• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এনৰেগা আঁচনিৰ বৃহৎ পৰিমাণৰ ধন সৰকাইছিল প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে : হুছেইনৰ সম্পত্তিৰ তালিকাক লৈ চি বি আই তদন্ত দাবী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 14, 2018 8:05 am
Krishak_Shramik

কৃষক-শ্ৰমিক উন্নয়ন পৰিষদ আৰু গৰীয়া-মৰীয়া যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা কেইদিনমান পূৰ্বে এজন জ্যেষ্ঠ কংগ্ৰেছী অনিল ৰাজাই দলটোৰ আন এজন নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ৰ বিৰুদ্ধে দুৰ্নীতিৰ ধনেৰে সম্পত্তিৰ পাহাৰ গঢ়া বুলি অভিযোগ অনাৰ পিছত এই বিষয়টোক লৈ  কৃষক-শ্ৰমিক উন্নয়ন পৰিষদ আৰু গৰীয়া-মৰীয়া যুৱ ছাত্ৰ পৰিষদে যৌথভাৱে ১৩ মাৰ্চত গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেলৰ আয়োজন কৰে।

এই সংবাদমেলত দুয়োটা সংগঠনৰ নেতৃবৃন্দ ৰকিবুল হুছেইনৰ বিৰুদ্ধে সৰৱ হৈ পৰাৰ লগতে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ সম্পত্তিৰ তালিকাক লৈ চি বি আই তদন্ত দাবী কৰে দুয়োটা সংগঠনে।

Apply Now

কৃষক-শ্ৰমিক উন্নয়ন পৰিষদৰ ৰাজ্যিক সভাপতি প্ৰদীপ কলিতাই কৰা অভিযোগ অনুসৰি ৰকিবুল হুছেইন বিভিন্ন দপ্তৰৰ মন্ত্ৰী হৈ থকা সময়ত ব্যপক দুৰ্নীতিত লিপ্ত হৈ বৃহৎ পৰিমাণৰ সম্পত্তিৰ অধিকাৰী হৈ পৰিল।

তেওঁৰ ৰকিবুল হুছেইনৰ বিৰুদ্ধে মন্তব্য কৰি কয়, ‘’মন্ত্ৰী হোৱাৰ আগেয়ে ৰকিবুল হুছেইনৰ পিতৃৰ নগাওঁ চহৰৰ মাজমজিয়াত এটা গৃহৰ বাহিৰে অন্য সম্পত্তি নাছিল। এনে পৰিপ্ৰেক্ষিতত তেওঁ মন্ত্ৰী হোৱাৰ পিছত কেনেকৈ হাজাৰ বিঘা মাটিৰ  অধিকাৰী হ’ল।‘’

তাৎপৰ্য্যপূৰ্ণভাৱে সভাপতিজনে ৰকিবুল হুছেইন নগাওঁ জিলাৰ আধাভাগ সম্পত্তিৰ গৰাকী বুলি সদৰী কৰি কয়, ‘’নগাওঁ জিলাৰ এম জি এনৰেগা আঁচনিৰ অধীনত ৮৪ কোটি টকা ধন আবণ্টন হৈছিল আৰু জনসাধাৰণক দেখুৱাই সেইখিনি ধন পঞ্চায়তত বিতৰণ কৰে যদিও গোপনীয়ভাৱে এই ধনখিনি পঞ্চায়তৰ সভাপতিসকলক দাবী কৰি ঘূৰাই লৈ আহে।‘’

আনহাতে এই পঞ্চায়তত হৈ থকা কেলেংকাৰিৰ বিৰুদ্ধে ২০১৩ চনত আন্দোলনৰ কাৰ্য্যসূচী হাতত লোৱা হৈছিল বুলিও প্ৰদীপে মন্তব্য কৰে।

তেওঁ কয় ‘’এই দুৰ্নীতিৰ পৰা মুক্ত হ’বলৈ তথা মোৰ প্ৰতিবাদী কন্ঠ ৰোধ কৰিবলৈ চামগুৰি থানাত গোচৰ ৰুজো কৰিছিল।‘’

তাৰোপৰি সমগ্ৰ অসমত সেই সময়ত এম জি এনৰেগা আঁচনিত ২৫০০ কোটি টকাৰ কেলেংকাৰি সংঘটিত হৈ থকা বুলি মন্তব্য কৰি কয় ‘’এই কেলেংকাৰি বন্ধ কৰাৰ দাবীত ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ আন্দোলনৰ কাৰ্য্যসূচী হাতত লৈছিলো। হাজাৰ হাজাৰ কৃষক-শ্ৰমিকে এই আন্দোলনত সমৰ্থন জনাই পথ-অবৰোধ কাৰ্য্যসূচীও ৰূপায়ণ কৰিছিলো। সেই আন্দোলন বন্ধ কৰিবৰ বাবে ৰকিবুল হুছেইনে মোৰ বিৰুদ্ধে দিচপুৰ থানাত এক গোচৰ ৰুজো কৰিছিল।‘’

আনহাতে তেওঁ বৰ্তমান দুৰ্নীতিত লিপ্ত হৈ গ্ৰেপ্তাৰ হোৱা ব্লক-পঞ্চায়তৰ বিষয়া-কৰ্মচাৰীসকলৰ মূল নায়ক প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন বুলি দাবী জনায়।

তেওঁৰ মতে ‘’ৰকিবুল হুছেইনৰ নিৰ্দেশতে ব্লক-পঞ্চায়তৰ বিষয়াসকল কেলেংকাৰিত জড়িত হৈছিল আৰু কমিশ্যন লাভৰ অংকত দৌৰি আছিল। তেওঁলোকক গ্ৰেপ্তাৰ কৰাতকৈ চৰকাৰে মূল নায়কক গ্ৰেপ্তাৰ কৰক।‘’

তদুপৰি তেওঁ ৰকিবুল হুছেইন বন মন্ত্ৰী হৈ থকা সময়ত আফতাবুদ্দিন নামৰ নগাঁৱৰ বন বিষয়াজন ১৪ বছৰ কাল ডি এফ অ’ৰ পদত কাৰ্য্যনিৰ্বাহ কৰি থকা বুলি এক গুৰুতৰ অভিযোগ তোলে।

আনহাতে সেই একেখন সংবাদমেলতে উপস্থিত থকা গৰীয়া-মৰীয়া যুৱ ছাত্ৰ পৰিষদৰ সভাপতি মইনুল হকে কয়, ‘’প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ একালৰ সতীৰ্থ অনিল ৰাজাই মন্ত্ৰীগৰাকীয়ে দুৰ্নীতিৰ ধনেৰে পাহাৰ গঢ়া বুলি বিস্ফোৰক অভিযোগ অনাৰ পিছতো বৰ্তমানৰ চৰকাৰখনে ৰকিবুল হুছেইনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আমি সন্দিহান হৈ পৰিছো।‘’

তাৎপৰ্য্যপূৰ্ণভাৱ ৰকিবুল হুছেইন আৰু সৰ্বানন্দ সোণোৱালৰ মাজত ভিতৰুৱা গোপন বুজা-বুজি থকা বুলি অভিযোগ তুলি মন্তব্য কৰে যে ‘’কংগ্ৰেছৰ ক’ৰ কমিটীৰ সভাত স্বীকাৰ কৰিছিল যে তেওঁৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰাৰ সাহস চৰকাৰৰ নাই। দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰা সৰ্বানন্দ সোণোৱালে ৰকিবুল হুছেইনক সুৰক্ষা প্ৰদান কৰাটোহে দৃষ্টিগোচৰ হৈছে।‘’

ইয়াৰোপৰি মকবুল আৰু প্ৰদীপ দুয়োজনে বিজেপি চৰকাৰক এই ক্ষেত্ৰত নীৰৱ ভূমিকা গ্ৰহণ নকৰি দুৰ্নীতিত লিপ্ত থকা প্ৰাক্তন মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে চি বি আইৰ তদন্ত দিবলৈ দাবী কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সময় ৰাইনাৰ শ্ব’ক সমালোচনা অভিজিৎ দিপকেৰ: ক’লে ‘প্ৰিভিলেজড’ , ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া

সময় ৰাইনাৰ শ্ব’ক সমালোচনা অভিজিৎ দিপকেৰ: ক’লে ‘প্ৰিভিলেজড’ , ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া

June 30, 2026 6:03 pm
১২৬ বছৰৰ ভিতৰত পঞ্চমটো আটাইতকৈ খৰাং জুন মাহ, বৰষুণৰ অভাৱত চিন্তাত কৃষক

১২৬ বছৰৰ ভিতৰত পঞ্চমটো আটাইতকৈ খৰাং জুন মাহ, বৰষুণৰ অভাৱত চিন্তাত কৃষক

June 30, 2026 5:42 pm
এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

June 30, 2026 3:14 pm
পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

June 30, 2026 1:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সময় ৰাইনাৰ শ্ব’ক সমালোচনা অভিজিৎ দিপকেৰ: ক’লে ‘প্ৰিভিলেজড’ , ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া

সময় ৰাইনাৰ শ্ব’ক সমালোচনা অভিজিৎ দিপকেৰ: ক’লে ‘প্ৰিভিলেজড’ , ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া

June 30, 2026 6:03 pm
১২৬ বছৰৰ ভিতৰত পঞ্চমটো আটাইতকৈ খৰাং জুন মাহ, বৰষুণৰ অভাৱত চিন্তাত কৃষক

১২৬ বছৰৰ ভিতৰত পঞ্চমটো আটাইতকৈ খৰাং জুন মাহ, বৰষুণৰ অভাৱত চিন্তাত কৃষক

June 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd