নিৰ্বাচনী মহাৰণ আৰম্ভ। আজি ৰাজ্যখনৰ প্ৰথম পৰ্যায়ৰ অতি গুৰুত্বপূৰ্ণ ৪৭টা সমষ্টিত আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। পুৱা ৭ বজাৰ পৰাই ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে।
এইবাৰ অসমত দুটা পক্ষৰ মাজত চলিছে ভোটৰ মহাযুদ্ধ। এপিনে ক্ষমতা ধৰি ৰখাৰ যুঁজ, আনপিনে হেৰুৱা ক্ষমতা উদ্ধাৰৰ বাবে যুঁজ।
আজিৰে পৰা আৰম্ভ হোৱা এই নিৰ্বাচনী মহাৰণত নামিছে বিজেপি নেতৃত্বৰ মিত্ৰজোঁট আৰু কংগ্ৰেছৰ নেতৃত্বৰ মহাজোঁটৰ লগতে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ দৰে দুটাকৈ আঞ্চলিক জাতীয়তাবাদী দল।
প্ৰথম পৰ্যায়ৰ ভোটযুদ্ধত বহুকেইগৰাকী হেভীৱেইট প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, অগপৰ সভাপতি অতুল বৰা, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, ৰাইজৰ দলৰ সভাপতি অখিল গগৈকে ধৰি কেইবাগৰাকী মন্ত্ৰী, বিৰোধী নেতা আৰু বৰ্তমান বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়েও প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ ভিতৰত আছে।
শনিবাৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ৪৭টা সমষ্টি হৈছে- সৰুপথাৰ, গোলাঘাট, খুমটাই, দেৰগাঁও, ঢেকিয়াজুলি, বৰচলা, টিংখং, নাহৰকটিয়া, চাবুৱা, তিনিচুকীয়া, ডিগবৈ, মাৰ্ঘেৰিটা, তেজপুৰ, ৰঙাপাৰা, চতিয়া, মাহমৰা, সোনাৰি, বিহপুৰীয়া, বিশ্বনাথ, বিহালী, গহপুৰ, নাওবৈচা, ধিং, বটদ্রবা, ৰূপহীহাট, চামগুৰি, কলিয়াবৰ, বোকাখাত, যোৰহাট, তিতাবৰ, মৰিয়নি, টীয়ক, থাওৰা, শিৱসাগৰ, লখিমপুৰ, ঢকুৱাখনা, ধেমাজি, জোনাই, মৰান, ডিব্রুগড়, লাহোৱাল, দুলীয়াজান, ডুমডুমা, মাজুলী, আমগুৰি, নাজ়িৰা আৰু শদিয়া।
এইবাৰ নিৰ্বাচনত বিজেপিয়ে ধৰ্মীয় মেৰুকৰণৰ লগতে উন্নয়নৰ নতুন প্ৰতিশ্ৰুতিৰ টোপ আগবঢ়াইছে ভোটাৰসকলক। সেইদৰে বিৰোধীৰ প্ৰধান অস্ত্ৰ হৈছে নাগৰিকত্ব সংশোধনী আইন আৰু বিজেপিৰ ব্যৰ্থ প্ৰতিশ্ৰুতিসমূহৰ বিপৰীতে নতুন প্ৰতিশ্ৰুতিৰ গেৰান্টি। বিজেপিয়ে ভোটাৰ ৰাইজক মেৰুকৰণ কৰাৰ লক্ষ্যৰে এইবাৰ বদৰুদ্দিন আজমলক প্ৰধান অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা দেখা গৈছে।
চলিত নিৰ্বাচন প্ৰক্ৰিয়া মিত্ৰজোঁটৰ লগতে বিৰোধীৰ মাজত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ মূলত: উজনি অসমত হোৱালৈ চাই এটা কথা নিশ্চিত হৈ পৰিছে যে কা-ৰ সপক্ষে মিত্ৰজোঁটৰ স্থিতি আৰু কা-ৰ বিৰুদ্ধে মহাজোঁট তথা আন বিৰোধী দলৰ সৰৱ স্থিতিয়ে ফলাফলত নিৰ্ণায়ক ভূমিকা ল’ব।
তদুপৰি, চাহ বাগিচাৰ ভোটাৰসকলৰ স্থিতি হৈ পৰিব অতি গুৰুত্বপূৰ্ণ। অৱশ্যে, বিজেপি মিত্ৰজোঁট চৰকাৰে শেহতীয়াভাৱে চাহ বাগিচাসমূহত গ্ৰহণ কৰা নিৰ্বাচনমুখী আঁচনিসমূহৰ বিপৰীতে কংগ্ৰেছ মহাজোঁটে চলোৱা নিজৰ পুৰণি দুৰ্গ উদ্ধাৰৰ যৎপৰোনাস্তি চেষ্টা কিমান সফল হয় তাৰ ওপৰতে বহুখিনি নিৰ্ভৰ কৰিব।
অহা ৩১মে’ত বৰ্তমান অসম চৰকাৰৰ ম্যাদ উকলি যাব। ইয়াৰ পাছতে এখন নতুন চৰকাৰে ৰাজ্যখনত শাসনভাৰ গ্ৰহণ কৰিব। অসমৰ ভোটাৰ ৰাইজে সেই নতুন চৰকাৰখন গঠনৰ আনুষ্ঠানিক প্ৰক্ৰিয়াটোত আজি অংশ লৈছে।