• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

সংস্থাপনৰ চৰকাৰী সিদ্ধান্তক লৈ টিৰাপবাসী ৰাইজৰ তীব্ৰ বিৰোধিতাৰে উত্তাল প্ৰতিবাদ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
January 27, 2021 8:52 pm
Tirap
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লাইকা-দধিয়া বাসীক মাৰ্ঘেৰিটা মহকুমাৰ পাহাৰপুৰ আৰু নামফাইত পুনৰ সংস্থাপন দিয়াৰ চৰকাৰী সিদ্ধান্তক লৈ  টিৰাপবাসী ৰাইজৰ তীব্ৰ বিৰোধিতাৰে আজি উত্তাল হৈ পৰিল লেখাপানী টিৰাপ গেট।

শ শ ৰাইজে ওলাই আহি আজি টিৰাপ গেটত অৱৰোধ কৰিলে ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ।

Apply Now

লাইকা-দধিয়াবাসীক পুনৰ সংস্থাপন দিয়াৰ বাবে মুখ্যমন্ত্ৰীৰ তত্বাৱধানত এখন উচ্চস্তৰীয় সমিতি গঠন কৰি দিয়াৰ পাছতেই সমিতিখনে ইতিমধ্যে লাইকা-দধিয়াবাসীক পাহাৰপুৰ আৰু নামফাইত  পুনৰ সংস্থাপন দিয়াৰ সংক্ৰান্তত চৰকাৰক প্ৰতিবেদন দাখিল কৰিছে।

ইয়াৰ পাছতেই উচ্চ স্তৰীয় সমিতিখনৰ উপ সমিতিখনে  লাইকা-দধিয়াবাসীক সংস্থাপনৰ বাবে আজি পাহাৰপুৰ আৰু নামফাইত ক্ষেত্ৰ অধ্যয়ন কৰিবলৈ অহাৰ উমান পাই টিৰাপ মৌজাৰ সমূহ ৰাইজ তথা জাতি জনগোষ্ঠীয় দল সংগঠনসমূহে ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই আহি পথ অৱৰোধ কৰি পৰিৱেশ উত্তাল কৰি তোলে।

কেইবাঘণ্টাজুৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ ফলত যাত্ৰীসকল যথেষ্ট আহুকলিয়া পৰিস্থিতিৰ সন্মুখীন হয়।

কোনোপধ্যে চৰকাৰৰ এই সিদ্ধান্তক মানি নলয় আৰু প্ৰয়োজনত যিকোনো পৰিৱেশৰ সূচনা কৰিবলৈ ৰাইজ সাজু বুলি দাবী কৰে আজিৰ প্ৰতিবাদী ৰাইজে।

ইফালে বিভিন্ন দল সংগঠনেও এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে।

ঘটনাস্থলীত মাৰ্ঘেৰিটা মহকুমা দণ্ডাধীশ উপস্থিত হৈ ৰাইজৰ দাবীক চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়াত  প্ৰতিবাদকাৰীসকলে পথ অৱৰোধ প্ৰত্যাহাৰ কৰে।

উল্লেখ্য যে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত থকা আঠখন গাঁৱৰ সমষ্টি লাইকা-দধিয়া বনগাঁওবাসীয়ে যোৱা এটা মাহ ধৰি পুনৰ সংস্থাপনৰ দাবীত তিনিচুকীয়াৰ লেজাইহোলা আশ্ৰয় শিৱিৰত একেলগে প্ৰতিবাদ অব্যাহত ৰাখিছে৷

এক নিৰ্ভৰযোগ্য সুত্ৰৰ পৰা জানিব পৰা অনুসৰি ৰাষ্ট্ৰীয় উদ্যানত থকা দুয়োখন বনগাঁওবাসীক পৃথকে পৃথকে পুনৰ সংস্থাপন কৰাৰ যাৱতীয় সকলো ব্যৱস্থা কৰাৰ পৰিকল্পনা ইতিমধ্যে সম্পন্ন কৰা হৈছে৷

তিনিচুকীয়া জিলাৰ অধীনত থকা লাইকাবাসীক জিলাখনৰ দুটা পৃথক অঞ্চলত সংস্থাপন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে উচ্চস্তৰীয় কমিটিয়ে।

আনহাতে ডিব্ৰুগড় জিলাৰ অধীনৰ দধিয়াবাসীৰ বাবেও অনুৰূপ পৰিকল্পনা কৰা হৈছে৷  ইয়াৰ কাৰণ হ’ল লাইকা বনগাঁও তিনিচুকীয়া জিলাত পৰে আৰু দধিয়া ডিব্ৰুগড় জিলাত।

সূত্ৰটোৰ মতে তিনিচুকীয়া জিলা প্ৰশাসন, তিনিচুকীয়া বন্যপ্ৰাণী সংমণ্ডল আৰু ডিগবৈ বন সংমণ্ডলৰ লগতে পুনৰ সংস্থাপনৰ বাবে মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিয়া উচ্চস্তৰীয় কমিটিয়ে লাইকাবাসীক সংস্থাপন দিবলৈ লাইকাৰ ৫৪০ টা পৰিয়ালক দুটা ভাগত বিভক্ত কৰি ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত মাৰ্ঘেৰিটা মহকুমাৰ পাহাৰপুৰ আৰু নামফাই বনাঞ্চলৰ পতিত ভূমিত সংস্থাপন দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে।

ইয়াৰে পাহাৰপুৰ সংৰক্ষিত বনাঞ্চলত ৩৭৯ টা আৰু নামফাই সংৰক্ষিত বনাঞ্চলত ১৬৪ টা পৰিয়ালক সংস্থাপন দিয়া হ’ব বুলি জানিব পৰা গৈছে।

পাহাৰপুৰত ৩৭৯ পৰিয়ালৰ বিপৰীতে ১৬৬ হেক্টৰ আৰু নামফাইত ১৬৪ টা পৰিয়ালৰ বিপৰীতে ৭২ হেক্টৰ ভূমি আবন্টন দিয়া হ’ব। পুনৰ সংস্থাপন কৰা লাইকাবাসীৰ বাবে উক্ত স্থানত প্ৰধানমন্ত্ৰী আৱাস গৃহ, বিদ্যুৎ সংযোগ, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, অনাময় ব্যৱস্থা, স্বাস্থ্য, শিক্ষা, বাট-পথ নিৰ্মাণৰ আঁচনি প্ৰস্তুত কৰি ইতিমধ্যে ধন আৱন্টনৰ ব্যৱস্থাও কৰা হৈছে।

জানিব পৰা অনুসৰি এপিডিচিএলে বিদ্যুৎ সংযোগৰ বাবে পাহাৰপুৰত ১.৩৬ কোটি আৰু নামফাইত ১৩.০৬৯ কোটি টকা ধাৰ্য কৰিছে।

তিনিচুকীয়া জিলা পৰিষদে মুঠ ২৩.১৬১ কিল’মিটাৰ পথ নিৰ্মাণৰ বাজেট ধাৰ্য কৰিছে।

সেইদৰে কৃষি কৰ্মৰ বাবে তিনিচুকীয়া জিলা কৃষি বিভাগে বীজৰ ব্যৱস্থা, জনস্বাস্থ্য কাৰিকৰী বিভাগে অনাময় আৰু ‘ঘৰ ঘৰ কি নল, ঘৰ ঘৰ মে জল’ আঁচনিৰ জৰিয়তে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা গ্ৰহণৰ আঁচনি প্ৰস্তুত আৰু বাজেট নিৰ্ধাৰণ কৰিছে।

ইয়াৰ বাবে বিভাগটোৱে নামফাইৰ বাবে ১৯৪.২৪ লাখ আৰু পাহাৰপুৰৰ বাবে ২৯৭.৩ লাখ টকা আনুমানিক বাজেট প্ৰস্তুত কৰিছে।

শিক্ষা গ্ৰহণৰ হেতু জাগুনৰ এখন হাইস্কুল আৰু নিকটৱৰ্তী তিনিখন এল পি স্কুলতে লাইকাৰ ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন কৰিব পাৰিব বুলিও সুত্ৰটোৱে জানিবলৈ দিয়ে৷

সেইমৰ্মে উচ্চস্তৰীয় কমিটিয়ে প্ৰতিবেদন যুগুত কৰি ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিছে। পৰৱৰ্তী সময়ত বিত্ত বিভাগৰ অনুমোদন, বেদখল মুক্ত কৰা আদি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি পুনৰ সংস্থাপন প্ৰক্ৰিয়া আগবাঢ়িব৷

উল্লেখযোগ্য যে, প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত মৃত্যু হোৱা দুগৰাকী লোক ক্ৰমে  ৰেৱতী পাৱ আৰু কুস্মিতা মৰাঙৰ পৰিয়ালক  মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা এক লাখকৈ অৰ্থ সাহায্য আগবঢ়াইছে বুলি সূত্ৰটোৱে কয়।

ইফালে পাহাৰপুৰ এলেকাৰ প্ৰায় এহেজাৰ বিঘা মাটি মাৰ্ঘেৰিটাৰ বিৰ্তকিত ব্যৱসায়ী  জুৱেল আলি নামৰ এজন পুঁজিপতি বণিয়াইৰ লগতে বহু বেদখলকাৰীয়ে উক্ত অঞ্চলত বেদখল কৰি চাহ বাগান স্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগ অনুসৰি জুৱেল আলি আৰু একাংশই নিজৰ চাহ বাগান ৰক্ষা কৰিবলৈ ইতিমধ্যে বিভিন্ন পক্ষক উচতনি দিয়া আৰম্ভ কৰিছে, যাতে পাহাৰপুৰত লাইকাবাসীৰ সংস্থাপনত বাধা আহি পৰে বুলি সূত্ৰত প্ৰকাশ৷

পুনৰ সংস্থাপনৰ দাবীৰে বিগত ২১ বছৰে আন্দোলন অব্যাহত ৰখা লাইকা-দধিয়াবাসীৰ সংস্থাপন সঁচা অৰ্থত হোৱাটোকে সকলোৱে কামনা কৰিছে যদিও পাহাৰপুৰবাসীৰ বা উক্ত অঞ্চলত বসবাস কৰা লোকসকলৰ দাবীৰ প্ৰতিও পৰ্যালোচনা কৰিবলৈ দাবী উত্থাপন হৈছে যাতে কোনো পক্ষৰ মাজতেই সংঘাত সৃষ্টি নহয়।

এই সমস্যা শান্তিপূৰ্ণভাৱে সমাধান হোৱাৰো কামনা কৰিছে সচেতন ৰাইজে। অতি স্পৰ্শকাতৰ বিষয়টো ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া অতি লক্ষণীয় হ’ব।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd