• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মমতা বেনাৰ্জীক ওফৰোৱাৰ স্বাৰ্থত প্ৰতি মাহে বংগ ভ্ৰমণৰ বাবে সাজু প্ৰধান মন্ত্ৰী মোদী

এন ই নাও নিউজ by এন ই নাও নিউজ
December 24, 2020 1:18 pm
331
VIEWS
Share on FacebookShare on Twitter

অহা বছৰ পশ্চিম বংগত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে সৰ্বোচ্চ শক্তি প্ৰয়োগ কৰিবলৈ সাজু হৈ উঠিছে বিজেপি।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাই প্ৰতি মাহে বংগলৈ আহি নিৰ্বাচনৰ প্ৰস্তুতি পৰ্যালোচনা কৰি আছে।

এতিয়া, ২০২১ চনৰ জানুৱাৰি মাহৰ পৰা প্ৰতি মাহে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও বংগলৈ অহাৰ সম্ভাৱনা আছে।

বৃহস্পতিবাৰে প্ৰধান মন্ত্ৰী মোদীয়ে পশ্চিম বংগৰ শান্তিনিকেতনত ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ শতবৰ্ষ সমাৰোহত সম্বোধন কৰি টেগোৰৰ আদৰ্শ আৰু ধাৰণাৰ ওপৰত জোৰ দিয়ে।

উল্লেখ্য যে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে অলপতে বংগ ভ্ৰমণৰ সময়ত শান্তিনেকতন বিশ্ব ভাৰতী বিশ্ববিদ্যালয় পৰিদৰ্শন কৰিছিল আৰু ঠাকুৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল।

অমিত শ্বাহে দাবী কৰিছিল যে বিজেপিয়ে আগন্তুক বিধানসভা নিৰ্বাচনত ২০০ৰো অধিক আসন লাভ কৰিব আৰু বংত সংখ্যাগৰিষ্ঠ চৰকাৰ গঠন কৰিব।

তেওঁ মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ চৰকাৰক ওফৰাই পেলাবলৈ আহ্বান জনাইছিল।

ইফালে বংগৰ বিধানসভা নিৰ্বাচনত বিশেষ আগ্ৰহ প্ৰকাশ কৰিছে প্ৰধান মন্ত্ৰী মোদীয়ে।

বিহাৰ বিধানসভা নিৰ্বাচনত বিজয়ৰ পিছত দিল্লীৰ বিজেপি মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত অংশ লৈ মোদীয়ে বংগৰ ৰাজনৈতিক হিংসাক লৈ উদ্বেগ প্ৰকাশ কৰিছিল।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বংগ ভ্ৰমণৰ বিষয়ে সোধাত ৰাজ্যিক বিজেপি সভাপতি দিলীপ ঘোষে কয়, ‘তেওঁ (মোদী) প্ৰতি মাহে আহি আছে’।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাই প্ৰতি মাহে ৰাজ্যখনলৈ আহি আছে।

জে পি নাড্ডাই ডিচেম্বৰৰ দ্বিতীয় সপ্তাহত বংগ ভ্ৰমণ কৰিছিল আৰু অমিত শ্বাহে তৃতীয় সপ্তাহত দুদিনীয়া ভ্ৰমণত আহিছিল আৰু তেওঁৰ উপস্থিতিতে তৃণমূলৰ বহু সংখ্যক নেতাই মেদিনীপুৰ সভাত বিজেপি দলত যোগদান কৰিছিল।

উল্লেখ্য যে স্বামী বিবেকানন্দৰ জন্মজয়ন্তী উপলক্ষে অহা ১২ জানুৱাৰিত অমিত শ্বাহে পুনৰ পশ্চিম বংগ ভ্ৰমণ কৰিব বুলি জানিব পৰা গৈছে।

Recent News

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd