ঘৰত আছে এপাল পোহনীয়া কুকুৰ।
১৮-২০ টা কুকুৰৰ বাবে নিতৌ খাদ্যও যোগান ধৰিব লাগে বহু খিনি।
ৰুটি খাই ভালপোৱা কুকুৰবোৰক সেয়ে সদায় ৰুটি দিয়াৰ কথাটোত গুৰুত্ব দি আহিছিল উত্ৰ প্ৰদেশৰ মীৰাটৰ ভাওৱানপুৰৰ ২৫ বছৰীয়া যুৱক অনীশে।
কুকুৰৰ বাবে ৰুটি বনাই দিয়াৰ দায়িত্ব পৰিছিল অনীশৰ ২৩ বছৰীয়া ভনীয়েক পাৰুলৰ ওপৰত।
অনিচ্ছা সত্বেও পাৰুলে ককায়েকৰ নিৰ্দেশ মানি কুকুৰৰ বাবে নিতৌ ৫০-৬০ খন ৰুটি বনাই গৈছিল।কিন্তু কালি কুকুৰৰ বাবে ৰুটি বনোৱাৰ কথাকলৈ ভনীয়েক পাৰুলৰ সৈতে ককায়েক অনীশৰ কাজিয়াৰ সূত্ৰপাত ঘটে।
ভনীয়েকে কুকুৰৰ বাবে ৰুটী বনাব নোৱাৰো বুলি কোৱাৰ পিছতেই খঙত অগ্নিশৰ্মা হৈ পৰে ককায়েক অনীশ।
ভনীয়েকক বহুবাৰ কৈয়ো কুকুৰৰ বাবে ৰুটি বনাবলৈ সন্মত কৰিব নোৱাৰি ককায়েক অনীশে খঙৰ ভমকত পকেটৰ পৰা পিষ্টল উলিয়াই ভনীয়েকক লক্ষ্য কৰি গুলী চলায়।
গুলীয়ে ভনীয়েক পাৰুল মূৰ আৰু বুকুত আগাত কৰে আৰু তেওঁ লগে লগে মাটিত ঢলি পৰে।
ভনীয়েকক গুলীয়াই হত্যা কৰিয়েই হত্যাকাৰী ককায়েক অনীশে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে।
আৰক্ষীয়ে অনীশক গ্ৰেপ্তাৰ কৰি সোধা-পোচা অব্যাহত ৰাখিছে।
মীৰাটৰ ভাওৱানপুৰৰ বাসিন্দাসকলে প্ৰকাশ কৰা মতে ককায়েক-ভনীয়েকৰ মাজত বৰ মিল আছিল যদিও কুকুৰক খাদ্য দিয়াকলৈ দুয়োৰে মাজত প্ৰায়ে কাজিয়া লাগিছিল।
ভনীয়েকক হত্যা কৰিবলৈ ব্যৱহাৰ কৰা পিষ্টলটো অনুজ্ঞাপত্ৰ থকা পিষ্টল বুলি জানিব পৰা গৈছে।