গড়কাপ্তানী বিভাগ আৰু জিলা প্ৰশাসনৰ হেমাহিৰ ফলত দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকা বৰপেটা জিলাৰ এটা পথৰ মেৰামতি তথা পুনৰ নিৰ্মাণৰ দাবীত আজি পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।
বৰপেটা জিলাৰ হাউলীৰ পৰা জনিয়ালৈ যোৱা পথটো পুনৰ নিৰ্মাণৰ দাবীত এই পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ খণ্ডকাৰপাৰা আঞ্চলিক সমিতিয়ে।
দিনৰ প্ৰায় ৯ বজাৰ পৰা ১১ বজালৈকে গ্ৰহণ কৰা এই পথ অৱৰোধ কাৰ্যসূচীত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰি উত্তাল কৰি তোলে ৰাজপথ।
উল্লেখযোগ্য যে, বছৰ বছৰ ধৰি মেৰামতি নকৰাৰ ফলতেই জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে হাউলী-জনিয়া পথছোৱাই। কৃষক মুক্তিৰ খণ্ডকাৰপাৰা আঞ্চলিক সমিতিৰ উদ্যোগত আজি সহস্ৰাধিক লোকে জনিয়া সমষ্টিৰ অন্তৰ্গত চালটা বজাৰৰ পৰা সমদল কৰি হাউলী অভিমুখে ৰাওনা হয়। ইয়াৰ পিছতে সমদলটোৱে চতুৰ্থ আৰক্ষী বেটেলিয়নৰ কাৰ্যালয়ৰ সমীপত হাতীজানা দলঙৰ ওপৰত সমদলকাৰীসকলে প্ৰায় দুঘণ্টা ধৰি পথটো অৱৰোধ কৰে। এই সময়ছোৱাত অৱৰোধকাৰীসকলে অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ মুৰ্দাবাদ, গড়কাপ্তানী বিভাগ হায় হায়, মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ কাম নাই আদি বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে পৰিৱেশ।
প্ৰায় দুঘণ্টা ধৰি পথটো অৱৰোধ কৰাৰ পিছত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিয়ে বৰপেটা উপায়ুক্ত, জনিয়া সমষ্টিৰ বিধায়ক, বৰপেটা সমষ্টিৰ বিধায়ক, গড়কাপ্তানী বিভাগৰ কাৰ্যবাহী অভিযন্তা, ভৱানীপুৰ খণ্ড উন্নয়ন বিষয়ালৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।
স্মাৰকপত্ৰখনৰ জৰিয়তে অতিশীঘ্ৰে জৰাজীৰ্ণ হাউলী-জনিয়া পথটো পুনৰ নিৰ্মাণ কৰাৰ দাবী উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ খণ্ডকাৰপাৰা আঞ্চলিক সমিতিয়ে।
আজিৰ এই পথ অৱৰোধ কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতি, বৰপেটা জিলা সমিতিৰ সাধাৰণ সম্পাদক কাজি নাজিমুল হক, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলাৰ সভাপতি ৰেজ্জাক খানৰ লগতে সংগঠন দুটাৰ বহু সংখ্যক নেতা উপস্থিত থাকে।