• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ ডিজিটেল প্ৰচাৰৰ ধুমুহা; ৰাইজৰ ধন শৰাধ,পৰি ৰ’ল বহু প্ৰতিশ্ৰুতি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 18, 2021 8:31 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিয়ে ইতিমধ্যে আৰম্ভ কৰিছে হাইভল্টেজ ডিজিটেল কেম্পেইন কিন্তু বহু পূৰ্বৰ প্ৰতিশ্ৰুতি পূৰণত একেবাৰে ব্যৰ্থ বিজেপি চৰকাৰ!

তথাপি বিজেপিয়ে বিভিন্ন পন্থা অৱলম্বন কৰি চলাইছে হাইভল্টেজ কেম্পেইন। ইতিমধ্যে, প্ৰচাৰৰ নামত কোটি কোটি টকা শৰাধ কৰা বুলি বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে বিৰোধী শিবিৰে।

Apply Now

২০২১ ৰ বিধানসভা নিৰ্বাচনলৈ প্ৰায় ১ টা মাহ থকাৰ তেনে সময়তে বিজেপিৰ প্ৰচাৰৰ ক্ষেত্ৰত যথেষ্ট ব্যয়বহুলতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে।

ছ’চিয়েল মেডিয়াত বিজেপিয়ে যিদৰে তেওঁলোকৰ আঁচনিসমূহক লৈ প্ৰচাৰ চলাইছে বা পেপাৰ, টেলিভিছন আৰু বিভিন্ন ৱেব পৰ্টেলত প্ৰচাৰ চলোৱাৰ সমান্তৰালকৈ গাঁৱে ভুঞে প্ৰচাৰৰ ক্ষেত্ৰত বিজেপিয়ে ব্যৱহাৰ কৰিছে ভিডিঅ’ ভেন।

বিজেপিয়ে প্ৰচাৰৰ নামত ব্যৱহাৰ কৰা ভিডিঅ’ ভেন যেন একপ্ৰকাৰৰ হাই কেম্পেইন মেটেৰিয়েল হিচাপে পৰিগণিত হৈছে। এই ভিডিঅ’ ভেনত সংযুক্ত থাকে আয়তাকাৰ LED টিভি। টাটা AC আৰু ট্ৰাকত সংলগ্ন এই LED টেলিভিছনৰ দৈৰ্ঘ্য-প্ৰস্থ সুকীয়া। টাটা AC ৰ ক্ষেত্ৰত LED টেলিভিচনৰ দৈৰ্ঘ্য ৪ ফুট আৰু প্ৰস্থ ৬ ফুট। ঠিক সেইদৰে ট্ৰাকৰ ক্ষেত্ৰত দৈৰ্ঘ্য ৮ ফুট আৰু প্ৰস্থ ১২ ফুট। এই ভিডিঅ’ ভেন পৰিচালনা কৰাৰ বাবদ নিয়োগ কৰা হৈছে দুই-তিনিজনকৈ লোক।

তাৎপৰ্য্যপূৰ্ণভাৱে অসমত বিজেপিয়ে প্ৰচাৰৰ বাবে এনে ভিডিঅ’ ভেন আনিছে এশখন। যোৱা ২৭ জানুৱাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে উদ্বোধন কৰিছিল এই ভিডিঅ’ভেনৰ শুভাৰম্ভ। বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ দাবী ‘বিশ্বৰ সৰ্ববৃহৎ সংগঠন হিচাপে বিজেপিয়ে চলাব পাৰে এনে প্ৰচাৰ।‘

নিজে স্বীকাৰ নকৰিলেও ব্যয়বহুল প্ৰচাৰ চলোৱা বিজেপিৰ এগৰাকী নেতা পবিত্ৰ মাৰ্ঘেৰিটাই কয় ‘সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত ১০০ খন বাহন ঘুৰি প্ৰচাৰ চলাই আছে। এয়া অতি সামান্য খৰচ। এই ভেনসমূহ নিৰ্বাচন হোৱা স্থানলৈ যায়। এই ভেনসমূহ পূৰ্বতে বিহাৰত আছিল, এতিয়া অসমত আছে তাৰ পাছত পশ্চিমবংগ আৰু ত্ৰিপুৰালৈ যাব। এয়া নিৰবিচ্ছিন্ন ধাৰাবাহিক প্ৰক্ৰিয়া। বেলেগৰ সাংগঠনিক শক্তি নাই নোৱাৰে, বিশ্বৰ সৰ্ববৃহৎ সংগঠন হিচাপে আমাৰ সাংগঠনিক শক্তি আছে বাবে পাৰিছো। দলৰ শক্তি থকাৰ বাবে বাজেটৰ কথা নাহে।‘

ইয়াৰোপৰি, ভিডিঅ’ ভেনৰ উপৰিও কি কি হাই কেম্পেইন মেটেৰিয়েল ব্যৱহাৰ কৰা হৈছে বুলি প্ৰশ্ন কৰাত তেওঁ কয় ‘সদায় আধুনিক হৈ থকা বাতৰি কাকত, ৰেডিঅ’, চেটেলাইট চেনেল, পোনপটীয়া প্ৰচাৰৰ বাবে ভিডিঅ’ ভেন, সাংস্কৃতিক অনুষ্ঠান, ছ’চিয়েল মেডিয়াৰ আটাইকেইটা প্লেটফৰ্ম।‘

বিজেপিৰ মুখপাত্ৰ তথা নিৰ্বাচনী প্ৰচাৰ কমিটিৰ আহ্বায়কৰ দায়িত্বত থকা পবিত্ৰ মাৰ্ঘেৰিটাৰ দাবী ‘ৰাজ্য চৰকাৰৰ সকলো উন্নয়নমূলক কাম ৰাইজৰ মাজলৈ নিছে এই ভিডিঅ’ ভেনে।

কিন্তু প্ৰকৃতাৰ্থত অসমৰ সৰ্বাঙ্গীন দিশত উন্নয়ন হৈছে নে?

বিজেপিয়ে ডিজিটেলী প্ৰচাৰৰ নামত কোটি কোটি টকা শৰাধ কৰাতকৈ সেয়া নিবনুৱা সংস্থাপন নাইবা অন্যান্য সৰ্বাঙ্গীন উন্নয়নত গুৰুত্ব দিব নোৱাৰে নেকি? এই প্ৰশ্ন অসম জাতীয় পৰিষদৰ। অসম জাতীয় পৰিষদৰ মতে ‘AJP ৰ উত্থানত শংকিত হৈ বিজেপিয়ে চলাইছে হাইভল্টেজ কেম্পেইন’।

এই সন্দৰ্ভত অসম জাতীয় পৰিষদৰ মুখ্য আহ্বায়ক ড০ বসন্ত ডেকাই কয়, ‘বিজেপিয়ে দাবী কৰি আছে যে তেওঁলোকৰ ১ কোটি হিতাধিকাৰী আছে আৰু আটাইবোৰে বিজেপিক ভোট দিব। তেন্তে তেওঁলোকে প্ৰচাৰ নকৰি ঘৰত বহি থাকিলেও ভোট লাভ কৰিব। তেওঁলোকে অসম জাতীয় পৰিষদৰ উত্থানত ভয় খাইছে। মানুহৰ মাজত চিন্তাৰ পৰিৱৰ্তন হৈছে। এইবাৰ সকলোৱে পৰিৱৰ্তন নহয় পৰিত্ৰাণহে বিচাৰিছে।‘

ইপিনে, নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হোৱাৰ বাবেই বিজেপিয়ে এতিয়া যেন ডিজিটেল প্ৰচাৰৰ জৰিয়তে ঢাক-ঢোল কোবোৱা আৰম্ভ কৰিছে বুলি সদৰী কৰে আঞ্চলিক গণ মৰ্চাৰ নেতা অজিত ভুঞাই।

তেওঁৰ মতে ‘প্ৰচাৰ যন্ত্ৰ ব্যৱহাৰত পাকৈত বিজেপি’

সেয়েহে প্ৰচাৰত হাই কেম্পেইন মেটেৰিয়েল ব্যৱহাৰতকৈ গাঁৱে ভুঞে ডিজিটেল ব্যৱস্থা শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান আঞ্চলিক গণ মৰ্চাৰ সভাপতি অজিত ভুঞাৰ।

ডিজিটেলী প্ৰচাৰৰ জৰিয়তে যিদৰে ৰাইজৰ মাজত সোমাবলৈ বিজেপিয়ে চেষ্টা চলাইছে ঠিক সেইদৰে প্ৰকৃতাৰ্থত এই পাঁচ বছৰে নিবনুৱাক চাকৰি নাইবা অন্য জনকল্যাণমূলক কাম-কাজত গুৰুত্ব দিব লাগিছিল শাসনাধীষ্ঠ চৰকাৰখনে। তেতিয়া এনেদৰে হাই ভল্টেজ প্ৰচাৰ নকৰাকৈ নিশ্চয়কৈ তেওঁলোকক ৰাইজে আঁকোৱালি ল’লেহেঁতেন বুলি সচেতন মহলত চৰ্চা চলিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd