• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

শুকুৰবাৰে ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰায় সকলো সাংসদ আৰু শীৰ্ষ নেতাই সংসদ ভৱনৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ প্ৰতিবাদী সমদল উলিয়ায়। ১৬টা ৰাজনৈতিক দলৰ ১৬ গৰাকী নেতাৰ স্বাক্ষৰিত তিনি দফীয়া স্মাৰক পত্ৰ লৈ প্ৰতিনিধি দলটোৰ ১০ জন সদস্যই ৰাষ্ট্ৰপতি ভৱনলৈ যায়।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 10, 2026 8:00 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে ৰাষ্ট্ৰপতিৰ কক্ষৰ পৰা ওলাই আহি পোনে পোনে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব বুলি হুংকাৰ দিছে। ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ প্ৰতিনিধিয়ে শুকুৰবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ, ভোটাৰ তালিকাৰ পৰা বাদ পৰা ১৩ কোটি লোকৰ নাম পুনৰ অন্তৰ্ভুক্তি আৰু বিতৰ্কিত ‘SIR’ প্ৰক্ৰিয়া বাতিল কৰাৰ দাবী জনাইছে। ইয়াৰ পাছতে আৰক্ষীৰ নিৰ্যাতন আৰু গণতন্ত্ৰ হৰণৰ অভিযোগ উত্থাপন কৰি সোমবাৰে পোনপটীয়াকৈ দেশৰ মুখ্য ন্যায়াধীশক স্মাৰক পত্ৰ দাখিল কৰিব বুলি ঘোষণা কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

বিৰোধী মিত্ৰজোঁটৰ প্ৰতিনিধিসকলক ক’ত ক’ত ভোট চুৰি হৈছিল তাৰ প্ৰমাণ দিবলৈ কয় ৰাষ্ট্ৰপতিগৰাকীয়ে। সাংবাদিকসকলৰ সন্মুখত বিৰোধী নেতাসকলে সেই তথ্য সংগ্ৰহ কৰি ৰাষ্ট্ৰপতিৰ ওচৰত দাখিল কৰিব বুলি কয়। তদুপৰি, ইভিএম বাতিল কৰি নিৰ্বাচন পুনৰ বেলট পেপাৰলৈ অনাৰ দাবীও উত্থাপন কৰে। প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু মুখ্য নিৰ্বাচন আয়ুক্তই মিলি দেশৰ গণতন্ত্ৰক হত্যা কৰিলে বুলিও বিৰোধী নেতাসকলে কয়। ৰাহুল গান্ধীৰ দাবী যে ৰাষ্ট্ৰপতিয়ে তেওঁৰ ভোট চুৰিৰ দাবীৰ বিৰোধিতা কৰা নাছিল।

শুকুৰবাৰে ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰায় সকলো সাংসদ আৰু শীৰ্ষ নেতাই সংসদ ভৱনৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ প্ৰতিবাদী সমদল উলিয়ায়। ১৬টা ৰাজনৈতিক দলৰ ১৬ গৰাকী নেতাৰ স্বাক্ষৰিত তিনি দফীয়া স্মাৰক পত্ৰ লৈ প্ৰতিনিধি দলটোৰ ১০ জন সদস্যই ৰাষ্ট্ৰপতি ভৱনলৈ যায়। ইয়াৰ ভিতৰত মমতা বেনাৰ্জী, ৰাহুল গান্ধী, মল্লিকাৰ্জুন খৰ্গে, এম এ বেবী, সুপ্ৰিয়া চুলে আদি নেতাসকল আছিল।

Apply Now

বৈঠকৰ অন্তত সাংবাদিকৰ মুখামুখি হৈ ৰাহুল গান্ধীয়ে ক্ষোভ প্ৰকাশ কৰে। তেওঁ স্পষ্টকৈ কয় যে দেশৰ সকলো বিৰোধী সাংসদে যেতিয়া মুখ্য নিৰ্বাচন আয়ুক্তক সাক্ষাৎ কৰিবলৈ গৈছিল তেতিয়া তেওঁলোকৰ ওপৰত আৰক্ষী বাহিনী ব্যৱহাৰ কৰা হৈছিল। ৰাহুলে অভিযোগ কৰে যে, “আমাক আটক কৰি মাৰধৰ কৰি, ঠেলিহেচি থানালৈ লৈ যোৱা হৈছিল। প্ৰথমে আমাক কোৱা হৈছিল যে আমি ইয়াত প্ৰতিবাদ কৰিব নোৱাৰো। তাৰ পিছত যেতিয়া আমি যন্তৰ মন্তৰলৈ গৈছিলো, যিটো ৰাজহুৱা প্ৰতিবাদ বা জনসভাৰ স্থান, তেতিয়াও আমাক তাত বাধা দিয়া হৈছিল।”

ইয়াৰ পিছত পৰৱৰ্তী আইনী যুঁজৰ ৰূপৰেখা স্পষ্ট কৰি ৰাহুল গান্ধীয়ে কয়, ”আমি আজি ৰাষ্ট্ৰপতিৰ ওচৰলৈ আহিলোঁ। আৰু অহা সোমবাৰে ইণ্ডিয়া মিত্ৰজোঁটৰ এই সমগ্ৰ দলটোৱে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ওচৰলৈ গৈ এই সমগ্ৰ বিষয়টোৰ ওপৰত মুখ্য ন্যায়াধীশক স্মাৰক পত্ৰ দাখিল কৰিব।”

ইফালে ৰাষ্ট্ৰপতিৰ সৈতে বৈঠক চলি থকাৰ সময়তে প্ৰিয়ংকা গান্ধী, অভিষেক বেনাৰ্জী, মহুৱা মৈত্ৰ, ডি কে শিৱকুমাৰকে ধৰি মিত্ৰজোঁটৰ অন্যান্য সাংসদসকলে বাহিৰত কৰ্তব্য পথত বহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে হাতত লৈ থকা পোষ্টাৰত লিখা আছিল, ‘জ্ঞানেশ, ইটছ ডান ব্ৰ’! ডি কে শিৱকুমাৰকে ধৰি কেইবাজনো নেতাই সংবাদ মাধ্যমত হুংকাৰ দিছে যে নিৰ্বাচন আয়ুক্তই পদত্যাগ কৰাই নহয়, বৰঞ্চ জনসাধাৰণৰ ভোট আৰু অধিকাৰ সুৰক্ষিত নোহোৱালৈকে তেওঁলোকৰ যুঁজ বন্ধ নহ’ব।

ইয়াৰ পূৰ্বে সংসদৰ চেন্ট্ৰেল হলত অনুষ্ঠিত এখন বৈঠকত ৰাহুল গান্ধীয়ে দাবী কৰিছিল যে বিৰোধীৰ ধাৰাবাহিক আন্দোলনত শাসক শিবিৰ আতংকিত হৈ পৰিছে। বিভিন্ন ৰাজ্যত অনৈতিকভাৱে ক্ষমতা দখল কৰাৰ বিষয়টো উত্থাপন কৰি বৰ্তমানৰ চৰকাৰখনৰ পতনৰ প্ৰয়োজনীয়তাৰ বিষয়েও তেওঁ কয়।

মুঠৰ ওপৰত ৰাষ্ট্ৰপতিৰ সৈতে হোৱা বৈঠকৰ পিছত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ওচৰলৈ যোৱাৰ ঘোষণাৰ লগে লগে জাতীয় ৰাজনীতিত সংঘাতৰ ছবিখন এতিয়া চৰম সীমাত উপনীত হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

October 10, 2026 8:00 am
শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

October 9, 2026 9:29 pm
গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

October 9, 2026 8:28 pm
জনতা ভৱনৰ সন্মুখৰ ব্যক্তিগত সম্পত্তিৰ ভিতৰত চিজেপিক কিয় সভা অনুষ্ঠিত কৰিবলৈ নিদিলে হিমন্ত বিশ্ব শৰ্মাই?

জনতা ভৱনৰ সন্মুখৰ ব্যক্তিগত সম্পত্তিৰ ভিতৰত চিজেপিক কিয় সভা অনুষ্ঠিত কৰিবলৈ নিদিলে হিমন্ত বিশ্ব শৰ্মাই?

October 9, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

October 10, 2026 8:00 am
শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

October 9, 2026 9:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd