শিৱসাগৰৰ লগতে ৰাজ্যৰ জাতীয়তাবাদী শিৱিৰৰ মাজত সকলোৰে মনত এটাই প্ৰশ্ন ‘অখিল গগৈ শিৱসাগৰৰ পৰা জয়ী হ’ব নে?
এই প্ৰশ্নই সকলোৰে মন উগুল-থুগুল কৰি থাকোতেই কন্ঠশিল্পী তথা সংগীত পৰিচালক মানস ৰবীনে দিছে এক ফেইচবুক পোষ্ট। পোষ্টটোত পোনপটীয়াকৈ মানস ৰবীনে প্ৰশ্ন কৰিছে ‘অখিল গগৈ জিকিবনে?
উত্তৰটো নিজে দি মানস ৰবীনে পুনৰ লিখিছে ‘হয় অখিল গগৈ হাৰিব।‘
এই কথা লিখাৰ পূৰ্বে ৰাজনীতিৰ অংক এটাৰ বিষয়ে উল্লেখ কৰে মানস ৰবীনে।
তেওঁ নিজৰ ফেইচবুক পেইজত লিখি কয় ‘ৰাজনীতিত অংক শাস্ত্ৰৰ গুৰুত্ব অপৰিসীম আৰু সেই অংক মতে দেখা যায় যে কা-বিৰোধী একেখিনি মানুহ শিৱসাগৰত দুভাগত বিভক্ত হ’বলৈ গৈ আছে। এভাগ যদি কংগ্ৰেছৰ পক্ষত, এভাগ আকৌ অখিল গগৈৰ পক্ষত। আনহাতে কা-সমৰ্থকসকলৰ ভোট এটা পক্ষত অক্ষত। ফলত নিশ্চিতভাৱে কা-সমৰ্থনকাৰী ভাগটোৰ সংখ্যা সৰহ হ’ব আৰু জয়ী হ’ব। এইটোৱে সৰল অংক।‘
‘এই অংকটো বুজিবলৈ বৰ ডাঙৰ ৰাজনৈতিক বিশেষজ্ঞ বা অংক মাষ্টৰ হোৱাৰ প্ৰয়োজন নাই। ইয়াৰ পাছতো অখিল গগৈয়ে শিৱসাগৰৰ পৰা নিৰ্বাচন খেলিবলৈ মন মেলিছে আৰু নিজে মানুহজন জে’লত আছে।‘
ইপিনে, অংকৰ উত্তৰ মতে অখিল গগৈৰ পৰাজয় নিশ্চিত বুলি উল্লেখ কৰি মানস ৰবীনে পুনৰ লিখি কয় ‘উত্তৰটো শুনিবলৈ কেনেকুৱা লাগিছে বাৰু আপোনাৰ ?? বুকুখনৰ কোনোবা এটা চুক বিষাই যোৱা নাইনে ? হয়, এইবাবেই আমি অখিল গগৈক জিকাব লাগিব, সকলো অংক ভুল প্ৰমাণিত কৰি আমি তেখেতক জিকাব লাগিব।‘
ইপিনে, শিৱসাগৰবাসীলৈ আহ্বান জনাই মানস ৰবীনে লগতে কয় ‘এইবাৰ শিৱসাগৰবাসীয়ে দায়িত্ব ল’ব লাগিব অখিল গগৈক নির্বাচিত কৰি মুকলি আকাশৰ তললৈ অনাৰ; শিৱসাগৰবাসীয়ে পণ ল’ব লাগিব কা-বিৰোধী ভোট বিভাজিত হ’বলৈ নিদিয়াৰ আৰু মোৰ বিশ্বাস, শিৱসাগৰ সমষ্টিৰ ভোটাৰে সদায়ে দি অহাৰ দৰে এইবাৰো নিশ্চয় নিজৰ বুদ্ধিমত্তাৰ পৰিচয় দিব।’
তেওঁ ওপৰত উল্লেখ কৰাৰ কেইটামান কাৰণো পাঠক ৰাইজলৈ দাঙি ধৰে। সেইকেইটা তলত অসম্পাদিত ৰূপত উল্লেখ কৰা হ’ল :
১) আমি শিৱসাগৰবাসীয়ে ইমান দিনে কিবা পাম বুলিয়েই ভোট দি আহিছিলোঁ কিন্তু পালোঁ কি? নাপালোঁ এখন মেডিকেল কলেজ, নাপালোঁ এখন ইঞ্জিনিয়াৰিং কলেজ, নাপালোঁ এখন ইউনিভাৰ্ছিটি, নাপালোঁ এটা এয়াৰ প’ৰ্ট, আনকি তাহানিৰ ৰাজধানী হোৱা সত্ত্বেও নাপালোঁ এটা ৰাজধানী এক্সপ্ৰেছৰ ষ্ট’পেজ। গতিকে এইবাৰ আমি কিবা পাবলৈ ভোট নিদিওঁ, আমি ভোট দিম এজন স্বাভিমানী অসমীয়াক অন্ধ কুঠৰীৰ পৰা মুক্তি দিবলৈ।’
২) অখিল গগৈৰ প্ৰতিপক্ষ হিচাপে অৱতীৰ্ণ শিৱসাগৰৰ আটাই কেইগৰাকী প্ৰাৰ্থীলৈ আন্তৰিকতা ৰাখিও প্ৰতিজন শিৱসাগৰীয়াই নিশ্চয় এটা কথা স্বীকাৰ কৰিব লাগিব যে এইবাৰ শিৱসাগৰক প্রতিনিধিত্ব কৰিবলগীয়া প্ৰাৰ্থীসকলৰ মাজত অখিল গগৈয়ে সৰ্বোত্তম।
৩) বিপদে-আপদে অত বছৰে ৰাইজৰ হৈ লাগি থকা মানুহজনক অকণমান সহায় কৰিবলৈ পালে শিৱসাগবাসী নিশ্চয় আনন্দিত হ’ব আৰু নিজৰ ভোটটো কামত অহা যেন অনুভৱ কৰিব।
৪) অখিল গগৈ নামৰ সংগ্ৰামী সত্তা এটাৰ অপমৃত্যুৰ কাৰণ হ’বলৈ বা এই বদনামৰ ভাগ ল’বলৈ কোননো স্বাভিমানী ৰংপুৰীয়া ৰাজী হ’ব!!
উল্লেখযোগ্য যে, অখিল গগৈৰ মুক্তিৰ বাবে আদালতত যুঁজ দিবলৈ ২ লাখ টকা আগবঢ়োৱা মানুহ বুলি ফেচবুক পোষ্টত দাবী কৰে মানস ৰবীনে।
তেওঁ আৰু লিখি কয় ‘এতিয়া তেখেতক জয়ী কৰাই আনিবলৈ নিজৰ আঙুলিতে এটা শক্তি পাইছোঁ; গতিকে মোৰ আঙুলিটো ক’ত পৰিব আপোনালোকে নিজে অনুমান কৰি লওক, মই নকওঁ, কাৰণ মই কাক ভোট দিম সেইয়া যে কাকোৱেই ক’ব নাপায়।‘







