• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত উপায়ুক্তৰ অধ্যক্ষতাত অসম তাই যাদুঘৰৰ উন্নয়নৰ সম্পৰ্কে সভা সম্পন্ন

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
November 25, 2020 7:39 pm
IMG-20201125-WA0007
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈৰ অধ্যক্ষতাত জিলাখনত অৱস্থিত অসম তাই যাদুঘৰৰ উন্নয়নৰ সন্দৰ্ভত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাপনা সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰাৰ উদ্দেশ্যে আজি এখন সভা অনুষ্ঠিত হয়।

উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত অনুষ্ঠিত এই সভাত উপায়ুক্তগৰাকীয়ে তাই যাদুঘৰৰ কাম-কাজ তদাৰক কৰাৰ বাবে অতিৰিক্ত উপায়ুক্ত দীপক ভূঞাক দায়িত্ব অৰ্পণ কৰে। লগতে উপায়ুক্তগৰাকীয়ে তাই যাদুঘৰৰ উন্নয়নৰ বাবে গ্রহণ কৰিবলগীয়া প্ৰাৰম্ভিক কাম-কাজসমূহ অতি শীঘ্ৰে আৰম্ভ কৰাৰ বাবেও অতিৰিক্ত উপায়ুক্তগৰাকীক আহ্বান জনায়।

Apply Now

উল্লেখযোগ্য যে, যোৱা ১৮ নৱেম্বৰ তাৰিখে অসম চৰকাৰৰ স্বাস্থ্য, শিক্ষা, বিত্ত আদি বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰ জিলাত উপস্থিত হৈ শিৱসাগৰ নগৰৰ বৰপুখুৰী পাৰত অৱস্থিত তাই যাদুঘৰ পৰিদৰ্শন কৰিছিল।

তাই যাদুঘৰ পৰিদৰ্শন কৰি মন্ত্ৰী গৰাকীয়ে তাই যাদুঘৰক সময়োপযোগী হোৱাকৈ আধুনিকভাৱে আৰু আটকধুনীয়াকৈ সজাই পৰাই তোলাৰ বিষয়ে ঘোষণা কৰি এলানি পদক্ষেপ গ্ৰহণ কৰাৰ বাবে জিলা প্ৰশাসনক পৰামৰ্শ দিছিল।

মন্ত্ৰীগৰাকীৰ পৰামৰ্শ অনুসৰি তাই যাদুঘৰৰ সাম্প্ৰতিক সমস্যাসমূহ সমাধানৰ বাবে বিহীত ব্যৱস্থা গ্রহণৰ বিষয়ে আজিৰ সভাত আলোচনা কৰা হয়।

সভাত তাই যাদুঘৰৰ বিদ্যুতৰ সমস্যা অতিশীঘ্ৰে সমাধানৰ লগতে যথাযথ পোহৰৰ ব্যৱস্থা কৰাৰ বাবে জিলা উপায়ুক্তগৰাকীয়ে অতিৰিক্ত উপায়ুক্ত ভূঞাক নিৰ্দেশ দিয়ে। ইয়াৰ লগতে যাদুঘৰ প্ৰাংগণৰ চাফাইকৰণ আৰু উদ্যানৰ উন্নীতকৰণৰ বাবেও তেওঁ আহ্বান জনায়।

উপায়ুক্তগৰাকীয়ে তাই যাদুঘৰত প্ৰদৰ্শনৰ সামগ্ৰী বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি জিলাখনত বিভিন্ন লোকৰ ওচৰত মজুত আৰু সংগৃহীত হৈ থকা ঐতিহাসিক সমল তথা সামগ্ৰীসমূহৰ তালিকা প্ৰস্তুত কৰিবলৈ ৰাজহ চক্ৰ বিষয়াসকল, খণ্ড উন্নয়ন বিষয়াসকলৰ লগতে গাঁওবুঢ়াসকলক দায়িত্ব প্ৰদান কৰাৰ কথা ঘোষণা কৰে।

এই সমূহ সামগ্ৰী তাই যাদুঘৰৰ বাবে আহৰণৰ বাবে এক পৰিকল্পিত ব্যৱস্থা ঘোষণা কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে।

সভাত বিত্ত মন্ত্ৰীৰ নিৰ্দেশ মৰ্মে তাই যাদুঘৰৰ উন্নীতকৰণৰ যাৱতীয় কাম-কাজসমূহ আৰম্ভ কৰাৰ উদ্দেশ্যে প্ৰয়োজনীয় পুঁজি আবন্টন আৰু অনুমোদনৰ বাবে চৰকাৰৰ ওচৰত প্ৰস্তাৱ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সভাত তাই যাদুঘৰৰ কাম কাজ তদাৰক কৰাৰ উদ্দেশ্যে তাই যাদুঘৰ পৰিচালনা সমিতিৰ বৈঠক প্ৰতি তিনি মাহৰ মূৰে মূৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

আজিৰ সভাত তাই যাদুঘৰৰ সাংস্কৃতিক উন্নয়ন বিষয়া যজ্ঞেশ্বেৰ কুমাৰ গগৈ, জিলা সাংস্কৃতিক উন্নয়ন বিষয়া অংশুমান দত্তৰ লগতে তাই যাদুঘৰৰ উপদেষ্টা সমিতিৰ সদস্য সকল উপস্থিত থাকে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd