• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টীয়কত যোৰহাট জিলা কবি সন্মিলনৰ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন : দিগন্ত চাংমাইৰ সম্পাদিত মুখপত্ৰ ‘টীয়ক টীয়ক’ উন্মোচন

নীৰ্মলেন্দু পাঠক by নীৰ্মলেন্দু পাঠক
December 28, 2020 5:27 pm
IMG-20201228-WA0004
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাট জিলা কবি সন্মিলনৰ ত্ৰয়োদশ দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ অধিৱেশনখনি টীয়ক শাখা কবি সন্মিলনৰ আতিথ্যত টীয়কৰ ব্ৰাহ্মণ গাঁৱত অৱস্থিত শঙ্কৰজ্যোতি কলা-কৃষ্টি কেন্দ্ৰত কালি দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হয়।

এই উপলক্ষে পুৱা আদৰণি সমিতিৰ সভাপতি ৰমেন শৰ্মাই পতাকা উত্তোলন, টীয়ক শাখা কবি সন্মিলনৰ সভাপতি ৰঞ্জন বৰাই স্মৃতি তৰ্পণ আৰু ‘ৰেঙণিঃ এটি আশা’ৰ সঞ্চালক বিজু শৰ্মাই গছপুলি ৰোপন কৰে।

Apply Now

পুৱা ১০ বজাৰ পৰা অনুভৱ সাগৰৰ সঞ্চালনাত সু-কবি শৰৎ চন্দ্ৰ দত্ত সোঁৱৰণী শিশু আৰু কিশোৰৰ অনুষ্ঠান ‘কাব্যমুকুল’ অনুষ্ঠিত হয়। শিশু-সাহিত্যিক তথা যোৰহাট জিলা কবি সন্মিলনৰ প্ৰাক্তন উপ-সভাপতি দেবেন চন্দ্ৰ বৰাই উদ্বোধন আৰু বিশিষ্ট শিশু সাহিত্যিক অনন্ত কুমাৰ শৰ্মাই সমল ব্যক্ত হিচাপে অংশগ্ৰহণ কৰা তথা বিমান শইকীয়া আৰু ভাগ্যশ্ৰী তামুলীয়ে আঁতধৰা ‘কাব্যমুকুল’ অনুষ্ঠানটিত অঞ্চলটোৰ প্ৰায় দুকৰি শিশু-কিশোৰে কবিতা আবৃত্তি, কবিতা পাঠ, গীত-মাত আদি পৰিবেশন কৰে।

দুপৰীয়া ১২ বজাৰ পৰা জিলা সমিতিৰ ২০১৮-২০ বৰ্ষৰ অন্তিমখন কাৰ্যনিৰ্বাহক অনুষ্ঠিত হোৱাৰ পাছত বিয়লি যোৰহাট জিলা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি হেমচন্দ্ৰ গগৈৰ সভাপতিত্বত ‘মুকলি সভা আৰু বঁটা-সন্মান প্ৰদান অনুষ্ঠান’ অনুষ্ঠিত হয়।

সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি ড° মানিক শইকীয়াই উদ্বোধন আৰু জিলা কবি সন্মিলনৰ সম্পাদক বাবলু প্ৰসাদ বৰুৱাই আঁতধৰা মুকলি সভাখনিত সদৌ অসম কবি সন্মিলনৰ সভাপতি প্ৰদীপ শইকীয়া মুখ্য অতিথি, প্ৰধান সম্পাদক উজ্জ্বল পাওগাম আৰু প্ৰাক্তন প্ৰধান সম্পাদক পৰাগজ্যোতি মহন্তই সন্মানীয় অতিথি, যোৰহাট জিলা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি যোগমায়া গগৈ, অসম লেখিকা সংস্থাৰ কাৰ্যকৰী সভানেত্ৰী মামনি গগৈ বৰুৱা, সমাজসেৱিকা পল্লৱী শইকীয়া গগৈয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে।

এই অধিৱেশনৰ লগতে সংগতি ৰাখি টীয়ক শাখা কবি সন্মিলনে প্ৰকাশ কৰা আৰু দিগন্ত চাংমায়ে সম্পাদনা কৰা ‘টীয়ক টীয়ক’ নামৰ মুখপত্ৰখনি সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক উজ্জ্বল পাওগামে উন্মোচন কৰে। দিগন্ত চাংমাইৰ সম্পাদিত ‘টীয়ক টীয়ক’ৰ লগতে অধিৱেশনখনিত টুনমনি বৰদলৈ সম্পাদিত যোৰহাট জিলা কবি সন্মিলনৰ মুখপত্ৰ ‘গাণ্ডীৱ’, কবিতাৰ সংগঠক দুলাল বৰাৰ ‘ৰাজপথৰ কবিতা’ নামৰ এখন এটকীয়া আলোচনীকে ধৰি কেইবাখনো কবিতা-গল্প আৰু সাধুকথাৰ পুথি উন্মোচন কৰা হয়।

মুকলি সভাখনিতে নৰেন্দ্ৰ নাথ দত্তক ২০২০বৰ্ষৰ ‘গাণ্ডীৱ বঁটা’, প্ৰদীপ গগৈক ‘কাব্যসৌৰভ’ উপাধি, পূৰ্ণিমা শৰ্মা আৰু পূণ্য দেৱীক ‘কাব্যপ্ৰভা’ উপাধি, কবি প্ৰাঞ্জল কুমাৰ লাহনক ‘ভোগদৈপাৰৰ শ্ৰেষ্ঠ কবি-২০২০’ বঁটা, ৰাতুল কুমাৰ ভূঞা আৰু দেৱজিৎ গোস্বামীক শ্ৰেষ্ঠ সংগঠক বঁটা আৰু তিতাবৰ শাখা কবি সন্মিলনলৈ শ্ৰেষ্ঠ শাখাৰ বঁটা প্ৰদান কৰা হয়।

বিয়লি প্ৰায় ৬বজাৰ পৰা বিশিষ্ট কবি, গল্পকাৰ ডাঃ মাখন কলিতাৰ সঞ্চালনাত ভাষাতাত্বিক ড° বেণু গগৈ সোঁৱৰণী কবিতা পাঠৰ অনুষ্ঠান ‘কাব্যসন্ধি’ সম্পন্ন হয়।

সু-চিকিৎসক, কবি ডাঃ প্ৰাঞ্জলজ্যোতি দত্তই উদ্বোধন আৰু কবি, গীতিকাৰ অজিত কুমাৰ বৰদলৈয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা ‘কাব্যসন্ধি’ অনুষ্ঠানটি কবি দেৱজিত হাজৰিকা, শিখা ভূঞা হাজৰিকা, বিমান শইকীয়া, ভাগ্যশ্ৰী তামুলী, বিভাৰাণী শইকীয়াকে ধৰি বহুকেইগৰাকী কবিয়ে স্ব-ৰচিত কবিতা পাঠেৰে জীপাল কৰি তোলে।

ইফালে অধিৱেশনৰ মাজতে অনুষ্ঠিত আদৰণি সমিতি সভাপতি ৰমেন শৰ্মাই আদৰণি ভাষণ আগবঢ়োৱা প্ৰতিনিধি সভাই বিশিষ্ট কবি, গীতিকাৰ অজিত কুমাৰ বৰদলৈক সভাপতি আৰু চৈয়দ পাৰভিজ হুচেইনক সম্পাদক হিচাপে আগন্তুক ২০২০-২২বৰ্ষৰ বাবে নিৰ্বাচিত কৰে।

অধিৱেশনখনি সাফল্যমণ্ডিত কৰি সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে টীয়ক শাখা কবি সন্মিলনে টীয়কবাসীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে।

নীৰ্মলেন্দু পাঠক

নীৰ্মলেন্দু পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd