বিহাৰ বিধানসভাৰ প্ৰথম দিনটোত সোমবাৰে জনপ্ৰতিনিধিসকলে শপত গ্ৰহণ কৰাৰ সময়ত এগৰাকী বিধায়কে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। বাকী বিধায়কসকলে বিভিন্ন ভাষাত শপত গ্ৰহণ কৰে যদিও কংগ্ৰেছৰ মুছলমান বিধায়ক গৰাকীয়ে সংস্কৃতত শপত লয়। তেওঁ পাছত এয়া বিজেপিলৈ এক বাৰ্তা বুলি জানিবলৈ দিয়ে।
দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী ছাকিল আহমেদ খানে সংস্কৃতত শপত গ্ৰহণ কৰে।
ৰাজ্যখনৰ কছবা বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈছে বিধায়কগৰাকী।
তেওঁ কয় যে ভাৰতৰ সংস্কৃতি ইমান সুন্দৰ আৰু সকলো ভাষাৰ উৎপত্তিতো সংস্কৃতৰ পৰাই হৈছে। সেয়েহ, বিজেপি আৰু এআইএমআইএমক সংস্কৃতিৰ পাঠ শিকোৱাৰ বাবে তেওঁ সংস্কৃতত শপত লোৱা বুলি কংগ্ৰেছ বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে।
আনহাতে, এআইএমআইএমৰবিধায়ক আখতাৰুল ইমামে উৰ্দুত শপত লয়। অৱশ্যে, তেওঁ ভাৰতৰ সলনি হিন্দুস্তান শব্দটো ব্যৱহাৰ কৰে।
বিহাৰ বিধানসভাত জনপ্ৰতিনিধিসকলে বিভিন্ন ভাষাত শপত লয়। মিথিলা অঞ্চলৰ সকলো বিধায়কে মৈথিলী ভাষাত শপত গ্ৰহণ কৰে।
বিহাৰ বিধানসভালৈ এইবাৰ প্ৰায় এশজনৰ ওপৰত নতুন সদস্য নিৰ্বাচিত হৈছে। ৰাজ্য বিধানসভাত ৭৫খন আসনেৰে একক বৃহত্তম দল হৈছে আৰজেডি। আনহাতে, বহু কম আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইয়ো ৭৪খন লাভ কৰিছে বিজেপিয়ে।
বিহাৰ বিধানসভাৰ ২৪৩গৰাকী বিধায়ক ভিতৰত ১২৫গৰাকী বিধায়কৰ নীতিশ কুমাৰৰ প্ৰতি সমৰ্থন আছে।