ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই (আৰ বি আই) ডিচেম্বৰ মাহত বেংকৰ কামকাজ বন্ধ থাকিবলগীয়া দিনৰ কথা প্ৰকাশ কৰিছে।
চলিত বৰ্ষৰ অন্তিমটো মাহত মুঠ ১১দিন বেংক বন্ধ থাকিব।
আনহাতে, ৰাজ্যভেদে বেংকৰ বন্ধসমূহ সলনি হ’ব পাৰে কিয়নো সকলো বেংক প্ৰতিষ্ঠানে সকলো উৎসৱ পালন নকৰে।
ডিচেম্বৰ মাহত খ্ৰীষ্টমাছৰ বাহিৰেও আন বহুতো ৰাজ্যভেদে আঞ্চলিক বন্ধৰ দিন আছে।
ডিচেম্বৰত দ্বিতীয় শনিবাৰ আৰু চতুৰ্থ শনিবাৰ বেংকৰ নিয়মীয়া বন্ধৰ দিন হিচাপে থাকিব।
সেইদৰে, ১২ ডিচেম্বৰ দ্বিতীয় শনিবাৰ আৰু ২৬ ডিচেম্বৰ চতুৰ্থ শনিবাৰৰ বন্ধ থাকিব।
ডিচেম্বৰত বেংকৰ বন্ধৰ তালিকা :
- ১ ডিচেম্বৰত হায়দৰাবাদত বৃহৎ হায়দৰাবাদ মহানগৰ পালিকাৰ সাধাৰণ নিৰ্বাচনৰ বাবে বন্ধ।
- ৩ ডিচেম্বৰত পানাজী, বাংগালুৰুত কনকদাস জয়ন্তী/ছেন্ট ফ্ৰান্সিছ জেভিয়াৰ দিৱস।
- ১২ ডিচেম্বৰত শ্বিলঙত পা-টগান নেংমিনজা ছাংমা।
- ১৭ ডিচেম্বৰত গেংটকত লোছুং/নামছুং।
- ১৮ ডিচেম্বৰত গেংটক, শ্বিলঙত য়ু ছছো থামৰ মৃত্যু তিথি/লোছুং/নামছুং।
- ১৯ ডিচেম্বৰত পানাজীত গোৱা মুক্তি দিৱস।
- ২৪ ডিচেম্বৰত খ্ৰীষ্টমাছ উৎসৱ।
- ২৫ডিচেম্বৰত খ্ৰীষ্টমাছ।
- ২৬ডিচেম্বৰত খ্ৰীষ্টমাছ উৎসৱ।
- ৩০ ডিচেম্বৰত শ্বিলঙত উ কিয়ং নংগৱাহ।
- ৩১ডিচেম্বৰত নৱবৰ্ষ উদযাপন