• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেন্দ্ৰীয় নেতৃত্বই লগালে মোহৰ; বিটিচি চীফ হিচাপে প্ৰমোদ বড়োৰ নাম ঘোষণা মুখ্যমন্ত্ৰী সোণোৱালৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 13, 2020 1:40 pm
WhatsApp Image 2020-12-13 at 1.18.43 PM
263
VIEWS
Share on FacebookShare on Twitter

বিটিচিৰ পৰৱৰ্তী মুৰব্বী হিচাপে UPPLৰ নেতা প্ৰমোদ বড়োৰ নাম ঘোষণা কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

দেওবাৰে মুখ্যমন্ত্ৰী সোণোৱালে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে প্ৰমোদ বড়োৰ নাম।

আনহাতে, BJP-UPPLৰ মিত্ৰতাত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই সম্পূৰ্ণ সন্মতি দিছে। কেন্দ্ৰীয় অমিত শ্বাহৰ এটা টুইটে এই কথা স্পষ্ট কৰিছে।

তেওঁ টুইটযোগে সৰ্বানন্দ সোণোৱাল, UPPL, ৰঞ্জিত দাস, হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিক শুভেচ্ছা জ্ঞাপন কৰে।

সেইদৰে, বিটিচিত এতিয়া নতুন সমীকৰণ দেখা গ’ল তথা উফৰিল হাগ্ৰামাৰ ১৫ বছৰীয়া ৰাজত্ব।

UPPLৰ নেগুৰত ধৰি বিজেপিৰ চৰকাৰ গঠনৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত ওৰে নিশা চলিছিল কুচকাৱাজ।

সদ্যঘোষিত বিটিচিৰ নিৰ্বাচনী ফলাফলত হাগ্ৰামা মহিলাৰীয়ে সৰ্বাধিক আসন লাভ কৰিলে যদিও লাভ কৰিবলৈ সক্ষম নহ’ল মেজিক নম্বৰ।

বিটিচি পৰিষদীয় নিৰ্বাচনত বিজেপিয়ে ৯ খন আসন লাভ কৰাৰ বিপৰীতে UPPL য়ে লাভ কৰে ১২ খন আসন।

ইয়াৰোপৰি, হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফে অকলেই ১৭ খন আসন লাভ কৰাৰ বিপৰীতে বিটিচিত অকলেই ২৫-৩০ খন আসন লাভ কৰিব বুলি দাম্ভিকতাৰে কৈ অহা নৱ শৰণীয়া নেতৃত্বাধীন GSP য়ে নিচুকনি বঁটা হিচাপে লাভ কৰে মাত্ৰ এখন আসন।

 

NDA secured a comfortable majority in Assam BTC election.

Congratulations to our ally UPPL, CM @sarbanandsonwal, @himantabiswa, @RanjeetkrDass and @BJP4Assam unit.

I thank people of Assam for their continued faith in PM @narendramodi’s resolve towards a developed North East.

— Amit Shah (@AmitShah) December 13, 2020

ঠিক সেইদৰে কংগ্ৰেছ দলটো AIUDF ৰ লগত মিত্ৰতা কৰাৰ পাছতো মাত্ৰ এখন আসনতে সীমাবদ্ধ থাকে।

ইপিনে, ফলাফলৰ আনুষ্ঠানিক ঘোষণা শেষ হোৱাৰ পূৰ্বেই লগত কেইবাগৰাকী UPPL ৰ প্ৰাৰ্থীক লগত লৈ দিছপুৰত সমীকৰণৰ বাবে উপস্থিত হৈছিলহি প্ৰমোদ বড়ো।

মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী আৱাসগৃহত ওৰেটো নিশা চলে ৰুদ্ধদ্বাৰ বৈঠক য’ত দেখা পোৱা গৈছিল মন্ত্ৰী হিমন্তৰ লগতে বিজেপিৰ সভাপতি ৰঞ্জিত দাস, সাংসদ দিলীপ শইকীয়া আৰু বিজেপি UPPL ক চিৰবৈৰী জ্ঞান কৰা সাংসদ নৱ শৰণীয়াক।

উল্লেখ কৰিব পাৰি যে সাংসদ নৱ শৰণীয়াই পূৰ্বতে বিপিএফৰ সমান্তৰালকৈ বিজেপি, UPPL ৰ নেতৃত্বক সমালোচনাৰে থকা-সৰকা কৰিছিল যদিও সকলো লাজ-নীতিক জলাঞ্জলি দি হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত একেলগে দেখা পোৱা গ’ল।

উল্লেখযোগ্য যে, প্ৰায় সকলোবোৰ সমষ্টিতে উদ্দাত্ত কণ্ঠৰে ভাষণ দি বা হাগ্ৰামা মুহিলাৰীক বিভিন্ন কটু মন্তব্যৰে হিমন্তই প্ৰচাৰ চলোৱা বিজেপিয়ে ২৬ খন আসনত প্ৰতিদ্বন্দিতা কৰি ৯ খন আসন লাভ কৰিবলৈ সক্ষম হৈছে।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd