• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দহ বছৰ ধৰি বন্ধ কোঠাত উলংগ অৱস্থাত আৱদ্ধ তিনি উচ্চ শিক্ষিত ভাই-ভনী, কিন্তু কিয়?

এন ই নাও নিউজ by এন ই নাও নিউজ
December 29, 2020 4:42 pm
a 725957-gujarat
125.8k
VIEWS
Share on FacebookShare on Twitter

এদিন বা এবছৰ নহয়, সুদীৰ্ঘ ১০ বছৰ ধৰি এটা বন্ধ আন্ধাৰ কোঠাৰ ভিতৰতে আৱদ্ধ হৈ আছে তিনি ভাই-ভনী।

বিগত দহটা বছৰে তেওঁলোকে পিন্ধা নাই কোনো নতুন কাপোৰ।

কোঠাটোত সোমোৱাৰ সময়ত তেওঁলোকে যি কাপোৰ পিন্ধিছিল সেয়া এতিয়া আৰু কাপোৰ হৈ থকা নাই।

সেয়ে বছৰৰ পিছত বছৰ ধৰি তিনি ভাই-ভনীয়ে উলংগ হৈয়েই কোঠাৰ ভিতৰত বাস কৰি আছে।

খাদ্যৰ নামত কেতিয়াবা বাহিৰৰ পৰা কোঠাটোলৈ এখন বিশেষ খিৰিকীৰে  দিয়া খাদ্যই তেওঁলোকে গ্ৰহণ কৰিছে।

দহটা বছৰত কোনো দিনে চুলি নকটোৱাৰ ফলত তেওঁলোকৰ আটাইৰে চুলি গৈ আঁঠুত লাগিছে।

দুই ভাতৃৰ ডাড়ি ইমানেই বাঢ়ি গৈছে যে তেওঁলোকৰ মুখ মণ্ডল ডাড়িৰে ঢাক খাই পৰিছে।

আদিম জীৱন যাপন কৰা এই তিনি ভাই-ভনী গুজৰাটৰ ৰাজকোটেৰ কিষাণপাৰাৰ বাসিন্দা নবীন মেহতাৰ সন্তান।

অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী নবীন মেহতাৰ পত্নীৰ বিয়োগ ঘটিছিল প্ৰায় ১০ বছৰ পূৰ্বে। মাতৃৰ বিয়োগৰ পিছৰে পৰা তিনি ভাই-ভনীয়ে বন্ধ কোঠাটোতে সময় অতিবাহিত কৰিছে।

নবীন মেহতাৰ ডাঙৰ পুত্ৰ পেছাত অধিবক্তা আছিল,সৰু পুত্ৰ অৰ্থনীতিৰ স্নাতক আৰু কন্যা চাইকোল’জিৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী।

ইমান শিক্ষিত হোৱাৰ পিছতো তেওঁলোকে কি ১০ বছৰ ধৰি আন্ধাৰ কোঠাটোতে আবদ্ধ হৈ আছে তাকে লৈ ৰহস্যৰ সৃষ্টি হৈছে।

বিগত দহ বছৰ ধৰি তিনি ভাই-ভনীৰ পিতৃ নবীন মেহতাই একো নজনাৰ ভাও জুৰি বজাৰ-সমাৰ কৰি গৈছিল।

কোনোৱাই তেওঁক সন্তানৰ কথা সুধিলে সেই প্রশ্ন তেওঁ কৌশলেৰে এৰাই গৈছিল।বহুতে ভাবিছিল নবীন মেহতাৰ তিনি সন্তানে হয়তো চাকৰি-বাকৰি কৰি বাহিৰত কৰ’ৱাত আছে।

কিন্তু এদিন হঠাতে এজন স্থানীয় বাসিন্দাৰ সন্দেহ হোৱাত তেওঁ বিষয়টো স্থানীয় সংগঠন এটাক অৱগত কৰে।

সংগঠনটোৱে সমগ্ৰ ঘটনাটোৰ খা-খবৰ কৰি তিনি ভাই-ভনী এটা কোঠাতে আৱদ্ধ হৈ থকাটো নিশ্চিত কৰে।ইয়াৰ পিছতে আৰক্ষীৰ সহযোগত তিনি ভাই-ভনীকে কোঠাটোৰ পৰা উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

শৌচ-পেচাৱেৰে ভৰি থকা কোঠাটোত তিনি ভাই-ভনীয়ে সম্পূৰ্ণ উলংগ অৱস্থাত বাস কৰিছিল।এই ঘটনাৰ পিছতে আৰক্ষীয়ে নবীন মেহতাক গ্ৰেপ্তাৰ কৰিছে।

পিতৃ মেহতাৰ মতে তিনি সন্তানে মাতৃৰ মৃত্যুৰ দুখ সহ্য কৰিব নোৱাৰিয়েই এনেদৰে কোঠাটোৰ ভিতৰত নিজকে আৱদ্ধ কৰি ৰাখিছে।

স্থানীয় একাংশ লোকৰ মতে  অন্ধবিশ্বাসী পিতৃ নবীন মেহতাই তিনি সন্তানক যাতে কোনেও যাদু কৰি বশ কৰিব নোৱাৰে তাৰ বাবেই তেওঁলোকক কোঠাটোত আৱদ্ধ কৰি ৰাখিছিল।

Recent News

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd