শিৱসাগৰৰ সুসন্তান, অসম সাহিত্য সভাৰ প্ৰাক্তান সভাপতি, বিশিষ্ট সাহিত্যিক তথা কথাশিল্পী ইমৰাণ শ্বাহক ভাৰত চৰকাৰে পদ্মশ্ৰী উপাধিৰে বিভূষিত কৰাৰ খবৰ বিয়পি পৰাৰ লগে লগে তেওঁৰ জন্মস্থান শিৱসাগৰত আনন্দৰ বন্যা বয়।
অজস্ৰ গুণমুগ্ধই কালি ৰাতিৰে পৰা মৰমৰ সাহিত্যিক শুভেচ্ছা জনাবলৈ তেওঁৰ ধাইআলিস্থিত বাসগৃহত ভিৰ কৰেহি।
আজি ইমৰাণ শ্বাহক শুভেচ্ছা জনাবলৈ তেওঁৰ ঘৰত উপস্থিত হয় অসম চৰকাৰৰ ৰাজহ তথা দূৰ্যোগব্যৱস্থাপনা মন্ত্ৰী যোগেন মহনৰ লগতে শিৱসাগৰ জিলা উপায়ুক্ত বিষ্ণু কমল বৰা, আৰক্ষী অধীক্ষক অমিতাভ সিনহা।
উল্লেখ্য যে ১৯৩৩ চনত শিৱসাগৰৰ ধাইআলিত জন্মগ্ৰহণ কৰা কথাশিল্পী গৰাকীয়ে নৱম শ্ৰেণীত পঢ়ি থাকোতেই বনবাসী নামৰ এখন কাব্য সংকলন প্ৰকাশ কৰি সাহিত্যজগতত ভুমুকি মাৰিছিল।
তেতিয়াই পৰাই একেধাৰে বিভিন্ন গল্প, নিবন্ধ, কবিতা পুথি ৰচনা কৰি অসমীয়া সাহিত্যৰ ভড়াল চহকী কৰিছে। ঈষান দত্ত, অনামিকা বৰুৱা, অমিতাভ বৰুৱা আদি ছদ্মনামেৰে বহু গল্প কবিতা লিখিছিল কথাশিল্পী গৰাকীয়ে।
সংগীতৰ সিপাৰে, জোনাকৰ ছবি, তানচেন, ইনমিতা, ক্ৰান্তিৰেখা, সাগৰিকা, জবানবন্দী, বন্ধ দুৱাৰ, মোৰ ফুলনিৰ ফুল, দৃষ্টি-সৃষ্টি, কুকুহা, বনিদী বিহংগম কান্দে, পিয়া মুখচন্দা পাথিক, দোকমোকালি আদিৰ দৰে বহু গ্ৰন্থ আৰু কবিতা পুথি লিখিছে{
২০১২ চনৰ অসম সাহিত্য সভাত সভাপতিৰ পদ অলংকিত কৰাৰ লগতে বিশিষ্ট সাহিত্যিক গৰাকীয়ে অসম চৰকাৰে অসম উপত্যকা সাহিত্য বঁটা আৰু আজানপীৰ বঁটাৰে সন্মানিত কৰিছে।
নৰ্থইষ্ট নাও পৰিয়ালৰ তৰফৰ পৰাও পদ্মশ্ৰী ইমৰাণ শ্বাহদেৱলৈ জনোৱা হ’ল আন্তৰিক শুভেচ্ছা। সক্ৰিয়হৈ থাকক তেওঁৰ কলম। দীৰ্ঘায়ু হওক তেওঁৰ জীৱন।