• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাইলৈ ১৭ মাৰ্চত বিজ্ঞানী ষ্টিফেন হকিঙৰ প্ৰতি গুৱাহাটীত শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠান

এন ই নাও নিউজ by এন ই নাও নিউজ
March 16, 2018 11:29 pm
Hawking
133
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বৰ অগণিত বিজ্ঞানী আৰু বিজ্ঞানপ্ৰেমী জনসাধাৰণক শোকস্তব্ধ কৰি যোৱা ১৪ মাৰ্চত ষ্টিফেন হকিঙে শেষ নিশ্বাস ত্যাগ কৰিলে। পদাৰ্থবিজ্ঞান-জ্যোতিৰ্বিজ্ঞান-ব্ৰহ্মাণ্ডবিজ্ঞানৰ তাত্ত্বিক গৱেষক তথা অসাধাৰণ প্ৰতিভাৰ বিশ্ববৰেণ্য বিজ্ঞানী অধ্যাপক ষ্টিফেন হকিঙৰ স্মৃতিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে কাইলৈ ১৭ মাৰ্চ শনিবাৰে গুৱাহাটীৰ তাৰকা গৃহ (প্লেনেটেৰিয়াম)ৰ সভাকক্ষত দিনৰ ৩.৩০ বজাত শ্ৰদ্ধাঞ্জলি আৰু এখন স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হৈছে। এই কথা নৰ্থ-ইষ্ট নাওক জানিবলৈ দিছে এ আই পি এছ এনৰ যুটীয়া সম্পাদক ইচফাকুৰ ৰহমান আৰু কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য অধ্যাপক তপন কুমাৰ শৰ্মাৰ লগতে ইলোৰা বিজ্ঞান মঞ্চৰ সাধাৰণ সম্পাদক কমলেশ গুপ্ত স্বাক্ষৰিত এক বিজ্ঞপ্তি যোগে।

স্মৃতিচাৰণ সভাখনৰ মূল উদ্যোক্তা হ’ল নিখিল ভাৰত জনবিজ্ঞান আন্দোলন (এ আই পি এছ এন)ৰ অন্তৰ্ভুক্ত অসমৰ চাৰিটা সংগঠন, সেইকেইটা হ’ল ক্ৰমে- অসম বিজ্ঞান সমিতি, ইলোৰা বিজ্ঞান মঞ্চ, জ্ঞান-বিজ্ঞান সমিতি, অসম আৰু চি আৰ ইউ (উত্তৰ-পূৰ্বাঞ্চল)।

এই সভাৰ লগত যুক্ত হৈছে আৰু পূৰ্ণ সহযোগিতা আগ বঢ়াইছে গুৱাহাটী প্লেনেটৰিয়ামৰ কর্তৃপক্ষ আৰু প্ৰাগজ্যোতিষ এমেচিয়াৰ এষ্ট্ৰ’নমিকেল ছ’চাইটিয়ে।

সভাত সভাপতিত্ব কৰিব বিশিষ্ট শিক্ষাবিদ তথা পদাৰ্থবিজ্ঞানী ড০ অনিল গোস্বামীয়ে আৰু নিৰ্দিষ্ট বক্তাৰ ভাষণ দিব বিশিষ্ট প্লাজমা পদাৰ্থবিজ্ঞানী ড০ সৰ্বেশ্বৰ বুজৰবৰুৱা আৰু ডঃ বিপুলজ্যোতি শইকীয়াৰ লগতে অসম বিজ্ঞান সমিতিৰ প্ৰাক্তন সভাপতি ড০ বাৰীন্দ্ৰ কুমাৰ শৰ্মাই।

এই অনুষ্ঠানত উপস্থিত থাকি বিজ্ঞান জগতৰ অন্যতম জ্যোতিষ্ক ষ্টিফেন হকিঙৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ বাবে উদ্যোক্তা সংগঠনসমূহে সকলো বিজ্ঞানপ্ৰেমী জনসাধাৰণৰ প্ৰতি আবেদন জনাইছে।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd