বোকাখাতৰ অগ্ৰনী সংবাদ প্ৰতিষ্ঠান কাজিৰঙা নিউজ নেটৱৰ্কৰ অষ্টাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু এই প্ৰতিষ্ঠানে প্ৰদান কৰি অহা কাজিৰঙা বঁটাৰ বিশেষ অনুষ্ঠান বুধবাৰে দিনজোৰা কাৰ্যসtচীৰে বোকাখাত নাট্যমন্দিৰত অনুষ্ঠিত হৈ যায়>
এই উপলক্ষ্যে পুৱা পতাকা উত্তোলন কৰে কাজিৰঙা নিউজ নেটৱৰ্কৰ অধ্যক্ষ বদন দুৱৰাই, স্মৃতি তৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে ইলেক্ট্ৰনিকচ মেডিয়া জাৰ্নেলিষ্ট এছ’চিয়েশ্যন বোকাখাতৰ সভাপতি প্ৰদীপ বৰাই আৰু বোকাখাত প্ৰেছ ক্লাৱৰ সভাপতি ভৱানন্দ কলিতাৰ লগতে দাতা পৰিয়ালবৰ্গই।
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বোকাখাতৰ মহকুমাধিপতি বিপুল দাস, সাহিত্যিক পেঞ্চনাৰ ভৱেশ শইকীয়া, প্ৰাগ নিউজৰ মুখ্য প্ৰবন্ধক চন্দ্ৰশেখৰ শৰ্মা, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা।
পৰৱৰ্তী সময়ত বাণেশ্বৰ মহন্ত সোঁৱৰণি গােলাঘাট জিলা ভিত্তিত শ্রেষ্ঠ সাংবাদিক বঁটা ২০১৯ প্রতিদিন টাইমৰ খুমটাইৰ সাংবাদিক সাৰংগ তামুলীক, ২০২০ চনৰ বঁটা অসমীয়া খবৰ কাকতৰ মৰঙিৰ সাংবাদিক প্রীয়ংদ্বীপ কাকতিক, অসম ভিত্তিত ধনিল বৰঠাকুৰ সোঁৱৰণি শ্রেষ্ঠ নবীন সাংস্কৃতিক কর্মী বঁটা ২০১৯ গুৱাহাটীৰ অভিনেত্রী আৰু নৃত্য শিল্পী মৃদুস্মিতা টুইংকলক প্ৰদান কৰা হয়।
আনহাতে ২০২০ বৰ্ষৰ বঁটা ধেমাজিৰ মিচিং লােক শিল্পী প্রবীণ দলেক, সুৰেশ চন্দ্ৰ ফুকন সোঁৱৰণি গােলাঘাট জিলা ভিত্তিত সাহিত্য বঁটা ২০১৯ মৰঙিৰ পার্থৱ শইকীয়াক, ২০২০ চনৰ বঁটা ধোদাঙৰ প্লাবিতা বাঢ়ৈ, মহেন্দ্র নাথ শইকীয়া সোঁৱৰণি গােলাঘাট জিলা ভিত্তিত শ্রেষ্ঠ শৈক্ষিক বঁটা ২০১৯ ফৰকাটিং মহাবিদ্যালয়ৰ মণিকা বৰাক দিয়া হয়।
ইয়াৰ উপৰি ২০২০ চনৰ বঁটা গােলাঘাট জাতীয় মহাবিদ্যালয়ৰ অন্বেষা কাশ্যপক আৰু ডিম্বেশ্বৰ শইকীয়া সোঁৱৰণি গােলাঘাটত জিলা ভিত্তিত শ্রেষ্ঠ শৈক্ষিক বঁটা ২০১৯ গােলাঘাট জাতীয় বিদ্যালয়ৰ উপাসনা মুদৈক আৰু ২০২০ চনৰ বঁটা গোলাঘাটৰ চিক্রেট হার্ট হাইস্কুলৰ হৰিদ্ৰা বৰাক প্ৰদান কৰা হয়।
এই অনুষ্ঠানতে গীত পৰিবেশন কৰে ক্ৰমে প্ৰাসংগিকা মহন্ত আৰু হিমাংশু বৰুৱা, প্ৰতীক্ষা শৰ্মা আৰু পৰিস্মিতা শৰ্মাই।
নৃত্য পৰিৱেশন কৰে বাসৱী শ্ৰীময়ীয়ে।
কনমানি সংগীত শিল্পী আৰু বাঁহী বাদক বৰ্ষাগ্নি ডেকাৰ এটি শ্ৰব্য কেছেট ল’ৰালিও শিল্পী গৰাকীৰ পিতৃ-মাতৃৰ উপস্থিতিত এই অনুষ্ঠানতে উন্মোচন কৰা হয়।
অনুষ্ঠানৰ অন্তিম কাৰ্যসূচী ৰূপে তিনি গৰাকী সম্ভাৱনাময় যুৱতীয়ে কেটৱাক প্ৰদৰ্শন কৰে।
অনুষ্ঠানতে ৰাজ্যিক নিৰ্বাচন আয়োগৰ ব্ৰেণ্ড এম্বেচেডৰ মেঘা মূৰ্চনা বৰা আৰু অসম প্ৰশাসনিক সেৱাত যোগ্যতাৰে স্থান লাভ কৰা বোকাখাতৰ বেদব্ৰত পেগুকো সম্বৰ্ধনা জনোৱাৰ লগতে কাজিৰঙা নিউজ নেটৱৰ্কৰ প্ৰজোযনাত আৰম্ভ হোৱা বোকাখাত লাইভৰো শুভাৰম্ভ কৰা হয়।