সংযুক্ত মুক্তি বাহিনী, অসম(স্বাধীন)ক অপহৃত স্বামীক মুক্তি কৰি দিবলৈ কাতৰ অনুৰোধ কৰিছে পত্নীয়ে।
উল্লেখ্য যে, আজি প্ৰায় দুসপ্তাৰ পূৰ্বে অৰুণাচল প্ৰদেশৰ ডায়ুনত কৰ্মৰত অইলৰ দুই বিষয়া প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰক পোন্ধৰজনীয়া অস্ত্ৰধাৰী দল এটাই অপহৰণ কৰিছিল।
দুয়োগৰাকী বিষয়া ডায়ুনৰ খুমচাই খাত অইলৰ অধীনৰ কুই’প নামৰ এটা ব্যক্তিগত তৈল প্ৰতিষ্ঠানৰ কৰ্মৰত আছিল।
দুয়োগৰকী বিষয়াৰ অপহৰণ কাণ্ডত আলফা(স্বা) আৰু এনএচচিএন(কে) জড়িত থকাৰ সন্দেহ কৰা হৈছে।
অপহৰণ পিছত দুয়োগৰাকী বিষয়াৰ মুক্তিৰ বাবদ সংগঠন দুটাই ধনদাবী কৰাৰ কথা চৰ্চালৈ আহিছে।
আনহাতে আজি দুসপ্তাহে অইলৰ অপহৃত দুয়োগৰাকী বিষয়াৰে কোনো সন্ধান লাভ কৰা আৰক্ষীয়ে।
ইয়াৰে অপহৃত প্ৰণৱ কুমাৰ গগৈৰ ঘৰ শিৱসাগৰ নগৰৰ হাবিৰাম বৰুৱা পথত।
১৫ দিনে স্বামীৰ লগত কোনো যোগাযোগ কৰিব নোৱাৰি শোকত ভাগি পৰিছে অপহৃত প্ৰণৱ কুমাৰ গগৈৰ পত্নী নমিতা গগৈসহ পৰিয়ালটো।
অপহৃত স্বামী প্ৰণৱ কুমাৰ গগৈক শ্ৰীঘ্ৰেই মুকলি কৰি দিবলৈ পত্নী নমিতা গগৈয়ে অপহৰণকাৰীক হাতযোৰ কৰি কাতৰ অনুৰোধ কৰিছে।
ইফালে অপহৰণকাৰীয়ে প্ৰণৱৰ পৰিয়ালৰ সৈতে কোনো ধৰণৰ যোগাযোগ কৰা নাই যদিও তৈল প্ৰতিষ্ঠানটোৰ সৈতে কথা-বতৰা চলাই আছে বুলি জানিব পৰা গৈছে।