যোৰহাট জিলাৰ টীয়কৰ প্ৰতিষ্ঠিত চি বি এছ ই ( CBSE ) পাঠ্যক্ৰমৰ ইংৰাজী মাধ্যমৰ শিক্ষানুস্থান হলিফ্লাৱাৰ (Holy Flower ) বিদ্যালয়ৰ জেষ্ঠ শিক্ষয়িত্ৰী ববী শইকীয়া ( ৪৩ ) ৰ কালি চিকিৎসাধীন অৱস্থাত পৰলোকগামী হয় l
হলিফ্লাৱাৰ (Holy Flower ) বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীৰ অতিকৈ জনপ্ৰিয় শিক্ষয়িত্ৰী গৰাকী কিছুদিন বিশেষ ৰোগত আক্ৰান্তহৈ গুৱাহাটীত চিকিৎসাধীন হৈ আছিল l
শিক্ষয়িত্ৰী গৰাকীৰ মৃত্যুত টীয়ক হলিফ্লাৱাৰ বিদ্যালয়ৰ সমূহ পৰিয়ালে শোক প্ৰকাশ কৰিছে l
মৃত্যুৰ সময়ত তেখেতে স্বামী ৰাজু আলি সহ এজন পুত্ৰ এৰি গৈছে ।
আজি বিয়লি টীয়কত তেখেতৰ জানাজা সম্পন্ন কৰা হয় l