অসমত পৰিৱেশ ধ্বংসকাৰী পাম অইল খেতি কৰাৰ পৰিকল্পনা বন্ধ নকৰিলে অনাগত দিনত ৰাজ্যজুৰি ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি গুৰুতৰ হুংকাৰ প্ৰদান কৰিছে জীপাল কৃষক-শ্ৰমিক সংঘই। আজি দিশপুৰ প্ৰেছক্লাৱত অনুষ্ঠিত এক সংবাদমেলত সংগঠনটোৰ মুখ্য উপদেষ্টা সোণেশ্বৰ নৰহকে ধৰি অন্যান্য নেতাসকলে এই কথা স্পষ্ট কৰি দিয়ে যে ইণ্ডোনেছিয়া, মালয়েছিয়া আৰু আমাৰ চুবুৰীয়া ৰাজ্য নগালেণ্ড বা মিজোৰামত ইতিমধ্যে পাম অইল খেতিয়ে পৰিৱেশ আৰু কৃষক সমাজৰ ওপৰত পেলোৱা মাৰাত্মক প্ৰভাৱৰ বাবে এই খেতি নিষিদ্ধ কৰা হৈছে। কিন্তু আশ্চৰ্যজনকভাৱে অসম চৰকাৰে কেৱল কেইজনমান পুঁজিপতিৰ স্বাৰ্থত এই ধ্বংসাত্মক খেতি ৰাজ্যত প্ৰৱৰ্তন কৰিব বিচাৰিছে বুলি তেওঁলোকে অভিযোগ তোলে।
সংবাদমেলত অভিযোগ কৰা হয় যে কৃষিমন্ত্ৰী পীয়ূষ হাজৰিকাই অতুল বৰাই কৰিব নোৱাৰা কাম হাতত লৈ গোলাঘাট জিলাৰ মৰঙিৰ নামবৰ সংৰক্ষিত বনাঞ্চলৰ সমীপৰ বকুলি চাপৰিত গোপনে পাম অইলৰ পুলি ৰোপণৰ কাম আৰম্ভ কৰিছে। চৰ-চাপৰি অঞ্চলত বাস কৰা নদীয়াল সম্প্ৰদায়ৰ লোক আৰু মিছিং জনগোষ্ঠীয়ে শতিকা ধৰি পৰম্পৰাগতভাৱে সৰিয়হ, তিল, মাটিমাহ আদি খেতি কৰাৰ লগতে পশুধন পালন কৰি নিজৰ জীৱিকা নির্বাহ কৰি আহিছে। তেনে এখন উৰ্বৰ চাপৰিত ৰবি শস্যৰ নাম লৈ পাম অইলৰ খেতি কৰাটো থলুৱা খেতিয়কসকলৰ পেটত চোকা কুঠাৰাঘাত মৰাৰ সমান বুলি জীপাল কৃষক-শ্ৰমিক সংঘই মন্তব্য কৰে। এই খেতিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি ৰাজ্যৰ বৰ্ষাৰণ্য আৰু জৈৱ বৈচিত্ৰ্যৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিব বুলি তেওঁলোকে আশংকা প্ৰকাশ কৰে।
পাম অইলৰ দৰে ধ্বংসাত্মক খেতিৰ বিপৰীতে থলুৱা খেতিৰ জৰিয়তে বিকল্প আঁচনি প্ৰস্তুত কৰিবলৈ আৰু থলুৱা লোকসকলক মাটিৰ স্থায়ী আবণ্টন পট্টা প্ৰদান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনোৱা হৈছে। অন্যথা অসমৰ জনসাধাৰণৰ অধিকাৰ আৰু ভূমি সুৰক্ষাৰ স্বাৰ্থত ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাক স্মাৰকপত্ৰ প্ৰদান কৰাৰ কথা সংবাদমেলত অৱগত কৰা হয়। যদি চৰকাৰে এই হঠকাৰী সিদ্ধান্তৰ পৰা পিছহুহুন্দিয়ায়, তেন্তে ইয়াৰ পৰিণতি আৰু পৰিস্থিতিৰ বাবে সম্পূৰ্ণৰূপে অসম চৰকাৰ আৰু কৃষিমন্ত্ৰী পীয়ূষ হাজৰিকাই দায়িত্ব ল’ব লাগিব বুলি জীপাল কৃষক-শ্ৰমিক সংঘই স্পষ্টভাৱে সকীয়াই দিয়ে।


