• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৰকাৰৰ ওপৰত ভৰসা নাই: কৃষি আইন বাতিলৰ আৰ্জিৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ প্ৰতিবাদী কৃষক

এন ই নাও নিউজ by এন ই নাও নিউজ
December 11, 2020 7:12 pm
a 187013-scweb
328
VIEWS
Share on FacebookShare on Twitter

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ ওপৰত মুঠেও আস্থা নোহোৱা হৈ পৰিছে দিল্লীত প্ৰতিবাদ অব্যাহত ৰখা কৃষকসকলৰ।

সেয়ে চৰকাৰলৈ আশা নকৰি এইবাৰ তিনিখনকৈ বিতৰ্কিত কৃষি বিধেয়ক বাতিলৰ আৰ্জিৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল প্ৰতিবাদী কৃষকসকলে।

আজি ভাৰতীয় কিষাণ ইউনিয়নে উচ্চতম ন্যায়ালয়ত তিনিওখন কৃষি আইন বাতিল কৰাৰ আহ্বানেৰে এখন আবেদন দাখিল কৰে।

ভাৰতীয় কিষাণ ইউনিয়নৰ সভাপতি ভানু প্ৰতাপ সিঙে প্ৰকাশ কৰা মতে চৰকাৰে কৃষকসকলক আলোচনাৰ নামত কেৱল প্ৰতাৰণাহে কৰি আহিছে।

কৃষি আইন বাতিল নোহোৱালৈকে কৃষকসকল ক্ষান্ত নহয় বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।তেওঁ শীঘ্ৰে ৰে’ল ৰোকো আন্দোলন আৰম্ভ কৰা হব বুলিো সকিয়াই দিয়ে।

ইপিনে কেন্দ্ৰীয় চৰকাৰৰ তিনিখন নতুন কৃষি আইনক কেন্দ্ৰ কৰি দিল্লীৰ সিঙ্ঘু সীমান্তত প্ৰতিবাদ সাব্যস্ত কৰি থকা কৃষকসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।

প্ৰতিবাদকাৰী কৃষকসকলৰ বিৰুদ্ধে সামাজিক দূৰত্ব মানি নচলা, মহামাৰী আইনৰ লগতে আন বহুতো ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

সিঙ্ঘু সীমান্তত নিযোজিত দুজন শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়া ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পিছতে কৃষকসকলৰ ওপৰত গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত লয়।

উল্লেখ্য যে সিঙ্ঘু সীমান্তত কৃষকসকলে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰি আছে। যোৱা ২৯ নৱেম্বৰত লামপুৰ সীমান্তৰ পৰা হাজাৰ হাজাৰ কৃষক বলপূৰ্বক দিল্লীৰ সীমাত প্ৰৱেশ কৰিছিল। ইয়াৰ পিছত সিঙ্ঘু সীমান্ততে প্ৰতিবাদত বহে কৃষকসকল।

বিগত ১৬ দিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি থকা এই কৃষকসকলৰ অধিকাংশই পঞ্জাৱ আৰু হাৰিয়ানাৰ। ইয়াৰ উপৰি দেশৰ আন আন প্ৰান্তৰ পৰাও কৃষকৰ দল গৈ এই প্ৰতিবাদত অংশ লৈছে।

কৃষকসকলে এই নতুন কৃষি আইন কেইখন প্ৰত্যাহাৰৰ দাবীত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰি আছে। অৱশ্যে ইয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰ আৰু কৃষকৰ মাজত আলোচনাও হৈছে, কিন্তু এই পৰ্যন্ত কোনো সমাধান সূত্ৰ ওলোৱা নাই।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd