• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুম্বাই ড্ৰাগছ কাণ্ড : মুম্বাইৰ হোটেলৰ পৰা NCBএ আটক কৰিলে অন্য এগৰাকী অভিনেত্ৰীক

by
January 4, 2021 8:53 am
index.jpgv
201
VIEWS
Share on FacebookShare on Twitter

বলিউদৰ ড্ৰাগছ কাণ্ডৰ জাল ক্ৰমাৎ বহলাই নিয়া নাৰ্কোটিক্স কণ্ট্ৰ’ল ব্যুৰ’(NCB)এ পুনৰ মুম্বাইৰ এখন হোটেলৰ পৰা অন্য এগৰাকী অভিনেত্ৰীক ড্ৰাগছ কাণ্ডত জড়িত থকাৰ সন্দেহত আটক কৰিছে।

সংবাদ সংস্থা এনআইএৰ বাতৰি অনুসৰি মুম্বাইৰ মীৰা ৰ’ডৰ এখন হোটেলৰ পৰা NCBএ টলিউদ(দক্ষিণ)ৰ অভিনেত্ৰীগৰাকীক আটক কৰে।

গোপন সূত্ৰৰ পম খেদি শনিবাৰে NCBএ হোটেলখনত অভিযান চলাই আৰু তাৰ পৰাই দেওবাৰে অভিনেত্ৰীগৰাকীক আটক কৰে।

NCBএ আটক কৰা অভিনেত্ৰীগৰাকী ২০ বছৰীয়া বুলি প্ৰকাশ পালেও অভিনেত্ৰীগৰাকীৰ সম্পূৰ্ণ পৰিচয় এতিয়াও প্ৰকাশ কৰা নাই তদন্তকাৰী সংস্থাটোৱে।

Narcotics Control Bureau (NCB) detained a Tollywood actress last night during a raid at a hotel in Mira Road, Mumbai. Drug peddler Chand Mohammad caught red-handed while drug supplier Saaed is still absconding. 400 gms MD worth Rs 8-10 lakhs seized in last night operations: NCB

— ANI (@ANI) January 3, 2021

ইফালে মুম্বাই আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত দেওবাৰে চান্দ মহম্মদ আৰু চৈয়দ নামৰ দুগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকক আৰক্ষীয়ে জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।

দুই সৰবৰাহকাৰীৰ পৰা ৮ৰপৰা ১০ লাখ টকাৰ মূল্যৰ ৪০০ গ্ৰাম মাদক দ্ৰৱ্য উদ্ধাৰ কৰা হৈছে।

আনহাতে ধৃত দক্ষিণৰ অভিনেত্ৰীগৰাকী কিদৰে মাদক দ্ৰৱ্য সৰবৰাহৰ সৈতে জড়িত হৈ পৰিলে আৰু অভিনেত্ৰীগৰাকীৰ ভূমিকা কি সেই বিষয়ে NCBএ তদন্ত আৰম্ভ কৰিছে।

NCBএ মীৰা ৰ’ডৰ সংশ্লিষ্ট হোটেলখনৰ স্বত্বাধিকাৰীগৰাকীও এই কাণ্ড জড়িত থকাৰ সম্ভাৱনা আছে বুলি ব্যক্ত কৰিছে। ইতিমধ্যে হোটেলৰ স্বত্বাধিকাৰী আৰু কৰ্মচাৰীক এই সন্দৰ্ভত সোধপোচ কৰাৰ বাবে NCBএ তলৱো কৰিছে বুলি প্ৰকাশ পাইছে।

স্মৰ্তব্য যে বলিউদৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছতে বলিউদত ড্ৰাগছ কাণ্ড পোহৰলৈ আহে। ইয়াৰ পিছতে সুশান্তৰ প্ৰেমিকা ৰীয়া চক্ৰৱৰ্তী আৰু ভাতৃসহ কেবাজনো এই কাণ্ডত জড়িত থকাৰ অভিযোগত কৰাবাস পৰ্যন্ত খাটিবলগীয়া হৈছে।

আনহাতে বলিউদৰ তাৰকা ক্ৰমে দীপিকা পাডুকন, শ্ৰদ্ধা কাপুৰ, অৰ্জুন ৰামপাল, চোহা আলী খান, ৰাকুলপ্ৰীটসহ বহুজনে NCBৰ জেৰাৰ সন্মুখীন হ’বলগীয়া হৈছে।

Recent News

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd