• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৃষক বিদ্ৰোহ; প্ৰতিবাদকাৰী কৃষকসকলৰ বিৰুদ্ধে মহামাৰী আইনৰ অধীনত গোচৰ ৰুজু

এন ই নাও নিউজ by এন ই নাও নিউজ
December 11, 2020 9:14 am
14.6k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰৰ তিনিখন নতুন কৃষি আইনক কেন্দ্ৰ কৰি দিল্লীৰ সিঙ্ঘু সীমান্তত প্ৰতিবাদ সাব্যস্ত কৰি থকা কৃষকসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।

প্ৰতিবাদকাৰী কৃষকসকলৰ বিৰুদ্ধে সামাজিক দূৰত্ব মানি নচলা, মহামাৰী আইনৰ লগতে আন বহুতো ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে।

সিঙ্ঘু সীমান্তত নিযোজিত দুজন শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়া ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পিছতে কৃষকসকলৰ ওপৰত গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত লয়।

উল্লেখ্য যে সিঙ্ঘু সীমান্তত কৃষকসকলে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰি আছে। যোৱা ২৯ নৱেম্বৰত লামপুৰ সীমান্তৰ পৰা হাজাৰ হাজাৰ কৃষক বলপূৰ্বক দিল্লীৰ সীমাত প্ৰৱেশ কৰিছিল। ইয়াৰ পিছত সিঙ্ঘু সীমান্ততে প্ৰতিবাদত বহে কৃষকসকল।

বিগত ১৬ দিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি থকা এই কৃষকসকলৰ অধিকাংশই পঞ্জাৱ আৰু হাৰিয়ানাৰ। ইয়াৰ উপৰি দেশৰ আন আন প্ৰান্তৰ পৰাও কৃষকৰ দল গৈ এই প্ৰতিবাদত অংশ লৈছে।

কৃষকসকলে এই নতুন কৃষি আইন কেইখন প্ৰত্যাহাৰৰ দাবীত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰি আছে। অৱশ্যে ইয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰ আৰু কৃষকৰ মাজত আলোচনাও হৈছে, কিন্তু এই পৰ্যন্ত কোনো সমাধান সূত্ৰ ওলোৱা নাই।

কেন্দ্ৰীয় চৰকাৰৰ সৈতে হোৱা আলোচনা বিফল হোৱাত এতিয়া প্ৰতিবাদকাৰী কৃষকসকলে দেশজুৰি অধিক তীব্ৰ ৰূপত প্ৰতিবাদ গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে।

কৃষকসকলৰ দাবী আইন তিনিখন প্ৰত্যাহাৰ কৰক। কিন্তু চৰকাৰ প্ৰত্যাহাৰৰ পক্ষত নাই। অৱশ্যে আইন কেইখন সংশোধন কৰাৰ বাবে সাজু চৰকাৰ।

যোৱা কিছুদিন ধৰি চৰকাৰে কৃষকসকলক বিভিন্ন ধৰণে আশ্বাস দি আছে কিন্তু প্ৰতিবাদকাৰী কৃষক সকলে নিজৰ সিদ্ধান্তত অটল আছে।

কৃষকসকলে চৰকাৰৰ লিখিত প্ৰস্তাৱ নাকচ কৰাৰ পিছত এতিয়া চৰকাৰী পক্ষ আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘাত বৃদ্ধি পোৱাৰ সম্ভাৱনাই দেখা দিছে।

ইফালে কৃষকসকলে আন্দোলন তীব্ৰতৰ কৰাৰ হুংকাৰ প্ৰদান কৰি শনিবাৰে দিল্লী-জয়পুৰ দিল্লী-আগ্ৰা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ কাৰ্যসূচী ঘোষণা কৰে।

ইয়াৰ উপৰি ১৪ ডিচেম্বৰ দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ আহ্বান জনায় কৃষক সংগঠনে।

Recent News

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd