কৰ’না পৰিস্থিতিৰ মাজত আমাৰ চুবুৰীয়া দেশ চীনে এতিয়া খাদ্য সংকটৰ মোকাবিলা কৰিবলৈ এটি নতুন কাৰ্যসূচী গ্ৰহণ কৰিছে। কাৰ্যসূচীটোৰ নাম দিয়া হৈছে ‘অপাৰেশ্যন এম্প্টি প্লেট’।
এই অভিযানৰ উদ্দেশ্য হ’ল নিশা কম খাদ্য খোৱা তথা খাদ্যৰ অপচয় সম্পৰ্কে নাগৰিকসকলক সজাগ কৰি তোলা।
তদুপৰি, চীনৰ চৰকাৰে এটি নতুন নীতি প্ৰৱৰ্তন কৰিছে য’ত নাগৰিক তথা হোটেল-ৰেষ্টুৰেন্টসমূহক খাদ্য অপচয় কৰাৰ বাবে জৰিমনা বিহা হ’ব।
চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে ‘অপাৰেশ্যন এম্প্টি প্লেট’ আৰম্ভ কৰি জানিবলৈ দিছে যে ইয়াৰ উদ্দেশ্য মানুহক যিমান প্ৰয়োজন সেইখিনিহে খাবলৈ উৎসাহিত কৰা।
ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে সদৰী কৰে যে খাদ্য অপচয় কৰাৰ ক্ষেত্ৰত হেনো চীন বহুত আছে। ছচিয়েল মডিয়াত এজন লোকে একেসময়তে ১০টা বাৰ্গাৰ তথা পিজা খোৱা দেখা গৈছে।
চীনত কোনো কিমান খাব পাৰে ধৰণৰ এটা চেলেঞ্জ ‘ওভাৰ ইটিং’ যথেষ্ট জনপ্ৰিয়। বহুতেই এনে চেলেঞ্জ গ্ৰহণ কৰি অধিক খোৱাৰ ভিডিঅ’ বনাইছে। বৰ্তমান সেইটো আইনৰ জৰিয়তে নিষিদ্ধ কৰা হৈছে।
‘অপাৰেশ্যন এম্প্টি প্লেট’ৰ অধীনত চীন অধিক খোৱাটো বেআইনী কৰা হ’ব। অতিৰিক্ত খোৱাৰ বাবে প্ৰায় ১ লাখ টকাৰ জৰিমনা কৰাও হ’ব বুলি কোৱা হৈছে। সেইদৰে, ৰেষ্টুৰেন্টসমূহেও যদি এই আইন উলংঘা কৰে তেতিয়াহ’লে তেওঁলোকৰ ওপৰতো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
আনহাতে, চীনত এনেধৰণৰ খোৱাৰ চেলেঞ্জৰ ভিডিঅ’সমূহ যদি কোনো টিভি চেনেলে বা আন কোনোৱে প্ৰম’ট কৰে তেতিয়া তেওঁলোকৰ বিৰুদ্ধেও ব্যৱস্থা লোৱা হ’ব।
তথ্য অনুসৰি, চীনত প্ৰতি বছৰে ৩কোটি টন খাদ্য অপচয় হয় আৰু সেইদৰে মুঠ উৎপাদনৰ ৬শতাংশ খাদ্য শস্য বিনষ্ট হয়।