• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধানসভা নিৰ্বাচনৰ বাবে প্রস্তুতি সম্পূর্ণ, ২৬ এপ্রিলৰ পুৱা ৮ বজাৰ পৰা নিৰ্বাচনৰ সা-সামগ্রী বিতৰণ

 মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
March 26, 2021 7:48 am
https://assam.nenow.in/wp-content/uploads/2021/03/evm.jpg
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিধানসভা নির্বাচনৰ প্ৰথম পৰ্য্যায়ত অহা ২৭ মাৰ্চত গোলাঘাট নিৰ্বাচন জিলাৰ অধীনৰ  ৯৫-গোলাঘাট আৰু ৯৬-খুমটাই বিধানসভা সমষ্টিত অহা ২৭ মাৰ্চত হ’বলগীয়া ভোটগ্ৰহণৰ বাবে গোলাঘাট জিলা প্রশাসনে সকলো প্ৰস্তুতি সম্পূর্ণ কৰি তুলিছে।

প্রিজাইডিং, প’লিং  বিষয়া আৰু মাইক্র’অৱজাৰ্ভাৰ সকলৰ প্রশিক্ষণ প্রদানকার্য ইতিমধ্যে  সম্পূর্ণ হৈ উঠিছে ।

Apply Now

কোবিড-19ৰ স্বাস্থ্যবিধি সমূহৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ভোটগ্ৰহন কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰা হৈছে । গোলাঘাট সমষ্টিত অতিৰিক্ত ২৭টা আৰু খুমটাই সমষ্টিত অতিৰিক্ত ১০ টা অৰ্থাৎ মুঠ ৩৭টা ভোটগ্ৰহন কেন্দ্ৰৰ সংযোজন ঘটোৱা হৈছে । সমষ্টি দুটাত মুঠ ভোটগ্ৰহন কেন্দ্ৰৰ সংখ্যা ৪৮৬ টা ।

ইয়াৰে গোলাঘাট সমষ্টিত ২৮৮ আৰু খুমটাই সমষ্টিত ১৯৮ টা কেন্দ্ৰ থাকিব । সমষ্টি দুটাৰ তিনিটা ভোটগ্ৰহন কেন্দ্ৰ জটিল (critical) হিচাপে চিনাক্ত কৰা হৈছে ।

কেন্দ্ৰকেইটা হৈছে গোলাঘাট সমষ্টিৰ ৩৫-হিন্দী বিদ্যালয় আৰু ১৯৪-ৰতনপুৰ প্ৰাথমিক বিদ্যালয় আৰু খুমটাই সমষ্টিৰ ৮৪- জৰাগুৰি প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰ ।

তদুপৰি আইন-শৃংখলাজনিত দিশৰপৰা গোলাঘাট সমষ্টিৰ ১৮টা আৰু খুমটাই সমষ্টিৰ ৭টা কেন্দ্ৰ জটিল তথা স্পৰ্শকাতৰ ভোটগ্ৰহন কেন্দ্ৰ হিচাপে চিনাক্ত কৰা হৈছে । এইবাৰ গোলাঘাট সমষ্টিত ১৯টা আৰু খুমটাই সমষ্টিত দুটা ভোটগ্ৰহণ কেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত হ’ব ।

ভোটগ্ৰহন প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে ইতিমধ্যে দুয়োটা সমষ্টিক ১০ টা জ’ন আৰু ৩৯ টা চেক্টৰত ভাগ কৰি জ’নেল আৰু চেক্টৰ বিষয়া নিয়োগ কৰা হৈছে ।

গোলাঘাটত ৬টা আৰু খুমটাইত ৪টা জ’ন কৰা হৈছে । আনহাতে গোলাঘাটত ২৩ টা আৰু খুমটাইত ১৬ টা চেক্টৰ কৰা হৈছে । গোলাঘাট সমষ্টিত ৩১৭ গৰাকী প্ৰিজাইডিং বিষয়া আৰু ৯৫১ গৰাকী পলিং বিষয়া নিয়োগ কৰা হৈছে ।

আনহাতে খুমটাই সমষ্টিত ২১৯ গৰাকী প্ৰিজাইডিং আৰু ৬৫৭ গৰাকী প’লিং বিষয়া নিয়োগ কৰা হৈছে ।

এইবাৰ মুঠ মহিলা ভোটগ্ৰহনকাৰী বিষয়াৰ সংখ্যা ৯৬ গৰাকী । ইয়াৰে গোলাঘাটত ৮৪ গৰাকী আৰু খুমটাইত ১২ গৰাকী । প্ৰতিটো চেক্টৰতে এজনকৈ অৰ্থাৎ ৩৯ গৰাকী মাইক্ৰ’ অৱজাৰ্ভাৰ নিয়োগ কৰা হৈছে ।

২৬ মার্চ, ২০২১ তাৰিখে পুৱা ৮ বজাৰ পৰা বিভিন্ন ভােট গ্রহণ কেন্দ্রলৈ যাবলগীয়া প্রিজাইডিং আৰু প’লিং বিষয়াসকলক নিৰ্বাচনৰ সা-সামগ্রীসমূহ বিতৰণ কৰা হব ।

২৭ মাৰ্চ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ভোটগ্ৰহণ কৰা হ’ব । ভোটগ্ৰহণ অন্ত পৰাৰ নিৰ্ধাৰিত সময়ৰ ৪৮ ঘণ্টাৰ পূৰ্বে অৰ্থাৎ আজি সন্ধিয়া ৬ বজাত প্ৰচাৰ অভিযান বন্ধ কৰিব লাগিব ।

পষ্টেল বেলট ভোটিঙৰ প্ৰতি এইবাৰ বিশেষ সঁহাৰি পৰিলক্ষিত হৈছে । সমষ্টি দুটাত ১০৯২গৰাকী ৮০ বছৰৰ উৰ্ধৰ ভোটদাতা(গোলাঘাট ৬৬৪/খুমটাই ৪২৮), ৩০৬গৰাকী বিশেষভাৱে সক্ষম ভোটদাতা(গোলাঘাট ২১১/খুমটাই ৯৫), ২৫ গৰাকী অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত ভোটদাতা (গোলাঘাট ১৯/খুমটাই ৬) আৰু ৩০৪ গৰাকী নিৰ্বাচনত নিয়োজিত লোকে (গোলাঘাট ১৯২/খুমটাই ১১২) পষ্টেল বেলটযোগে ভোটদান কৰিছে ।

ইফালে গোলাঘাট নিৰ্বাচন জিলাত নিৰ্বাচনী আদৰ্শ আচৰণ বিধি বলৱৎ হৈ থকাৰ সময়ছোৱাত ধনৰ অবৈধ লেনদেন, ভোটাৰক ধন দি প্ৰলোভিত কৰা, সুৰাৰ অবাধ প্ৰচলন আদি ৰোধ কৰাৰ উদ্দেশ্যে ৯৫-গোলাঘাট আৰু ৯৬-খুমটাই সমষ্টিত আদৰ্শ আচৰণ বিধি কোষে সক্ৰিয় ভূমিকা পালন কৰিছে ।

দুয়োটা বিধানসভা সমষ্টিত নিয়োজিত ষ্টেটিক ছাৰ্ভিলেন্স দল, ফ্লায়িং স্কোৱাড আৰু ভিডিঅ’ ছাৰ্ভিলেন্স দলে নিৰ্বাচনী আদৰ্শ আচৰণ বিধি বলৱৎ হোৱা দিন ধৰি এতিয়ালৈকে ১৯, ৪৬, ২০০টকাৰ নগদ ধন আৰু ৪০,৩০,৬৬৫ টকা মূল্যৰ সুৰা জব্দ কৰিছে ।গোলাঘাট বিধানসভা সমষ্টিৰ অধীনৰ বিভিন্ন স্থানৰ পৰা ১৫,৩৬,২০০টকা নগদ ধন আৰু খুমটাই সমষ্টিৰ অধীনৰ বিভিন্ন ঠাইৰ পৰা  নগদ ৪,১০,০০০ টকা জব্দ কৰা হৈছে ।

ইয়াৰে গোলাঘাটৰ পৰা প্ৰায় ২৪ লাখৰো অধিক টকা মূল্যৰ সুৰা আৰু খুমটাইৰ পৰা প্ৰায় ১৫ লাখ টকাৰো অধিক মূল্যৰ সুৰা জব্দ কৰা হৈছে ।

উল্লেখ্য যে, ৯ মার্চত প্রকাশ পােৱা ২০২১ চনৰ চুড়ান্ত ভোটাৰ তালিকা অনুসৰি গোলাঘাট নির্বাচন জিলাত মুঠ ভােটাৰৰ সংখ্যা হৈছে ৩,৪৬,২৮৭ । ইয়াৰে পুৰুষ ভােটাৰৰ সংখ্যা হৈছে ১,৭২,৮৯৫ গৰাকী আৰু মহিলা ভােটাৰৰ সংখ্যা হৈছে ১,৭৩,৩৯২ গৰাকী ।

গোলাঘাট সমষ্টিত মুঠ ভোতদাতাৰ সংখ্যা ২০৫১৯৬ । ইয়াৰে ১০২৫১৬ গৰাকী পুৰুষ আৰু ১০২৬৮০গৰাকী মহিলা ভোটাৰ । আনহাতে খুমটাই সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা ১৪১০৯১ গৰাকী । ইয়াৰে ৭০৩৭৯গৰাকী পুৰুষ আৰু ৭০৭১২গৰাকী মহিলা ভোটদাতা ।

সমষ্টি দুটাত ৫১৬ গৰাকী বিশেষভাৱে সক্ষম ভোটাৰ, ৭৪১৬ গৰাকী ১৮ৰ পৰা ১৯ বছৰ বয়সৰ, ৩৮৮৪ গৰাকী ৮০ বছৰ বয়সৰ উৰ্ধৰ, ৭২০ গৰাকী ডি ভোটাৰ আৰু ৫৫৮ গৰাকী চাৰ্ভিছ ভোটাৰ আছে ।

 মীনাক্ষী ফুকন

মীনাক্ষী ফুকন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd