পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছাইক দেশৰ নিৰাপত্তা সম্পৰ্কীয় গোপন তথ্য যোগান ধৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী প্ৰাক্তন ভাৰতীয় সেনাক।
সৌৰভ শৰ্মা নামৰ এজন প্ৰাক্তন ভাৰতীয় সেনাগৰাকীৰ বিৰুদ্ধে উত্থাপিত হৈছে দেশৰ নিৰাপত্তা সংক্ৰান্তীয় গোপন তথ্য যোগান ধৰাৰ অভিযোগ। অভিযোগ উত্থাপন হোৱাৰ পিছতে লক্ষ্মৌস্থিত ভাৰতীয় সেনাৰ এটা চোৰাংচোৱা শাখাই উত্তৰ প্ৰদেশ এটিএছৰ সহযোগত গ্ৰেপ্তাৰ কৰিছে প্ৰাক্তন সেনাগৰাকীক।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰাকশিত খবৰ অনুসৰি বিগত বছৰৰ নৱেম্বৰত লক্ষ্মৌস্থিত ভাৰতীয় সেনাৰ চোৰাংচোৱা শাখাই পাকিস্তানী চোৰাংচোৱা আইএছআইৰ হৈ কোনো এজেন্টে কাম কৰি থকাৰ সম্ভেদ লাভ কৰে।
ইয়াৰ পিছতে ভাৰতীয় সেনাৰ চোৰাংচোৱা শাখাই তদন্তত নামে আৰু প্ৰাক্তন ভাৰতীয় সেনা সৌৰভ শৰ্মাৰ সেনাবাহিনীত থকা অৱস্থাত আইএছআইৰ সৈতে যোগাযোগ থকাৰ তথ্য লাভ কৰে।
দেশৰ নিৰাপত্তা সম্পৰ্কীয় বহু গুৰুত্বপূৰ্ণ তথ্য আইএছআইক যোগান ধৰি প্ৰাক্তন সেনা সৌৰভ শৰ্মাই প্ৰচুৰ ধন আৰ্জন কৰে বুলি ভাৰতীয় সেনাই প্ৰকাশ কৰিছে।
এই তথ্য লাভ কৰাৰ পিছতে ভাৰতীয় সেনাই উত্তৰ প্ৰদেশ আৰক্ষীৰে যোগাযোগ কৰে আৰু শুকুৰবাৰে বিহুনী গাঁৱত যৌথ অভিযান চলায় প্ৰাক্তন সেনা সৌৰভ শৰ্মাক গ্ৰেপ্তাৰ কৰে।
উল্লেখ্য যে ২০২০ চনৰ জুন মাহত স্বাস্থ্যজনিত কাৰণত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি সৌৰভ শৰ্মাই উত্তৰ প্ৰদেশৰ হাপুৰ জিলাৰ বিহুনী গাঁৱত বাস কৰিছিল।
গ্ৰেপ্তাৰ কৰা পিছতে ভাৰতীয় সেনাই জনাইছে যে সৌৰভ শৰ্মাই তেওঁৰ ফোনটোৰ পৰা পাকিস্তানলৈ একাধিকবাৰ ফোন আৰু মেচেজ কৰাৰ তথ্য লাভ কৰা গৈছে। ইতিমধ্য শৰ্মাৰ ফোনটো বাজেয়াপ্ত কৰি ফৰেনছিক পৰীক্ষাৰগালৈ প্ৰেৰণ কৰা হৈছে।
ভাৰতীয় সেনাৰ চোৰাংচোৱাৰ জেৰাত সৌৰভ শৰ্মাই জনোৱা মতে ২০১৪ চনত এগৰাকী পাকিস্তানী মহিলাৰ সৈতে সামাজিক মাধ্যমৰ জৰিয়তে পৰিচয় ঘটিছিল।
মহিলাগৰাকীয়ে সৌৰভ শৰ্মাক এগৰাকী সাংবাদিক বুলি পৰিচয় দিছিল আৰু ভাৰতীয় সেনাবাহিনীৰ সম্পৰ্কে এক গৱেষণামূলক প্ৰতিবেদন লিখাৰ কথা কৈছিল। এইদৰেই মহিলাগৰাকীৰ সৈতে অবিবাহিত সৌৰভ শৰ্মাৰ ঘনিষ্ঠতা বৃদ্ধি পায়।
ইয়াৰ পিছতে পাকিস্তানী গুপ্তচৰ সংস্থাৰ মহিলাগৰাকীয়ে সৌৰভ শৰ্মাৰ পৰা দেশৰ নিৰাপত্তা সম্পৰ্কীয় বহু গোপন তথ্য যোগান ধৰি প্ৰচুৰ ধন শৰ্মাক প্ৰদান কৰে বুলি প্ৰকাশ কৰিছে ভাৰতীয় সেনাৰ চোৰাংচোৱা শাখাই।