উচ্চতম ন্যায়ালয়ে মঙলবাৰে বিতৰ্কিত কৃষি আইন ৰূপায়নত স্থগিতাদেশ প্ৰদান কৰাৰ লগতে কৃষক সকলৰ সৈতে বিবাদমান বিষয় সমূহ সমাধান কৰাৰ ক্ষেত্ৰত এখন উচ্চস্তৰীয় সমিতি গঠন কৰি দিয়ে।
মুখ্য ন্যায়াধীশ এছ এ বোবদে, ন্যায়াধীশ এ এছ বোপাত্ৰা আৰু ৰামাসুব্ৰমণিয়মেৰে গঠিত বিচাৰপীঠে বিতৰ্কিত কৃষি আইনখন পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত স্থগিতাদেশ প্ৰদান কৰে।
উচ্চতম ন্যায়ালয়ে আইনখনৰ বিবাদমান বিষয় সমূহ আলোচনা কৰাৰ বাবে এখন সমিতিয়ো গঠন কৰি দিয়ে।
এই সমিতিখনত ভাৰতীয় কৃষি সংঘৰ ভূপিন্দৰ সিংহ মান, অনিল ঘংবত, ডা০ প্ৰমোদ যোশী আৰু কৃষি অৰ্থনীতিবিদ আশোক গুলেটিৰ নাম অন্তৰ্ভূক্ত কৰা হৈছে।
বিভিন্ন পক্ষৰ শুনানি গ্ৰহণ কৰাৰ পাছত উচ্চতম ন্যায়ালয়ে বিতৰ্কিত কৃষি আইনখনত স্থগিতাদেশ প্ৰদান কৰে।
আনহাতে, ভিডিঅ’ কনফাৰেন্সিঙৰ সহায়ত শুনানি গ্ৰহণ কৰাৰ সময়ত উচ্চতম ন্যায়ালয়ে কোনো শক্তিয়ে তেওঁলোকক কৃষি আইনৰ বিষয় সমূহ আলোচনা কৰাৰ ক্ষেত্ৰত সমিতি গঠনত বাধা প্ৰদান কৰিব নোৱাৰে বুলিও উল্লেখ কৰে।
বিচাৰপীঠে দেশৰ নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ অধিকাৰক লৈ চিন্তিত আৰু এই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোক বদ্ধপৰিকৰ বুলিও লগতে কয়।
ন্যায়ালয়ে শুনানিৰ সময়ত ন্যায়পালিকা আৰু ৰাজনীতিৰ মাজত যে স্পষ্ট ব্যৱধান আছে সেই সম্পৰ্কেও কৃষক সকলক আশ্বাস দিয়ে।