• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

আদিংগিৰিৰ এঢলীয়া সমতলত অভিজ্ঞানমৰ ৰাষ্ট্ৰীয় নাট উৎসৱ, ২০২১: এক অনন্য অনুভৱ

 মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
February 18, 2021 7:39 pm
obhi 1

অভিজ্ঞানমৰ ৰাষ্ট্ৰীয় নাট উৎসৱ, ২০২১ ত মঞ্চস্থ হোৱা এখন নাটৰ এক বিশেষ মুহূৰ্ত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰকৃতিৰ সৈতে সংপৃক্ত নাটকৰ সৌন্দৰ্যৰ উপভোগ কৰিলোঁ অভিজ্ঞানমৰ ক্ষেত্ৰত। গুৱাহাটী চহৰৰ পৰা কিছু নিলগত মালিগাওঁ আদিংগিৰিত চিৰিয়াছ নাট্যকৰ্মী ৰণহাং চৌধুৰীয়ে এজাক নাট্যপ্ৰাণকলৈ প্ৰাকৃতিক ভাৱে গঢ়ি তুলিছে এটা নাটকৰ উদ্যোগ।

আদিংগিৰি পাহাৰৰ চূড়াত প্ৰায় ১০০ টা মাটিৰ ঢাপ কাটি , লুঙলুঙীয়া সমতলৰ সেন্দুৰী আলিৰ কেঁকুৰিত এখনি প্ৰাকৃতিক ভাৱে সজাই তোলা মঞ্চ।সন্মুখত কিছু নান্দনিক দূৰত্ব অতিক্ৰম কৰি আকৌ মাটি কাটি তৈয়াৰ কৰিছে দৰ্শকৰ দীঘলীয়া আসন।

চাৰিওফালে বিভিন্ন প্ৰজাতিৰ ওখ-চাপৰ গছ-গছনিৰ লগতে অসমীয়া বাৰীৰ প্ৰাণ তামোল ,বাঁহ,কল গছ। এক নৈসৰ্গিক পৰিবেশত বিভিন্ন চৰাই-চিৰিকতিৰ কলৰৱ। গছৰ ডালে-পাতে কপিকুলৰ অন্য এক উৎসৱ। । কংক্ৰিট চহৰৰ দাঁতিতেই এইদৰেই আদিংগিৰিত এইবাৰ প্ৰকৃতিৰ সৈতে একাত্ম হ’ল মানুহ।

এনে নৈসৰ্গিক পৰিবেশত নাটক চাবলৈও মানুহৰ সোঁত বৈছিল । নিঃসন্দেহে পৰ্যটকৰ বাবেও আকৰ্ষণ হব আদিংগিৰি।আচলতে তেনেধৰণেৰে সজাই তোলা হৈছে সমগ্র পৰিবেশ। এক অনন্য প্ৰয়াস অভিজ্ঞানমৰ। আদিংগিৰি ৰাষ্ট্ৰীয় নাট সমাৰোহ ২০২১। য’ত মঞ্চস্থ হ’ল মুঠ চাৰিখনকৈ নাট। ৬ আৰু ৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা এই নাট উৎসৱৰথলীত প্ৰথম দিনা মঞ্চস্থ হ’ল দুখনকৈ নাট।

আৰম্ভণিতে পৰিবেশ সৃষ্টিৰ বাবে বিয়লি ৩ বজাত মাটি-মানুহৰ সংগীত শিল্পী অৰূপজ্যোতি বৰুৱাৰ কাল্টিভেটৰচ্ গুৱাহাটীৰ সংগীত দলটোৰ দ্বাৰা পৰিবেশন হল এটি মনোজ্ঞ সংগীতানুষ্ঠানৰ। মিউজিক ইন নেচাৰ শীৰ্ষক এই অনুষ্ঠান টোৱে থলুৱা -আধুনিক ৰ সংযোগ কৰি পৰিবেশন কৰা সংগীতে আদিংগিৰিৰ পৰিবেশটোক অধিক জীপাল কৰি তুলিলে।

ইয়াৰ পিছতে মঞ্চ মুকলি অনুষ্ঠানত অসমৰ স্ব-নামধন্য নাট্য শিল্পী ক্ৰমে বিশিষ্ট নাট্যকাৰ, পৰিচালক দুলাল ৰয়,বাহাৰুল ইছলাম ,ভাগিৰথী বাই ইছলাম, প্ৰাঞ্জল শইকীয়া, আদি বিশিষ্ট শিল্পী য়ে নাট উৎসৱভাগি মুকলি কৰে।

লগে লগে প্ৰথম দিনাৰ প্ৰথম নাট সংগম ৰংগমণ্ডল জৱলপুৰ মধ্যপ্ৰদেশৰ নিবেদনত স্বাতী ডুৱেৰ পৰিচালনাত “অগৰবট্টি” নাটখনিৰ সফল মঞ্চায়ন হ’য়। ইয়াৰপিছতেই বাঁ ৰ নিবেদনত ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত ৰাইজৰ সমাদৰ পাবলৈ সক্ষম হোৱা অন্য এখনি নাট “পদ্মাপ্ৰিয়া” মঞ্চস্থ হ’য়। জ্ঞানপীঠ বঁটা বিজয়ী ড° মামনি ৰয়চম গোস্বামীৰ উপন্যাস দেৱীপীঠৰ তেজৰ নাট্যৰূপ পদ্মাপ্ৰিয়া ৰ ৰচনা ও পৰিচালনা আছিল বলিষ্ঠ অভিনেত্ৰী তথা পৰিচালক পাকিজা বেগমৰ। একক চৰিত্ৰৰ এই নাটখনিত পৰিচালক পাকিজা বেগমে নিজেই অতি সাৱলীল অভিনয়ৰে দৰ্শকক একাত্ম কৰিলে।

দ্বিতীয় দিনা পুৱা ১০ বজাত কিছু কথা নাটক,চিনেমাৰ, কিছু কথা সমাজৰ শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হ’য়। প্ৰায় দুঘন্টা সময় ধৰি চলা এই আলোচনা চক্ৰৰ গঠনমূলক আলোচনাই নাট্যকৰ্মী সকলক যথেষ্ট অনুপ্ৰাণিত কৰে। ইয়াৰ পিছতেই বিয়লি ৩ বজাত উত্তৰণ চামতা নলবাৰী ৰ নিবেদনত মঞ্চস্থ হ’য় এখনি শিশু নাট “সৰ্বজন” । ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ সাধু ওপৰত মঞ্চস্থ হোৱা নাটখনিৰ ৰচনা ও পৰিচালনা কৰিছিল উদীয়মান নাট্যকৰ্মী কুলদীপ তালুকদাৰে।

obhi2

শিশু সকলক এনেদৰে অভিজ্ঞানমৰ মজিয়াত স্থান দিয়াটো অসমৰ নাট্যক্ষেত্ৰৰ বাবে এক শুভলক্ষণ। দ্বিতীয় বাৰৰ বাবে অভিজ্ঞানমে আগবঢ়াইছে স্বৰ্গীয় দেবব্ৰত চৌধুৰী নাট্য ব্যক্তিত্ব বঁটা। অভিজ্ঞানমৰ অন্য এজন শুভচিন্তক তথা পৰামৰ্শদাতা দেবব্ৰত চৌধুৰীৰ স্মৰণত এই  বঁটা আগবঢ়োৱা হয়  অসমীয়া বোলছবি জগতৰ অন্য এক জ্যোতিষ্ক তথা নাট্য জগতৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত প্ৰাঞ্জল শইকীয়ালৈ। নিঃসন্দেহে  এয়া যোগ্য ব্যক্তিলৈ যোগ্য সন্মান ।

নাট উৎসৱৰ শেষ প্ৰযোজনা আছিল অভিজ্ঞানমৰ এই বৰ্ষৰ নাট “প্ৰফেছাৰ কেলফাছ ফেক্টৰী” । শ বছৰ পুৰণি এটা সঁচা কাহিনীৰ আধাৰত ৰচিত নাটখনিৰ ৰচনা আৰু পৰিচালনা আছিল চিৰিয়াছ নাট্যকৰ্মী ৰণহাং চৌধুৰীৰ। “মঞ্চ” সৰুপেটা ,বৰপেটাৰ দ্বাৰা মঞ্চায়ন হোৱা নাটখনিয়ে দৰ্শকৰ যথেষ্ট সমাদৰ লাভ কৰা দেখা গল।

নাটকক জনমুখী কৰিবলৈ মুক্তাঙ্গণত নাটক পৰিবেশন হৈছে ।যদিও পাহাৰৰ চূড়াত প্ৰথমবাৰৰ বাবে দৰ্শন কৰা এই অভিজ্ঞতা নিশ্চয়কৈ অনন্য হৈ ৰব। লক্ষ্যণীয় কথাটো হ’ল অভিজ্ঞানমে এই বৰ্ষত নাট্য পৰ্যটকক আদৰিবলৈ  নান্দনিক প্ৰাকৃতিক পৰিবেশৰ মাজতে থকা – খোৱাৰ ব্যৱস্থা কৰিছিল। নিশ্চিতভাৱে টীম অভিজ্ঞানমৰ এই চিন্তা অসমৰ নাট্য জগতৰ বাবে মাইলৰ খুটি স্বৰূপ হ’ব।

 মীনাক্ষী ফুকন

মীনাক্ষী ফুকন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 14, 2025 1:35 pm
‘বাংকাৰ’ত লৈছিল আশ্ৰয়, খাটিছিল জেলো; এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আইভৰি কোষ্টৰ ‘লৌহ মানৱী’

‘বাংকাৰ’ত লৈছিল আশ্ৰয়, খাটিছিল জেলো; এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আইভৰি কোষ্টৰ ‘লৌহ মানৱী’

September 14, 2025 12:46 pm
ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

September 14, 2025 12:27 pm
অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি

অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি

September 14, 2025 12:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 14, 2025 1:35 pm
‘বাংকাৰ’ত লৈছিল আশ্ৰয়, খাটিছিল জেলো; এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আইভৰি কোষ্টৰ ‘লৌহ মানৱী’

‘বাংকাৰ’ত লৈছিল আশ্ৰয়, খাটিছিল জেলো; এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আইভৰি কোষ্টৰ ‘লৌহ মানৱী’

September 14, 2025 12:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd