• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ত্যাগৰ পাছত ত্যাগ! এইবাৰ ত্যাগ কৰিলে ৰাইজৰ দলৰ ৰাছেল হুছেইনে

AJP নহয়, ৰাইজৰ দলেহে কৰি আছে এটাৰ পাছত আন এটা ত্যাগ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 17, 2021 6:31 pm
75591a67-13a8-49ec-b485-eb7fd547d967(1)

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত এটাৰ পাছত আন এটা সৰ্বোচ্চ ত্যাগ কৰিছে ৰাইজৰ দলে। অখিল গগৈয়ে মৰিয়নী সমষ্টিৰ পৰা মনোনয়ন উঠাই লোৱাৰ পাছত এইবাৰ ৰাইজৰ দলৰ উপ সভাপতি ৰাছেল হুছেইনে বৰক্ষেত্ৰী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব উঠাই লয়।

একমাত্ৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী পুলকেশ বৰুৱাক জয়ী কৰোৱাৰ স্বাৰ্থত বা আঞ্চলিকতাবাদী ভোট বিভাজন নহ’বৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি আজি এক সংবাদমেলযোগে জানিবলৈ দিয়ে ৰাছেল হুছেইনে।

উল্লেখযোগ্য যে, বৰক্ষেত্ৰী সমষ্টিৰ পৰা হুছেইনে ৰাইজৰ দলৰ হৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিম বুলি অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বক জনাই আহিছিল যদিও সেই কথাত গুৰুত্ব নিদি অসম জাতীয় পৰিষদে সমষ্টিটোত প্ৰাক্তন বিধায়ক তথা বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ পুলকেশ বৰুৱাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল।

ইপিনে, ৰাইজৰ দলে অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বলৈ বাৰম্বাৰ পত্ৰ লিখি বৰক্ষেত্ৰীৰ লগতে ৰাইজৰ দলে প্ৰাৰ্থী দিয়া সমষ্টিত প্ৰাৰ্থিত্ব নিদিবৰ বাবে আহ্বান জনাই বিষয়টো পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছিল।

কিন্তু আজি পৰ্য্যন্ত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে বিষয়টো গুৰুত্ব নিদিয়াত আজি ৰাছেল হুছেইনে নিজেই প্ৰার্থিত্ব উঠাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখযোগ্য যে, সৰ্বোচ্চ ত্যাগৰ বাবে প্ৰস্তুত ৰাইজৰ দলে কেৱল বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত বা বিজেপি বিৰোধী শিবিৰৰ এগৰাকী প্ৰাৰ্থীক জয়ী কৰোৱাই অনাৰ স্বাৰ্থত তিনিটা পৰ্য্যায়ৰ নিৰ্বাচনত ১২৬ টা সমষ্টিৰ ভিতৰত বৰ্তমানলৈকে ৩০ টা সমষ্টিতহে প্ৰাৰ্থী থিয় কৰাইছে।

অৱশ্যে, অসম জাতীয় পৰিষদে এতিয়ালৈকে ১০০ ৰো অধিক সমষ্টিত প্ৰাৰ্থী থিয় কৰাইছে।ইপিনে, ৰাইজৰ দলে প্ৰাৰ্থী থিয় কৰোৱা প্ৰায় ১০ টা সমষ্টিত অসম জাতীয় পৰিষদে প্ৰাৰ্থী থিয় কৰাইছে।

প্ৰশ্ন হৈছে ‘মিত্ৰতাৰ ধৰ্ম কিয় অৱলম্বন কৰা নাই নতুন আঞ্চলিক ৰাজনৈতিক শক্তি দুটাই? যদি এটা সমষ্টিতে দুয়োটা দলৰে প্ৰাৰ্থী থাকে তেন্তে আঞ্চলিকতাবাদী শিবিৰৰ ভোট বিভাজন হৈ বিজেপিক জয়ী কৰোৱাৰ দৰে নহ’বনে?

ইতিমধ্যে, নলবাৰী জিলাৰ তিনিটা সমষ্টি ক্ৰমে নলবাৰী, বৰক্ষেত্ৰী আৰু ধৰ্মপুৰ সমষ্টিতে অসম জাতীয় পৰিষদে প্ৰাৰ্থী থিয় কৰাইছিল। দুটা সমষ্টি বাদ দি বৰক্ষেত্ৰী সমষ্টিটো ৰাইজৰ দলে বিচাৰিছিল যদিও তাতো পুলকেশ বৰুৱাক থিয় কৰোৱাত অৱশেষত ৰাইজৰ দলেই উঠাই ল’লে প্ৰাৰ্থিত্ব।

ইপিনে, বৰক্ষেত্ৰী সমষ্টিটো অসম জাতীয় পৰিষদক এৰি দিয়াত ৰাছেল হুছেইনক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰে প্ৰাৰ্থী পুলকেশ বৰুৱাই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এতিয়াও পুৰণি প্ৰেচাৰ কুকাৰত ৰন্ধা-বঢ়া কৰি আছে নেকি? চিকিৎসকে দিছে সকীয়নি

এতিয়াও পুৰণি প্ৰেচাৰ কুকাৰত ৰন্ধা-বঢ়া কৰি আছে নেকি? চিকিৎসকে দিছে সকীয়নি

August 27, 2025 6:31 am
নিৰ্বাচন আয়োগে নহয়, বিজেপিয়েহে নিৰ্দ্ধাৰণ কৰে নিৰ্বাচনৰ তাৰিখ : আকৌ ডাঙৰ অভিযোগ ৰাহুল গান্ধীৰ

নিৰ্বাচন আয়োগে নহয়, বিজেপিয়েহে নিৰ্দ্ধাৰণ কৰে নিৰ্বাচনৰ তাৰিখ : আকৌ ডাঙৰ অভিযোগ ৰাহুল গান্ধীৰ

August 26, 2025 9:27 pm
ডিগ্ৰী কলেজ আৰু চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ডিমা হাছাওত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

ডিগ্ৰী কলেজ আৰু চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ডিমা হাছাওত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

August 26, 2025 8:23 pm
আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত সদৌ অসম ভিত্তিত আন্তঃ মহাবিদ্যালয়-বিশ্ববিদ্যালয় তর্ক প্রতিযোগিতাৰ আয়োজন

আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত সদৌ অসম ভিত্তিত আন্তঃ মহাবিদ্যালয়-বিশ্ববিদ্যালয় তর্ক প্রতিযোগিতাৰ আয়োজন

August 26, 2025 7:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এতিয়াও পুৰণি প্ৰেচাৰ কুকাৰত ৰন্ধা-বঢ়া কৰি আছে নেকি? চিকিৎসকে দিছে সকীয়নি

এতিয়াও পুৰণি প্ৰেচাৰ কুকাৰত ৰন্ধা-বঢ়া কৰি আছে নেকি? চিকিৎসকে দিছে সকীয়নি

August 27, 2025 6:31 am
নিৰ্বাচন আয়োগে নহয়, বিজেপিয়েহে নিৰ্দ্ধাৰণ কৰে নিৰ্বাচনৰ তাৰিখ : আকৌ ডাঙৰ অভিযোগ ৰাহুল গান্ধীৰ

নিৰ্বাচন আয়োগে নহয়, বিজেপিয়েহে নিৰ্দ্ধাৰণ কৰে নিৰ্বাচনৰ তাৰিখ : আকৌ ডাঙৰ অভিযোগ ৰাহুল গান্ধীৰ

August 26, 2025 9:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd