DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অখিল গগৈ জিকিবনে? হয় অখিল গগৈ হাৰিব : কিয় এইদৰে ক’লে কন্ঠশিল্পী মানস ৰবীনে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 23, 2021 8:59 pm
Manas robin and akhil
863
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰৰ লগতে ৰাজ্যৰ জাতীয়তাবাদী শিৱিৰৰ মাজত সকলোৰে মনত এটাই প্ৰশ্ন ‘অখিল গগৈ শিৱসাগৰৰ পৰা জয়ী হ’ব নে?

এই প্ৰশ্নই সকলোৰে মন উগুল-থুগুল কৰি থাকোতেই কন্ঠশিল্পী তথা সংগীত পৰিচালক মানস ৰবীনে দিছে এক ফেইচবুক পোষ্ট। পোষ্টটোত পোনপটীয়াকৈ মানস ৰবীনে প্ৰশ্ন কৰিছে ‘অখিল গগৈ জিকিবনে?

উত্তৰটো নিজে দি মানস ৰবীনে পুনৰ লিখিছে ‘হয় অখিল গগৈ হাৰিব।‘

এই কথা লিখাৰ পূৰ্বে ৰাজনীতিৰ অংক এটাৰ বিষয়ে উল্লেখ কৰে মানস ৰবীনে।

তেওঁ নিজৰ ফেইচবুক পেইজত লিখি কয় ‘ৰাজনীতিত অংক শাস্ত্ৰৰ গুৰুত্ব অপৰিসীম আৰু সেই অংক মতে দেখা যায় যে কা-বিৰোধী একেখিনি মানুহ শিৱসাগৰত দুভাগত বিভক্ত হ’বলৈ গৈ আছে। এভাগ যদি কংগ্ৰেছৰ পক্ষত, এভাগ আকৌ অখিল গগৈৰ পক্ষত। আনহাতে কা-সমৰ্থকসকলৰ ভোট এটা পক্ষত অক্ষত। ফলত নিশ্চিতভাৱে কা-সমৰ্থনকাৰী ভাগটোৰ সংখ্যা সৰহ হ’ব আৰু জয়ী হ’ব। এইটোৱে সৰল অংক।‘

 

‘এই অংকটো বুজিবলৈ বৰ ডাঙৰ ৰাজনৈতিক বিশেষজ্ঞ বা অংক মাষ্টৰ হোৱাৰ প্ৰয়োজন নাই। ইয়াৰ পাছতো অখিল গগৈয়ে শিৱসাগৰৰ পৰা নিৰ্বাচন খেলিবলৈ মন মেলিছে আৰু নিজে মানুহজন জে’লত আছে।‘

ইপিনে, অংকৰ উত্তৰ মতে অখিল গগৈৰ পৰাজয় নিশ্চিত বুলি উল্লেখ কৰি মানস ৰবীনে পুনৰ লিখি কয় ‘উত্তৰটো শুনিবলৈ কেনেকুৱা লাগিছে বাৰু আপোনাৰ ?? বুকুখনৰ কোনোবা এটা চুক বিষাই যোৱা নাইনে ? হয়, এইবাবেই আমি অখিল গগৈক জিকাব লাগিব, সকলো অংক ভুল প্ৰমাণিত কৰি আমি তেখেতক জিকাব লাগিব।‘

ইপিনে, শিৱসাগৰবাসীলৈ আহ্বান জনাই মানস ৰবীনে লগতে কয় ‘এইবাৰ শিৱসাগৰবাসীয়ে দায়িত্ব ল’ব লাগিব অখিল গগৈক নির্বাচিত কৰি মুকলি আকাশৰ তললৈ অনাৰ; শিৱসাগৰবাসীয়ে পণ ল’ব লাগিব কা-বিৰোধী ভোট বিভাজিত হ’বলৈ নিদিয়াৰ আৰু মোৰ বিশ্বাস, শিৱসাগৰ সমষ্টিৰ ভোটাৰে সদায়ে দি অহাৰ দৰে এইবাৰো নিশ্চয় নিজৰ বুদ্ধিমত্তাৰ পৰিচয় দিব।’

তেওঁ ওপৰত উল্লেখ কৰাৰ কেইটামান কাৰণো পাঠক ৰাইজলৈ দাঙি ধৰে। সেইকেইটা তলত অসম্পাদিত ৰূপত উল্লেখ কৰা হ’ল :

১) আমি শিৱসাগৰবাসীয়ে ইমান দিনে কিবা পাম বুলিয়েই ভোট দি আহিছিলোঁ কিন্তু পালোঁ কি? নাপালোঁ এখন মেডিকেল কলেজ, নাপালোঁ এখন ইঞ্জিনিয়াৰিং কলেজ, নাপালোঁ এখন ইউনিভাৰ্ছিটি, নাপালোঁ এটা এয়াৰ প’ৰ্ট, আনকি তাহানিৰ ৰাজধানী হোৱা সত্ত্বেও নাপালোঁ এটা ৰাজধানী এক্সপ্ৰেছৰ ষ্ট’পেজ। গতিকে এইবাৰ আমি কিবা পাবলৈ ভোট নিদিওঁ, আমি ভোট দিম এজন স্বাভিমানী অসমীয়াক অন্ধ কুঠৰীৰ পৰা মুক্তি দিবলৈ।’

২) অখিল গগৈৰ প্ৰতিপক্ষ হিচাপে অৱতীৰ্ণ শিৱসাগৰৰ আটাই কেইগৰাকী প্ৰাৰ্থীলৈ আন্তৰিকতা ৰাখিও প্ৰতিজন শিৱসাগৰীয়াই নিশ্চয় এটা কথা স্বীকাৰ কৰিব লাগিব যে এইবাৰ শিৱসাগৰক প্রতিনিধিত্ব কৰিবলগীয়া প্ৰাৰ্থীসকলৰ মাজত অখিল গগৈয়ে সৰ্বোত্তম।

৩) বিপদে-আপদে অত বছৰে ৰাইজৰ হৈ লাগি থকা মানুহজনক অকণমান সহায় কৰিবলৈ পালে শিৱসাগবাসী নিশ্চয় আনন্দিত হ’ব আৰু নিজৰ ভোটটো কামত অহা যেন অনুভৱ কৰিব।

৪) অখিল গগৈ নামৰ সংগ্ৰামী সত্তা এটাৰ অপমৃত্যুৰ কাৰণ হ’বলৈ বা এই বদনামৰ ভাগ ল’বলৈ কোননো স্বাভিমানী ৰংপুৰীয়া ৰাজী হ’ব!!

উল্লেখযোগ্য যে, অখিল গগৈৰ মুক্তিৰ বাবে আদালতত যুঁজ দিবলৈ ২ লাখ টকা আগবঢ়োৱা মানুহ বুলি ফেচবুক পোষ্টত দাবী কৰে মানস ৰবীনে।

তেওঁ আৰু লিখি কয় ‘এতিয়া তেখেতক জয়ী কৰাই আনিবলৈ নিজৰ আঙুলিতে এটা শক্তি পাইছোঁ; গতিকে মোৰ আঙুলিটো ক’ত পৰিব আপোনালোকে নিজে অনুমান কৰি লওক, মই নকওঁ, কাৰণ মই কাক ভোট দিম সেইয়া যে কাকোৱেই ক’ব নাপায়।‘

Recent News

Assam Career- Lakhimpur DC

Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd