• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিৰ নিদ্ৰাত অসমৰ ৰাজনীতিৰ দুৰন্ত তৰুণ; শোকস্তব্ধ ৰাজ্যবাসী

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দেহাৱসান, জিএমচিএইছত গুণমুগ্ধৰ লানি নিচিগা ভিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 23, 2020 5:50 pm
a tarun gogoi death
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শত-সহস্ৰ গুণমুগ্ধক শোকাহত কৰি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আজি পৰলোকপ্ৰাপ্তি ঘটে ।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ আজি ৫.৩৪ বজাত মৃত্যু হয়।

Apply Now

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষই আনুষ্ঠানিকভাৱে প্ৰবীণ ৰাজনীতিক তথা কংগ্ৰেছী নেতাজনৰ মৃত্যু হোৱাৰ কথা জানিবলৈ দিয়া বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে।

ৰাজ্যৰ অসংখ্য গুণমুগ্ধক শোকস্তব্ধ কৰি নিয়তিৰ কোলাত শুই পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮৬ বছৰ।

উল্লেখ্য যে, ২০০১ চনত প্ৰথমবাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা তৰুণ গগৈয়েই হৈছে অসমৰ ইতিহাসৰ একেৰাহে তিনিটা কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হৈ অভিলেখ সৃষ্টি কৰা প্ৰথম গৰাকী মুখ্যমন্ত্ৰী।

ছাত্ৰাৱস্থাৰ পৰাই ৰাজনীতিৰ সৈতে জড়িত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্ম হৈছিল ১৯৩৪ চনৰ ১১ অক্টোবৰত তেতিয়াৰ শিৱসাগৰ জিলাৰ যোৰহাটৰ ৰঙাজান চাহ বাগিচাত।

তেখেতৰ পিতৃ আছিল ৰঙাজান বাগিচাৰ চিকিৎসক ডাঃ কমলেশ্বৰ গগৈ আৰু মাতৃ আছিল উষা গগৈ। উল্লেখ্য যে উষা গগৈ আছিল অসমৰ পাপৰি কবি খ্যাত গণেশ গগৈৰ কনিষ্ঠা ভগ্নী।

২৬ নং ৰঙাজান নিম্ন বুনিয়াদী বিদ্যালয়ত শিক্ষাজীৱন আৰম্ভ কৰা তৰুণ গগৈয়ে ১৯৪৯ চনত যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ উজনি অসমৰ প্ৰসিদ্ধ উচ্চ শিক্ষানুষ্ঠান জগন্নাথ বৰুৱা মহাবিদ্যালয়ত নামভৰ্তি কৰে আৰু তাৰ পৰাই স্নাতক ডিগ্ৰী লাভ কৰে।

ইয়াৰ পিছতে তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী গ্ৰহণ কৰে।

১৯৭২ চনত তৰুণ গগৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্ৰাণীবিদ্যাৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ডলী গগৈৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। তৰুণ গগৈ দুটি সন্তানৰ পিতৃ আছিল।

কন্যা চন্দ্ৰিমা গগৈ আৰু পুত্ৰ গৌৰৱ গগৈ। পুত্ৰ গৌৰৱ গগৈ বৰ্তমান কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা দ্বিতীয়টো কাৰ্যকালৰ বাবে নিৰ্বাচিত সাংসদ তথা কংগ্ৰেছ দলৰ এজন প্ৰতিশ্ৰুতিসম্পন্ন যুৱ নেতা।

উল্লেখ্য যে যোৱা ২৬ আগষ্টত কোভিডত আক্ৰান্ত হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক গুৱাহাটী  চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত প্লাজমা প্ৰদান কৰা হৈছিল। ইয়াৰ পিছতে কোভিডৰ পৰা মুক্ত হৈ স্বাস্থ্যৰ অৱস্থা উন্নত হোৱাত জিএমচিএইচৰ পৰা যাবলৈ দিয়া হৈছিল।

কিন্তু হঠাতে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ স্বাস্থ্যৰ পুনৰ অৱনতি ঘটাত তেওঁ পুনৰ জিএমচিএইচত পুনৰ ভৰ্তি কৰোৱা হয়।

ৰাজনৈতিক জীৱন :-

ছাত্ৰাৱস্থাৰ পৰাই সামাজিক কামত জড়িত তৰুণ গগৈয়ে পিছলৈ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰি সক্ৰিয় তথা সংসদীয় ৰাজনীতিত অংশগ্ৰহণ কৰে।

প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে মুঠ ছটা কাৰ্যকাল লোকসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

১৯৭১ চনত প্ৰথমবাৰ যোৰহাট লোকসভাৰ সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হোৱাৰ পূৰ্বে তৰুণ গগৈয়ে যোৰহাট পৌৰসভালৈও নিৰ্বাচিত হৈছিল।

১১৭১ চনৰ লগতে ১৯৭৭ চন আৰু ১৯৮৩ চনতো তৰুণ গগৈয়ে যোৰহাট লোকসভা সমষ্টিৰ পৰা সংসদলৈ নিৰ্বাচিত হৈছিল।

ইয়াৰ পিছত ১৯৯১ চনত কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা তৰুণ গগৈয়ে লোকসভালৈ নিৰ্বাচিত হয় আৰু প্ৰথমে পি ভি নৰসিং ৰাও কেন্দ্ৰীয় মন্ত্ৰীসভাৰ খাদ্য বিভাগৰ ৰাজ্যিক(স্বতন্ত্ৰ) কেন্দ্ৰীয় মন্ত্ৰী আৰু পিছলৈ খাদ্য প্ৰস্তুতকৰণ উদ্যোগ বিভাগৰো স্বতন্ত্ৰ মন্ত্ৰীৰ দায়িত্ব লাভ কৰে।

২০০১ চনত অসমৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱালৈকে তৰুণ গগৈয়ে কলিয়াবৰ লোকসভাৰ সমষ্টিৰ সাংসদ হিচাপে দীৰ্ঘকাল কাৰ্যনিৰ্বাহ কৰিছিল।

২০০১ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত অসম গণ পৰিষদৰ নেতৃত্বাধীন প্ৰফুল্ল  কুমাৰ মহন্তৰ চৰকাৰ ওফৰাই কংগ্ৰেছ দলে তৰুণ গগৈৰ নেতৃত্বত চৰকাৰ গঠন কৰে।

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বিধ্বস্ত কৰি থৈ যোৱা অসমৰ চৰকাৰী প্ৰশাসনীয় ব্যৱস্থাটো সুস্থিৰ কৰাত মনোনিৱেশ কৰা তৰুণ গগৈয়ে ইয়াৰ পৰৱৰ্তী ২০০৬ চনতো অসমৰ মুখ্যমন্ত্ৰী পদত পুনৰ অধিষ্ঠিত হয়।

ইয়াৰ পিছত ২০১১ চনৰ অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচনতো কংগ্ৰেছ দলে বিজয়ী হৈ চৰকাৰ গঠন কৰে আৰু তৰুণ গগৈ অসমৰ ইতিহাসত একেৰাহে তৃতীয়বাৰ মুখ্যমন্ত্ৰী হোৱা প্ৰথম গৰাকী মুখ্যমন্ত্ৰীৰ অভিলেখ স্থাপন কৰে।

আনহাতে ২০১৬ চনত অসমৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ প্ৰতি উঠা অধিষ্ঠানবিৰোধী ঢৌ আৰু বিসম্বাদত জৰ্জৰিত কংগ্ৰেছ চৰকাৰৰ পতন ঘটে আৰু তৰুণ গগৈৰ সুদীৰ্ঘ ১৫ বছৰীয়া মুখ্যমন্ত্ৰিত্বৰো অৱসান ঘটে।

ইয়াৰ মাজতে তৰুণ গগৈয়ে ১৯৯৬ চনত দুবছৰীয়া কাৰ্যকালৰ বাবে অসমৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈছিল। পিছত ২০০১ চনৰ পৰা তৰুণ গগৈয়ে মৃত্যু পৰ্যন্ত যোৰহাটৰ তিতাবৰ বিধানসভা সমষ্টিৰ পৰা একেৰাহে অসম বিধানসভালৈ নিৰ্বাচিত হৈ আছিল।

দলীয় দায়িত্ব

কংগ্ৰেছ দলৰ একনিষ্ঠ সেৱক তৰুণ গগৈয়ে ১৯৭৬ চনত প্ৰথমবাৰ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ যুটীয়া সম্পাদকৰ দায়িত্ব লাভ কৰে। ইয়াৰ পিছত ১৯৮৩ চনত বিভক্ত ইন্দিৰা কংগ্ৰেছৰ সৰ্বভাৰতীয় যুটীয় সম্পাদকৰ দায়িত্ব আৰু ১৯৮৫ চনত সাধাৰণ সম্পাদকৰ দায়িত্ব লাভ কৰে।

১৯৮৬ চনৰপৰা ১৯৯০ চনলৈ কংগ্ৰেছ(ই)ৰ অসম প্ৰদেশ কমিটিৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰে তৰুণ গগৈয়ে। ১৯৯৬ চনত দ্বিতীয়বাৰৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্ব লাভ কৰা তৰুণ গগৈয়ে প্ৰথমবাৰ অসমৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ সময়লৈকে এই দায়িত্বত আছিল।

অন্যান্য দায়িত্ব

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কেন্দ্ৰীয় চৰকাৰৰ কেবাখনো কমিটিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

তেওঁ কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা কমিটি, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ৰ পৰমৰ্শদাতা কমিটি, ৰে’লৱে আদি কমিটিৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুৱে ৰাজ্যবাসীক শোকস্তব্ধ কৰি তুলিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমত আপত্তি, ৩০ লাখৰ ঋণ! প্ৰেমিকৰ সৈতে মিলি পিতৃ-মাতৃ আৰু ভগ্নীক হত্যা কৰি পলায়ন যুৱতীৰ

প্ৰেমত আপত্তি, ৩০ লাখৰ ঋণ! প্ৰেমিকৰ সৈতে মিলি পিতৃ-মাতৃ আৰু ভগ্নীক হত্যা কৰি পলায়ন যুৱতীৰ

June 23, 2026 1:43 pm
জুবিন গাৰ্গৰ গোচৰত শ্যামকানু মহন্তৰ জামিন আবেদন; অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

জুবিন গাৰ্গৰ গোচৰত শ্যামকানু মহন্তৰ জামিন আবেদন; অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

June 23, 2026 12:59 pm
আমেৰিকাৰ প্ৰখ্যাত অৰ্থনীতিবিদ এলান গ্ৰীণস্পেনৰ ১০০ বছৰ বয়সত দেহাৱসান

আমেৰিকাৰ প্ৰখ্যাত অৰ্থনীতিবিদ এলান গ্ৰীণস্পেনৰ ১০০ বছৰ বয়সত দেহাৱসান

June 23, 2026 12:26 pm
যুদ্ধত ইজৰাইলক সহায় আৰু অপপ্ৰচাৰ! ইৰাণত দেশদ্ৰোহৰ অভিযোগত ৩৩০০ নাগৰিকক গ্ৰেপ্তাৰ

যুদ্ধত ইজৰাইলক সহায় আৰু অপপ্ৰচাৰ! ইৰাণত দেশদ্ৰোহৰ অভিযোগত ৩৩০০ নাগৰিকক গ্ৰেপ্তাৰ

June 23, 2026 11:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমত আপত্তি, ৩০ লাখৰ ঋণ! প্ৰেমিকৰ সৈতে মিলি পিতৃ-মাতৃ আৰু ভগ্নীক হত্যা কৰি পলায়ন যুৱতীৰ

প্ৰেমত আপত্তি, ৩০ লাখৰ ঋণ! প্ৰেমিকৰ সৈতে মিলি পিতৃ-মাতৃ আৰু ভগ্নীক হত্যা কৰি পলায়ন যুৱতীৰ

June 23, 2026 1:43 pm
জুবিন গাৰ্গৰ গোচৰত শ্যামকানু মহন্তৰ জামিন আবেদন; অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

জুবিন গাৰ্গৰ গোচৰত শ্যামকানু মহন্তৰ জামিন আবেদন; অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

June 23, 2026 12:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd