• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সমীপৰ ৰেছ কোৰ্ছ মছজিদ ৬ দিনৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ চৰকাৰৰ

এন ডি এম চিৰ ঐতিহ্য তালিকাত থকা মছজিদটো ৰক্ষাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ হস্তক্ষেপ বিচাৰিলে জমিয়ত উলেমা-এ-হিন্দে।

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 21, 2026 1:44 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন দিল্লীস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰী বাসগৃহৰ সমীপত অৱস্থিত ৰেছ কোৰ্ছ মছজিদ ৬ দিনৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে। যোৱা ১৯ অক্টোবৰত কেন্দ্ৰীয় ভূমি আৰু উন্নয়ন কাৰ্যালয়ে মছজিদটোক ‘অননুমোদিত’ আৰু চৰকাৰী মাটিত নিৰ্মিত বুলি দাবী কৰি এই জাননী জাৰি কৰে। উল্লেখযোগ্য যে নতুন দিল্লী পৌৰ পৰিষদৰ ৱেবছাইটত এই মছজিদটোক ঐতিহ্যমণ্ডিত সম্পত্তিৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

 

Apply Now

‘দ্য ট্ৰিবিউন’ৰ এক প্ৰতিবেদন অনুসৰি, ৭ অক্টোবৰতে মছজিদটোৰ বিদ্যুৎ আৰু পানীৰ যোগান কৰ্তন কৰা হৈছিল, যাৰ ফলত তাত নামাজ পঢ়িবলৈ অহা লোকসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। এই পৰিস্থিতিত মছজিদ আৰু ইয়াৰ সমীপৰ কবৰস্থানখন ৰক্ষা কৰাৰ উদ্দেশ্যে জমিয়ত উলেমা-এ-হিন্দে কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৰ হস্তক্ষেপ দাবী কৰিছে। সংগঠনটোৰ প্ৰতিনিধি মহম্মদ হাকিমুদ্দিন কাচমীয়ে মন্ত্ৰীগৰাকীক এখন স্মাৰকপত্ৰ প্ৰদান কৰিছে, য’ত উল্লেখ কৰা হৈছে যে ১৯৭৭ চনৰ দিল্লী গেজেট আৰু এন ডি এম চিৰ ঐতিহ্য তালিকাত এই মছজিদটোৰ নাম সন্নিৱিষ্ট আছে। আইনী বিবাদ নিষ্পত্তি নোহোৱালৈকে মছজিদটো উচ্ছেদ নকৰিবলৈ আহ্বান জনোৱা সংগঠনটোক মন্ত্ৰী ৰিজিজুৱে বিষয়টোক লৈ ‘যথা সম্ভৱ প্ৰয়াস’ কৰাৰ আশ্বাস দিছে।

 

আনহাতে, মছজিদটোৰ ইমামী মহম্মদ হাৰুনে এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে দিল্লী ৱাকফ ব’ৰ্ডৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁৰ মতে, যোৱা ছমাহ ধৰি তেওঁ ব’ৰ্ডক এই বিষয়টো অৱগত কৰি আহিছে যদিও ব’ৰ্ডে এন ডি এম চিলৈ পত্ৰ প্ৰেৰণ কৰাৰ বাহিৰে আন কোনো ফলপ্ৰসূ আইনী পদক্ষেপ গ্ৰহণ কৰা নাই। আনকি মছজিদলৈ যোৱা পথটো বন্ধ কৰি দিয়াৰ ফলত পানী অনাৰ ক্ষেত্ৰতো দুৰ্ভোগ ভুগিবলগীয়া হৈছে। ইমামীগৰাকীয়ে দাবী কৰে যে ২০২১ চনৰ এক জৰীপতো মছজিদটোক অননুমোদিত বা বেদখল বুলি কোৱা হোৱা নাছিল। ব’ৰ্ডে নিজে আদালতৰ কাষ নচপাৰ লগতে তেওঁকো আইনী ব্যৱস্থা গ্ৰহণৰ অনুমতি নিদিয়া বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে।

 

উল্লেখ্য যে প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সমীপৰ ৰেছ কোৰ্ছ ৰোড এলেকাত চলি থকা ব্যাপক উচ্ছেদ অভিযানৰ অংশ হিচাপেই মছজিদৰ এই বিষয়টো পোহৰলৈ আহিছে। যোৱা ১৯ অক্টোবৰত দিল্লী উচ্চ ন্যায়ালয়ে উক্ত এলেকাৰ বস্তি অঞ্চল উচ্ছেদৰ অনুমতি প্ৰদান কৰিছিল। উচ্ছেদিত লোকসকলক প্ৰায় ৪৫ কিলোমিটাৰ দূৰৈৰ চাৱদা ঘেৱৰা অঞ্চলত শিক্ষা আৰু যাতায়াতৰ সুবিধাৰে সৈতে পুনৰ্সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আপোনালোক জেন-জি নহয়, আন্দোলনৰ প্ৰকৃত উদ্দেশ্য কি?’ চিজেপি নেতাক প্ৰশ্ন দিল্লী উচ্চ ন্যায়ালয়ৰ

‘আপোনালোক জেন-জি নহয়, আন্দোলনৰ প্ৰকৃত উদ্দেশ্য কি?’ চিজেপি নেতাক প্ৰশ্ন দিল্লী উচ্চ ন্যায়ালয়ৰ

October 21, 2026 2:37 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সমীপৰ ৰেছ কোৰ্ছ মছজিদ ৬ দিনৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ চৰকাৰৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সমীপৰ ৰেছ কোৰ্ছ মছজিদ ৬ দিনৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ চৰকাৰৰ

October 21, 2026 1:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd