• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভোটযুদ্ধ আৰম্ভ! পুনৰ ক্ষমতা দখল নে হেৰুওৱা ক্ষমতা উদ্ধাৰ? উত্তৰ দিবলৈ সাজু ভোটাৰ

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
March 27, 2021 10:45 am
vote-without-voter-card-750x349

প্ৰতীকী ফটো।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনী মহাৰণ আৰম্ভ। আজি ৰাজ্যখনৰ প্ৰথম পৰ্যায়ৰ অতি গুৰুত্বপূৰ্ণ ৪৭টা সমষ্টিত আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। পুৱা ৭ বজাৰ পৰাই ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে।

এইবাৰ অসমত দুটা পক্ষৰ মাজত চলিছে ভোটৰ মহাযুদ্ধ। এপিনে ক্ষমতা ধৰি ৰখাৰ যুঁজ, আনপিনে হেৰুৱা ক্ষমতা উদ্ধাৰৰ বাবে যুঁজ।

Apply Now

আজিৰে পৰা আৰম্ভ হোৱা এই নিৰ্বাচনী মহাৰণত নামিছে বিজেপি নেতৃত্বৰ মিত্ৰজোঁট আৰু কংগ্ৰেছৰ নেতৃত্বৰ মহাজোঁটৰ লগতে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ দৰে দুটাকৈ আঞ্চলিক জাতীয়তাবাদী দল।

প্ৰথম পৰ্যায়ৰ ভোটযুদ্ধত বহুকেইগৰাকী হেভীৱেইট প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, অগপৰ সভাপতি অতুল বৰা, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, ৰাইজৰ দলৰ সভাপতি অখিল গগৈকে ধৰি কেইবাগৰাকী মন্ত্ৰী, বিৰোধী নেতা আৰু বৰ্তমান বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়েও প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ ভিতৰত আছে।

শনিবাৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ৪৭টা সমষ্টি হৈছে- সৰুপথাৰ, গোলাঘাট, খুমটাই, দেৰগাঁও, ঢেকিয়াজুলি, বৰচলা, টিংখং, নাহৰকটিয়া, চাবুৱা, তিনিচুকীয়া, ডিগবৈ, মাৰ্ঘেৰিটা, তেজপুৰ, ৰঙাপাৰা, চতিয়া, মাহমৰা, সোনাৰি, বিহপুৰীয়া, বিশ্বনাথ, বিহালী, গহপুৰ, নাওবৈচা, ধিং, বটদ্রবা, ৰূপহীহাট, চামগুৰি, কলিয়াবৰ, বোকাখাত, যোৰহাট, তিতাবৰ, মৰিয়নি, টীয়ক, থাওৰা, শিৱসাগৰ, লখিমপুৰ, ঢকুৱাখনা, ধেমাজি, জোনাই, মৰান, ডিব্রুগড়, লাহোৱাল, দুলীয়াজান, ডুমডুমা, মাজুলী, আমগুৰি, নাজ়িৰা আৰু শদিয়া।

এইবাৰ নিৰ্বাচনত বিজেপিয়ে ধৰ্মীয় মেৰুকৰণৰ লগতে উন্নয়নৰ নতুন প্ৰতিশ্ৰুতিৰ টোপ আগবঢ়াইছে ভোটাৰসকলক। সেইদৰে বিৰোধীৰ প্ৰধান অস্ত্ৰ হৈছে নাগৰিকত্ব সংশোধনী আইন আৰু বিজেপিৰ ব্যৰ্থ প্ৰতিশ্ৰুতিসমূহৰ বিপৰীতে নতুন প্ৰতিশ্ৰুতিৰ গেৰান্টি। বিজেপিয়ে ভোটাৰ ৰাইজক মেৰুকৰণ কৰাৰ লক্ষ্যৰে এইবাৰ বদৰুদ্দিন আজমলক প্ৰধান অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা দেখা গৈছে।

চলিত নিৰ্বাচন প্ৰক্ৰিয়া মিত্ৰজোঁটৰ লগতে বিৰোধীৰ মাজত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ মূলত: উজনি অসমত হোৱালৈ চাই এটা কথা নিশ্চিত হৈ পৰিছে যে কা-ৰ সপক্ষে মিত্ৰজোঁটৰ স্থিতি আৰু কা-ৰ বিৰুদ্ধে মহাজোঁট তথা আন বিৰোধী দলৰ সৰৱ স্থিতিয়ে ফলাফলত নিৰ্ণায়ক ভূমিকা ল’ব।

তদুপৰি, চাহ বাগিচাৰ ভোটাৰসকলৰ স্থিতি হৈ পৰিব অতি গুৰুত্বপূৰ্ণ। অৱশ্যে, বিজেপি মিত্ৰজোঁট চৰকাৰে শেহতীয়াভাৱে চাহ বাগিচাসমূহত গ্ৰহণ কৰা নিৰ্বাচনমুখী আঁচনিসমূহৰ বিপৰীতে কংগ্ৰেছ মহাজোঁটে চলোৱা নিজৰ পুৰণি দুৰ্গ উদ্ধাৰৰ যৎপৰোনাস্তি চেষ্টা কিমান সফল হয় তাৰ ওপৰতে বহুখিনি নিৰ্ভৰ কৰিব।

অহা ৩১মে’ত বৰ্তমান অসম চৰকাৰৰ ম্যাদ উকলি যাব। ইয়াৰ পাছতে এখন নতুন চৰকাৰে ৰাজ্যখনত শাসনভাৰ গ্ৰহণ কৰিব। অসমৰ ভোটাৰ ৰাইজে সেই নতুন চৰকাৰখন গঠনৰ আনুষ্ঠানিক প্ৰক্ৰিয়াটোত আজি অংশ লৈছে।

Tags: Assam Election
ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিজয়া দশমীৰ নিশা গুৱাহাটীত দুৰ্ঘটনা: শিলপুখুৰীত ৩ সুৰামত্ত যুৱকৰ বাহনৰ খুন্দাত আহত পথচাৰী

বিজয়া দশমীৰ নিশা গুৱাহাটীত দুৰ্ঘটনা: শিলপুখুৰীত ৩ সুৰামত্ত যুৱকৰ বাহনৰ খুন্দাত আহত পথচাৰী

October 22, 2026 10:24 am
৭ দিনীয়া কাৰাবাসৰ অন্তত মুকলি আকাশৰ তলত চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকা

৭ দিনীয়া কাৰাবাসৰ অন্তত মুকলি আকাশৰ তলত চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 22, 2026 8:09 am
২০২৭ চনৰ বিশ্বকাপত খেলিবনে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই? দুয়োৰে অংশগ্ৰহণক লৈ কি ক’লে বিচিচিআইৰ সভাপতিয়ে?

২০২৭ চনৰ বিশ্বকাপত খেলিবনে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই? দুয়োৰে অংশগ্ৰহণক লৈ কি ক’লে বিচিচিআইৰ সভাপতিয়ে?

October 22, 2026 7:18 am
লামডিঙত আৰক্ষীৰ টহল বাহনৰ ভয়ংকৰ দুৰ্ঘটনা, কৰ্তব্যলৈ উভতি অহাৰ পথতে কনিষ্টবলৰ মৃত্যু; আহত তিনি

লামডিঙত আৰক্ষীৰ টহল বাহনৰ ভয়ংকৰ দুৰ্ঘটনা, কৰ্তব্যলৈ উভতি অহাৰ পথতে কনিষ্টবলৰ মৃত্যু; আহত তিনি

October 21, 2026 10:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজয়া দশমীৰ নিশা গুৱাহাটীত দুৰ্ঘটনা: শিলপুখুৰীত ৩ সুৰামত্ত যুৱকৰ বাহনৰ খুন্দাত আহত পথচাৰী

বিজয়া দশমীৰ নিশা গুৱাহাটীত দুৰ্ঘটনা: শিলপুখুৰীত ৩ সুৰামত্ত যুৱকৰ বাহনৰ খুন্দাত আহত পথচাৰী

October 22, 2026 10:24 am
৭ দিনীয়া কাৰাবাসৰ অন্তত মুকলি আকাশৰ তলত চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকা

৭ দিনীয়া কাৰাবাসৰ অন্তত মুকলি আকাশৰ তলত চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 22, 2026 8:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd