• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাটবোৰ এতিয়া বন্ধ হৈ আহিছে : অখিলৰ পত্নী গীতাশ্রী

‘ন্যায়ালয়ে যদি কৈ দিয়ে তহঁতৰ কথা শুনাৰেই সময় নাই, শুনাৰ কোনো দৰকাৰ নাই, তেন্তে আমি ক'লৈ যাম?’

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 11, 2021 7:26 pm
akhil and his wife
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি উচ্চতম ন্যায়ালয়ে কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ জামিন আবেদনৰ শুনানি নাকচ কৰাৰ পাছতে যেন ভাঙি পৰিছে অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলী।

তেওঁলোকৰ শেষ ভৰসা উচ্চতম ন্যায়ালয়ে অখিল গগৈৰ জামিন আবেদনৰ শুনানি নাকচ কৰাৰ পাছতেই দুখত ম্ৰিয়মান হৈ ফেচবুকৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

Apply Now

প্ৰথমতে ফেচবুকত তেওঁ ইংৰাজী ভাষাত লিখি কয়, ‘Where there seems to be no way, god will make one.’

যাৰ অৰ্থ হৈছে যেতিয়া সকলোবোৰ পথ বন্ধ হৈ যায় তেতিয়াই ভগৱানে নতুনকৈ এটা পথ সৃষ্টি কৰে।

তেওঁ লগতে ‘বাটবোৰ এতিয়া বন্ধ হৈ আহিছে।‘ উল্লেখ কৰি কয় ‘বাটবোৰ বন্ধ কৰি দিয়া হৈছে। ভাৰতীয় গণতন্ত্ৰত ন্যায় বিচাৰি আমি যাব পৰা শেষ ঠাই কন আছিল উচ্চতম ন্যায়ালয়।‘

‘ন্যায়ালয়ে যদি কৈ দিয়ে তহঁতৰ কথা শুনাৰেই সময় নাই, শুনাৰ কোনো দৰকাৰ নাই, তেন্তে আমি ক’লৈ যাম? শক্তিমন্ত হাতে বন্ধ কৰি দিয়া দুৱাৰত মূৰ আফালি থাকিম?’ অখিলৰ পত্নীয়ে প্ৰশ্ন কৰি কয়।

ইপিনে, ৰাজসাক্ষী নামৰ এখন গোপন নাটক কৰা বুলি উল্লেখ কৰি তামুলীয়ে লগতে কয়, ‘তাৰ পাছত, এনে পৰিচয় গোপন কৰা সাক্ষী আৰু ভুল তথ্যৰ আধাৰত উচ্চ ন্যায়ালয়ৰ দ্বাৰা জামিন নাকচ। আৰু এতিয়া?’

‘নাগৰিকৰ অধিকাৰ বোলা কথাটোৰ কি হ’ব? ক’লৈ যাব সাধাৰণ মানুহ? এইদৰে প্ৰশ্ন উত্থাপন কৰি তামুলীয়ে লগতে কয়, ‘হয়তো আজিৰ পৰা সকলো কথাকে ন কৈ ভাবিব লাগিব!’

ফেচবুক পোষ্টটোৰ শেষত অখিল পত্নীয়ে লিখি কয়, ‘আপোনালোকৰ কুশল হওক, হে’ শক্তিমন্ত অদৃশ্যসকল! যি জয়ী হয়, তেওঁৰেই জয়জয় হয়। বিধাতা পুৰুষৰ সুদৃষ্টিৰে আপোনালোক একোজন মহান অধিনায়ক! পূবৰ পৰা, পশ্চিমৰ পৰা, উত্তৰ-দক্ষিণ-সকলো দিশৰ পৰাই ভকতিৰ অজস্ৰ প্ৰণিপাত!!!’

উল্লেখযোগ্য যে, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এন ভি ৰামানা, সুৰ্য কান্ত আৰু অনিৰুদ্ধ বসুৰ তিনিজনীয়া বিচাৰপীঠে কৃষক নেতা অখিল গগৈৰ জামিন আবেদন খাৰিজ কৰিছে।

ইয়াৰ পূৰ্বে যোৱা ৭ জানুৱাৰিত গুৱাহাটী উচ্চ ন্যায়ালয়ে কৃষক নেতাগৰাকীৰ জামিন নামাঞ্জুৰ কৰিছিল।

গুৱাহাটী উচ্চ ন্যায়ালায়ে অখিল গগৈৰ জামিন খাৰিজ কৰাৰ পিছত কৃষক নেতাগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হৈছিল।

fb post

উল্লেখযোগ্য যে, কা-বিৰোধী আন্দোলনৰ সময়তে ৰাজ্যৰ কেইবাখনো থানাত অখিল গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল। তাৰে দুটা গোচৰ NIA ই তদন্তৰ বাবে লৈছিল।

অখিলৰ বিৰুদ্ধে চাবুৱা থানাত ৬ টা, ডিব্ৰুগড়ত ১ টা, গৌৰীসাগৰ থানাত ১ টা, শিৱসাগৰ থানাত ১ টা, টিয়ক থানাত ১টা, যোৰহাট থানাত এটা আৰু ক্ৰাইম ব্ৰাঞ্চত এটা আৰু চান্দমাৰি থানাত ১ টা গোচৰ ৰুজু হৈছিল।

চান্দমাৰি থানাক বাদ দি বাকীকেইটা গোচৰত ইতিমধ্যে জামিন লাভ কৰিলে অখিলে।

যোৱা এবছৰে কাৰাৰুদ্ধ অখিল গগৈ বিভিন্ন ৰোগত আক্ৰান্ত হৈ বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চৰম নিৰ্যাতন! বিয়াৰ ৪৭ দিন পিছত শহুৰেকৰ ঘৰত কইনাৰ ৰহস্যজনক মৃত্যু; স্বামীক গ্ৰেপ্তাৰ

চৰম নিৰ্যাতন! বিয়াৰ ৪৭ দিন পিছত শহুৰেকৰ ঘৰত কইনাৰ ৰহস্যজনক মৃত্যু; স্বামীক গ্ৰেপ্তাৰ

June 18, 2026 7:25 pm
ইউপিআই আৰু এটিএমৰ জৰিয়তেও উলিয়াব পাৰিব পিএফৰ ধন : নতুন নিয়ম আনিছে কেন্দ্ৰীয় চৰকাৰে

ইউপিআই আৰু এটিএমৰ জৰিয়তেও উলিয়াব পাৰিব পিএফৰ ধন : নতুন নিয়ম আনিছে কেন্দ্ৰীয় চৰকাৰে

June 18, 2026 7:17 pm
টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

June 18, 2026 5:51 pm
শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

June 18, 2026 5:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰম নিৰ্যাতন! বিয়াৰ ৪৭ দিন পিছত শহুৰেকৰ ঘৰত কইনাৰ ৰহস্যজনক মৃত্যু; স্বামীক গ্ৰেপ্তাৰ

চৰম নিৰ্যাতন! বিয়াৰ ৪৭ দিন পিছত শহুৰেকৰ ঘৰত কইনাৰ ৰহস্যজনক মৃত্যু; স্বামীক গ্ৰেপ্তাৰ

June 18, 2026 7:25 pm
ইউপিআই আৰু এটিএমৰ জৰিয়তেও উলিয়াব পাৰিব পিএফৰ ধন : নতুন নিয়ম আনিছে কেন্দ্ৰীয় চৰকাৰে

ইউপিআই আৰু এটিএমৰ জৰিয়তেও উলিয়াব পাৰিব পিএফৰ ধন : নতুন নিয়ম আনিছে কেন্দ্ৰীয় চৰকাৰে

June 18, 2026 7:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd