সদৌ অসম ছাত্ৰ সন্থা(আছু)ই অহা ১২ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী আইন-২০১৯ৰ বিৰুদ্ধে ৰাজ্যজোৰা প্ৰতিবাদ সাৱ্যস্ত কৰিব।
১২ ডিচেম্বৰ হৈছে আইনখন গৃহীত হোৱাৰ প্ৰথম বৰ্ষপূৰ্তিৰ দিন।
অসম তথা উত্তৰ পূৰ্বাঞ্চলত তীব্ৰ প্ৰতিবাদৰ মাজতে যোৱা ২০১৯ৰ ১১ ডিচেম্বৰত ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হৈছিল।
বিধেয়কখন ২০১৯ৰ ৯ ডিচেম্বৰতে লোকসভাত গৃহীত হৈছিল আৰু ১২ ডিচেম্বৰত ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰিছিল।
কোভিড-১৯ৰ পৰিস্থিতিৰ বাবে প্ৰতিবাদ স্তিমিত হৈ পৰিছে যদিও আছুকে ধৰি আন সংগঠনবোৰে আইনখন প্ৰত্যাহাৰ দাবী উত্থাপন কৰি আহিছে।
অহা ১২ ডিচেম্বৰত আছুৱে ৰাজ্যখনৰ সকলো জিলাতে গণ হুংকাৰ কাৰ্যসূচী ৰূপায়ন কৰিব আৰু পৰম্পৰাগত লোকবাদ্য বজাই প্ৰতিবাদ সাৱ্যস্ত কৰিব।
‘’চৰকাৰে যোৱাবছৰ কেবল এই অসম বিৰোধী আইনখন জাপি দিয়াই নহয়, লগতে বৰ্বৰতাৰে আৰক্ষীৰ নিৰ্যাতন চলাই জনসাধাৰণৰ আন্দোলনকো ধ্বংস কৰাৰ চেষ্টা চলায়। প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ৰ গুলীচালনাত স্কুলীয়া ছাত্ৰকে ধৰি পাঁচজনকৈ নিৰীহ লোক নিহত হয়। এই শ্বহীদৰ পৰিয়ালে এতিয়াও ন্যায় বিচাৰি পোৱা নাই,’’-আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়।
ছাত্ৰ সংগঠনটোৱে লগতে প্ৰতিবাদৰ সময়ত আৰক্ষীৰ গুলীত নিহত ছেম ছেফ’ৰ্ড, দীপাঞ্জল দাস, ইশ্বৰ নায়ক, আব্দুল আলিম আৰু দ্বিজেন্দ্ৰ পাংগিঙৰ ন্যায় বিচাৰৰো দাবী তুলিছে।