্ৰদান কৰে।

সভাখনত উপস্থিত থাকি সদৌ অসম কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক কেশৱ ৰয়ে কয় যে ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোঁচ ৰাজবংশীক জনজাতিকৰণ নকৰা পৰ্যন্ত কোঁচ ৰাজবংশী সকল কেতিয়াও ক্ষান্ত নহয়।

সভাত সদৌ কোচ ৰাজবংশী মহিলা সন্মিলনীৰ সভানেত্ৰী পূৰবী সৰকাৰেও ভাষণ ৰাখে।

আজিৰ সভাত তামুলপুৰ আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মানস দাস, প্ৰাক্তন সভাপতি জিতেন দাস, তামুলপুৰ আঞ্চলিক কোঁচ ৰাজবংশী সন্মিলনীৰ সভাপতি মুকুন্দ দাস আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

October 10, 2026 10:54 am
সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

October 10, 2026 9:53 am
‘প্ৰধানমন্ত্ৰী আম্বানী’, ষ্টাৰলিংক প্ৰসংগত পুনৰ মুকেশ আম্বানীক আক্ৰমণ ইলন মাস্কৰ

‘প্ৰধানমন্ত্ৰী আম্বানী’, ষ্টাৰলিংক প্ৰসংগত পুনৰ মুকেশ আম্বানীক আক্ৰমণ ইলন মাস্কৰ

October 10, 2026 8:51 am
‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

October 10, 2026 8:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

October 10, 2026 10:54 am
সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

October 10, 2026 9:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd