• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ন নোহোৱালৈকে ছাত্ৰ সন্থা ক্ষান্ত নহওঁ: দীপাংক নাথ

‘দিল্লীৰ ৰঙা চকুৰ ভয়ত মুখ্যমন্ত্ৰীয়ে প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰৰ হাতত দাখিল কৰিব নোৱাৰিলে’

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
February 18, 2021 6:45 pm
IMG_20210218_161815

আছুৰ সভাপতি দীপাংক কুমাৰ নাথৰ সংবাদমেল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ বাবে গঠন কৰি দিয়া পৰামৰ্শদাতা কমিটিৰ প্ৰতিবেদন ৰূপায়ণ বাস্তৱৰ পৰা বহু দূৰত বুলি মন্তব্য কৰাৰ পাছতে তেওঁক উভতি ধৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পাছতে ইয়াক লৈ শ্বহীদ ন্যাসত সংবাদমেল সম্বোধন কৰি আছুৰ সভাপতি দীপাংক কুমাৰ নাথে কয়, ‘কালি অসম চুক্তিৰ ৬নং দফা সন্দৰ্ভত অসম চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে যি মন্তব্য ৰাখিলে তাক আমি ধিক্কাৰ দিছো। আছুৰ স্পষ্ট কথা অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ন নোহোৱা লৈকে ছাত্ৰ সন্থা ক্ষান্ত নহওঁ।‘

Apply Now

ইপিনে ৬নং দফা ৰূপায়ণৰ ক্ষেত্ৰত বিধি পথালি দিবৰ বাবেই অসম চৰকাৰৰ মন্ত্ৰী গৰাকীয়ে অবাবত এনে মন্তব্য কৰিছে বুলি দাবী কৰে নাথে।

আনহাতে, অসমৰ মুখ্যমন্ত্ৰীয়ে চূড়ান্ত দায়িত্বহীনতাৰ পৰিচয় দিছে বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘অসম চুক্তি ৬নং দফা আখৰে আখৰে ৰূপায়ন হব লাগে আৰু তাৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগে এখন কমিটি গঠন কৰি দিছিল। ১৪ গৰাকী সদস্য এই সমিতিৰ অন্তৰ্ভুক্ত হৈছিল। ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাকে ধৰি সভাপতি-সম্পাদক সদস্য হিচাপে আছিলোঁ।‘

দুখন ৰাজ্যৰ এডভোকেট জেনেৰেল আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ শ্ৰীযুত বিপ্লব কুমাৰ শৰ্মাৰ অধ্যক্ষতাত এই কমিটি গঠন হৈছিল আৰু কমিটিয়ে এখন প্ৰতিবেদন দাখিল কৰিছিল। কিন্তু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এইখন প্ৰতিবেদন গ্ৰহণ নকৰাত এই প্ৰতিবেদনখন অসমৰ মুখ্যমন্ত্ৰীৰ হাতত দাখিল কৰা হৈছিল বুলি সংবাদমেলত দাবী কৰে নাথে।

তেওঁ আৰু কয়, ‘দিল্লীৰ ৰঙা চকুৰ ভয়ত মুখ্যমন্ত্ৰীয়ে প্ৰতিবেদনখন কেন্দ্ৰীয়  চৰকাৰৰ হাতত দাখিল কৰিব পৰা নাছিল এই কথা সংসদত ধৰা পৰিছিল। অসমীয়া জাতিয়ে অসমৰ মুখ্যমন্ত্ৰীক কোনো দিনে ক্ষমা নকৰে।‘

অসমৰ ৰাইজক বিপথে পৰিচালনা কৰিবৰ বাবে কালি মন্ত্ৰী গৰাকীয়ে কৰা মন্তব্য অতিকৈ গৰিহণা আৰু ধিক্কাৰযোগ্য বুলি উল্লেখ কৰে আছুৰ সভাপতি গৰাকীয়ে।

তেওঁ লগতে কয়, ‘অসম চুক্তি ৬নং দফাৰ সন্দৰ্ভত কৰা গাফিলতি অসমীয়া জাতিক কৰা গাফিলতি। অসমীয়া জাতিটোৱে বিদেশীৰ বোজা লৈ দিন পাৰ  কৰিবলগীয়া হৈছে।‘

ইপিনে, ৬নং দফাত আমাক নিৰাপত্তা দিয়া কথাটো উল্লেখ আছিল বুলি কৈ তেওঁ লগতে কয়, ‘বিধায়িনী আৰু প্ৰশাসনিক নিৰাপত্তা দিয়াৰ কথা আছিল আৰু এইখিনি দিবলৈ যাওঁতে কিছু সাংবিধানিক সংশোধনীৰ কথা আহিব আৰু সেইকাৰণে প্ৰতি দুমাহৰ মূৰে মূৰে এই কথাতো আলোচনা কৰি বিষয়টো আগবঢ়োৱা কথা আছিল। কিন্তু এটা কথাও কাৰ্য্যকৰী নকৰাকৈ অকল মানুহক বিপথে পৰিচালিত কৰা এটা কৌশল হিচাপে কালি মন্ত্ৰী গৰাকীৰ জৰিয়তে এই কথাটো উল্লেখ কৰালে।‘

উল্লেখযোগ্য যে, জাতি-মাটি-ভেটিৰ কথা কৈ শাসনৰ গাদী দখল কৰা এইখন বিজেপি চৰকাৰে ৬ নং দফা ৰূপায়ণৰ বাবে কোনোধৰণৰ ব্যৱস্থাই হাতত নল’লে।

জাহ্নৱী বৰুৱা

জাহ্নৱী বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd