আকৌ এগৰাকী পৰমাণু বিজ্ঞানীৰ ৰহস্যজনকভাৱে মৃত্যু ঘটিছে। ইয়াৰ পূৰ্বেও বিশ্বৰ বহুতো পৰমাণু বিজ্ঞানীয়ে ৰহস্যজনক মৃত্যুক আকোঁৱালি ল’বলগীয়া হৈছে। এইবাৰ পুনৰ এনে এক ৰহস্যজনক আক্ৰমণৰ ঘটনাত নিহত হৈছে ইৰানৰ এগৰাকী পৰমাণু বিজ্ঞানীৰ।
ইৰানৰ আটাইতকৈ জ্যেষ্ঠ বিজ্ঞানী মহছিন ফখৰিয়াদৰ তেহৰাণৰ ওচৰত আততায়ীৰ হাতত নিহত হয়।
দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে জানিবলৈ দিয়ে যে দামাভান্দ অঞ্চলত সংঘটিত আক্ৰমণৰ পাছত ফখৰিয়াদৰ হাস্পাতলত মৃত্যু ঘটে।
বাতৰি অনুসৰি, আততায়ীসকলে প্ৰথমতে ফখৰিয়াদৰ গাড়ীলৈ লক্ষ্য কৰি বোমা নিক্ষেপ কৰে আৰু তাৰপাছত গুলী চলায়।
ইৰানৰ পৰমাণু কাৰ্যসূচীৰ মূল বিজ্ঞানী ফখৰিয়াদে দেশখনৰ পাৰমানৱিক অস্ত্ৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। কূটনীতিকসকলে তেওঁক ‘ইৰানত বোমাৰ জনক’ বুলি অভিহিত কৰিছিল।
এই ঘটনাক ইৰানৰ বিদেশ মন্ত্ৰী মহম্মদ জাভাদ য়াৰিফে ‘সন্ত্ৰাসবাদীৰ আক্ৰমণ’ বুলি উল্লেখ কৰিছে আৰু এই ঘটনাত ইজৰাইল জড়িত থকাৰ ইংগিত দিছে।
ইৰানত ইউৰেনিয়াম উৎপাদন বৃদ্ধি কৰা বুলি নতুনকৈ সৃষ্টি হোৱা আশংকাৰ মাজতে এই হত্যাৰ ঘটনা ঘটিছে।
উল্লেখ্য যে ২০১৮চনৰ মে’ত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যেহুৱে ইৰানৰ পৰমাণু কাৰ্যসূচী সম্পৰ্কীয় এক বক্তৃতাত মহছিন ফখৰিয়াদে ইৰানৰ গোপন পৰমাণু কাৰ্যসূচীৰ নেতৃত্ব দিয়াৰ কথা উল্লেখ কৰিছিল।