• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰসংগ গোলাঘাট সমষ্টি : ক্ষমতা আৰু প্ৰলোভনৰ ৰাজনীতি বনাম মূল্যবোধৰ ৰাজনীতি

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
March 27, 2021 11:17 am
384
VIEWS
Share on FacebookShare on Twitter

২০২১ ৰ বিধানসভা নিৰ্বাচনৰ সন্ধিক্ষণত এটা কথা স্পষ্ট হল যে ক্ৰমে নি:শেষ হৈছে মূল্যবোধৰ ৰাজনীতি। অত্যাধিক ক্ষমতালিপ্সাই প্ৰত্যেকজন ৰাজনৈতিক কৰ্মীকে যেন একপ্ৰকাৰ আদৰ্শচ্যুত কৰিছে। এই নিৰ্বাচনক অৱশ্যে এই কথা ১০০% সঁচা বুলি প্ৰমাণিত হল।

প্ৰমাণ বুলি ক’লে নিশ্চয়কৈ গোলাঘাট সমষ্টিলৈ আঙুলিয়াব পাৰি। এইবাৰ গোলাঘাটৰ ৰাজনৈতিক সমীকৰণত আউল লাগিল। তিনিটা দশকজুৰি ধাৰাবাহিকতা ৰক্ষা কৰি গোলাঘাট সমষ্টিত প্ৰাক্তন বিধায়িকা তথা একালৰ বলীষ্ঠ কংগ্ৰেছ নেত্ৰী অজন্তা নেওগে সুচাৰুৰূপে সমষ্টিটো পৰিচালনা কৰি আছিল। সমষ্টিবাসীৰ বিশ্বাস আছিল নেত্ৰীগৰাকীৰ দক্ষতাত। নিসন্দেহে ৰাজ্যখনৰে এগৰাকী যোগ্য নেত্ৰী  আছিল অজন্তা নেওগ। যিহেতু ২০১৬ বৰ্ষত অসমলৈ আগমণ হোৱা প্ৰচণ্ড বিজেপিৰ ছুনামীতো প্ৰয়াত স্বামীৰ মৃত্যৰ প্ৰতিশোধ কামেৰে দিয়া অজন্তা নেওগৰ কংগ্ৰেছৰ দূৰ্গ কিন্তু নখহিল। তেওঁৰ স্থিতপ্ৰজ্ঞতা আৰু ব্যক্তিত্ব গোলাঘাটবাসীৰ এক সম্পদ আছিল। তৎস্বত্বেও কিন্তু অজন্তা নেওগে সকলোৰে বিশ্বাসক জলাঞ্জলি দি ২০২১ ৰ নিৰ্বাচনৰ আগমূহুৰ্তত বিজেপি গমন কৰিলে। কিয় কৰিলে এই লৈ গোলাঘাটবাসীৰ বাবে এক ডাঙৰ প্ৰশ্ন ৰৈ গ’ল।

এচাম সচেতন মহলে কৈছে ক্ষমতালিপ্সা আৰু আন এচামে কৈছে বিগত সময়ৰ দুৰ্নীতি ঢকাৰ প্ৰচেষ্টা। যি কি নহওক মুঠতে সচেতনমহলে ধৰি লৈছে যে  ক্ষমতাৰ লালসাত তেওঁ বিজেপি গমন কৰিলে। ইফালে তেওঁৰ এই গমন বিজেপিৰ তৃণমূল কৰ্মীসকলে কিন্তু সহজভাৱে লোৱা দেখা নগ’ল। স্বাভাৱিকতে যোৱা পাঁচটা বছৰৰ পূৰ্বে গোলাঘাটত বিজেপিৰ গোঁজ নাছিল বুলিয়েই ক’ব পাৰি। সমষ্টিটোত বিজেপিৰ এক শক্তিশালী পৰ্যায়লৈ অনাত যিসকল লোকে সাৰ-জাৱৰৰ যোগান ধৰিছিল, তৎমূহুৰ্ততে এইসকল বিজেপিৰ কৰ্মী এলাগী হল। বিজেপিৰ দলীয় সভা- সমিতিবোৰতো তৃণমূল বিজেপি কৰ্মীৰ ক্ষোভৰ বৰ্হিঃপ্ৰকাশ সকলোৱে স্বচক্ষুৰে প্ৰত্যক্ষ কৰিলে। অৱশেষত বিজেপিৰ প্ৰথমখন নিৰ্বাচনী প্ৰাৰ্থী তালিকাত নেওগৰ নাম আহিল।

২০১৬ বৰ্ষৰ নিৰ্বাচনত কংগ্ৰেছ বিজেপিৰ তুমূল ৰণত বিজেপিৰ প্ৰাৰ্থী বিতোপন শইকীয়াই মাত্ৰ ৫২১৬ টা ভোটত পৰাজয়বৰণ কৰিছিল আৰু সেই ভিত্তিত এইবাৰ বিজেপিৰ টিকটপ্ৰত্যাশীৰ তালিকাত তেওঁ আছিল প্ৰৱল দাৱীদাৰ। যদিও শেষত সেইয়া হৈ নুঠিল। ফলত একে ৰাতিতে গুৱাহাটীস্থিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত বিতোপন শইকীয়াই চিৰবৈৰী দল কংগ্ৰেছত যোগদান কৰিলে। মূলতে এইয়াও আছিল ক্ষোভৰ বৰ্হিঃপ্ৰকাশৰ এক উদাহৰণস্বৰূপ। ক্ষমতাৰ লোভ। এই দুই সক্ৰিয় নেতাৰ ক্ষমতাৰ দৌৰত গোলাঘাটৰ নিৰ্বাচনী প্ৰতিচ্ছবিখনেই সলনি হৈ পৰিল। ”যোৱা তিনিটাকৈ কাল কংগ্ৰেছৰ অজন্তা নেওগৰ অপশাসনৰ পৰা মুক্ত কৰিবলৈ বিজেপিৰ অজন্তা নেওগক ভোট দিয়ক।” অৰ্থাৎ এইসময়ত গোলাঘাটত শ্ল’গান দিবলৈ কোনোটো দলৰে উৱাদিহ নোহোৱা এক অৱস্থা।

এই পৰিস্থিতিত একালৰ ২০ হাজাৰ কংগ্ৰেছ কৰ্মী নেওগৰ আঁচল ধৰি ক্ষমতাৰ লালসাত বিজেপিলৈ যাত্ৰা কৰিলে। একেদৰে বিতোপনৰ লগতো গ’ল বহুখিনি বিজেপিৰ কৰ্মী। এইখিনি সমৰ্থক হৈছে দলৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ শাসনাধিষ্ঠ চৰকাৰৰ পৰা সুবিধা লাভৰ আশা কৰা এটা  গোট। অৰ্থাৎ এনে পৰিবেশত এতিয়া সকলো দিশ চালি-জাৰি চোৱা  সচেতন  ভোটাৰ সকলৰ নঃ যৌয নঃ তস্তৌ  অৱস্থা। একালত “কা” বিৰোধিতা কৰা  অজন্তা নেওগক সমৰ্থন কৰিবনে “কা” সমৰ্থন কৰি কংগ্ৰেছলৈ গমন কৰা বিতোপন শইকীয়াক সমৰ্থন কৰিব ! একেদৰে বহু সংগঠনৰ নেতাও “কা” ৰ প্ৰৱল বিৰোধ কৰিও অৱশেষত ক্ষমতাৰ লোভত নিৰ্লজ্জভাৱে শাসনাধিষ্ঠ চৰকাৰৰ শৰণাপন্ন হোৱা দেখা গল।

কি এক স্খলিত স্বৰূপ সমাজৰ একাংশ গুৰিধৰোতাৰ!  সাধাৰণ প্ৰজাই বিশ্বাসত ল’ব কাক?  ইয়াৰ মাজতে ২৭ মাৰ্চত গোলাঘাটত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। এই খাম-খেয়ালি পৰিবেশৰ মাজত এতিয়া গোলাঘাটত চলিছে ভোট কিনাৰ এক বৃহৎ বজাৰ। বিগত সপ্তাহত গোলাঘাটত হিংসাত্মক ঘটনাৰাজিৰ লগতে অবৈধ ধনৰ লেন-দেন জনিত ঘটনা, সুৰাৰ অবাধ প্ৰচলন আদি দৈনিক খবৰে বাতৰিৰ শিৰোনামা দখল কৰিছে। অপৰাধ ৰোধ কৰিৰলৈ আদৰ্শ আচৰণবিধি কোষে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে যদিও পূৰ্বৰ তুলনাত সৰ্বাধিক ৫.৫ গুণ বেছি হৈছে বুলি চৰকাৰী সূত্ৰে প্ৰকাশ পাইছে। তেনেক্ষেত্ৰত নিৰ্বাচনৰ আগদিনা শেষ নিশাৰ খেলত আৰু কিমান বৃদ্ধি পাব সেইয়াই সহজেই অনুমেয়। নেতাৰ পৰা পালিনেতা ,সমৰ্থক সকলোৱেই এতিয়া কেৱল প্ৰলোভনৰ মায়াজালৰ পকনীয়াত পৰিছে।

ৰাজনীতি মানুহৰ জন্মৰ পৰা মৃত্যুলৈকে আবৃত এটা বিষয়। ৰাজনীতিক এৰাই কোনো মানুহ চলিব নোৱাৰে। ৰাজনীতি এক মাধ্যম সমাজখনক ঢাপে ঢাপে আগবঢ়াই নিয়াৰ। যদিও সমাজক বাদ দি ব্যক্তিগতকৰণ ৰাজনীতিৰ পাশাখেলত ব্যস্ত এতিয়াৰ বিয়াগোম নেতা-পালিনেতাৰ পৰা সাধাৰণ ভোটাৰ শ্ৰেণী। এক কথাত ধনবলৰ ৰাজনীতিয়ে গ্ৰাস কৰিছে সমগ্র সমাজব্যৱস্থাক। “ধন যাৰ বল তাৰ।” ইফালে সমাজৰ সচেতন ভোটাৰ সকলে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ  বিমোৰত পৰিছে। যিহেতু আবেগৰ বশৱৰ্তী নোহোৱা বিবেক ভোটাৰসকলে কোনো ৰাজনৈতিক দলৰ পৰা আজিকোপতি লাভৱান হোৱা নাই। যদিও তেওঁলোকে বিচাৰে সমাজৰ সৰ্বাঙ্গীন উন্নয়ন। তেওঁলোকে বিচাৰে আপোনাৰ – মোৰ সতি-সন্ততিৰ ভৱিষ্যতৰ নিৰাপত্তা। তেওঁলোকে বিচাৰে গণতন্ত্ৰৰ ৰক্ষণাবেক্ষণ। তথাপি এইসকলক লৈ কোনো ৰাজনৈতিক দল সচেতন নহয়। যিহেতু এই সামান্য সচেতন ভোটাৰে নিৰ্ণয় নকৰে কোনো এটা দলৰ ভাগ্য । সেইবাবেই সদায় এলাগী হৈ পৰে সচেতন ভোটাৰসকল।

মুঠতে ক্ষমতা আৰু প্ৰলোভনে গ্ৰাস কৰা ৰাজনৈতিক ক্ষেত্ৰখনত নিশ্চয়কৈ সহজ-সৰল ভোটাৰেহে ভৱিষ্যত নিৰ্ণয় কৰে। বাৰাম্বাৰ প্ৰতাৰিত হৈ থকাৰ পাছতো  একমাত্ৰ প্ৰলোভনৰ ৰাজনীতিয়ে বাৰে বাৰে সপোন দেখুৱাই মুনাফা লুটি আছে সাধাৰণ সৰল ভোটাৰৰ পৰা। এটা কথা সহজেই অনুমেয় যে, যিখিনি সৰ্বসাধাৰণ ভোটাৰে চৰকাৰ গঠন কৰাত উল্লেখযোগ্য অৱদান আগবঢ়াই সেইখিনি মানুহৰ কিয় আজিকোপতি উন্নয়ন হোৱা নাই। নে প্ৰতিখন শাসনাধিষ্ঠ চৰকাৰে নিবিচাৰে সৰ্বহাৰাৰ  শাৰীৰিক ,মানসিক  তথা আৰ্থিক  উন্নয়ন সাধন হওঁক? উন্নয়নৰ নামত এককালীন সাহাৰ্য বা এটকীয়া চাউলৰ ৰাজনীতিয়ে একপ্ৰকাৰ সেইসকলক পঙ্গু কৰি নিয়া নাইনে? কিয় নিষ্কৰ্মা কৰি নিছে সৰ্বসাধাৰণ শ্ৰেণীক? চন পৰা মাটিত কৃষিজীৱি অসমীয়াৰ সংস্কৃতিৰ ৰক্ষা সম্ভৱ জানো? এইয়া এক চৰম শোষণ নহয়জানো ? এক কথাত শোষণৰ শেষ অস্ত্ৰ হিতাধিকাৰী ব্যৱস্থা।

একেদৰে নিবনুৱাৰ সমস্যাৰ সমাধান কেতিয়াও ৫০ হাজাৰ টকা বা  এক লাখ টকা হব নোৱাৰে। যেনেদৰে শিক্ষাক্ষেত্ৰৰ উন্নয়ন বাইক-স্কুটী হ’ব নোৱাৰে। বিপৰীতে কোনোখন চৰকাৰে কিয় যুৱক-যুৱতীক কৰ্মক্ষম কৰি তুলিব পৰাকৈ উন্নত শিক্ষা ব্যৱস্থা গঢ়ি তুলিব নিবিচাৰে? নে তেওঁলোককো  প্ৰলোভনেৰে সপোন দেখুৱাই নিজৰ স্বাৰ্থ পূৰণ কৰে? আৱেগ জয় কৰিবলৈ কিয় ধৰ্মৰ আশ্ৰয় লয়? কিয় ভূমি অধিকাৰৰ নামত পট্টা প্ৰদান কৰে? আজিৰ তাৰিখত  নেতা-পালিনেতাৰ পৰা সৰ্বসাধাৰণ ভোটাৰলৈকে যেতিয়া প্ৰলোভনৰ ৰাজনীতিত সোমাই পৰিল, তেনে নিশ্চিতভাৱে ভৱিষ্যতলৈ মূল্যবোধৰ ৰাজনীতি কৰা এজনো নেতা হয়তো আমি আৰু বিচাৰি নাপাম ।

Recent News

ইনফ’ছিছৰ নতুন নীতি: নাৰায়ণ মূৰ্তিৰ ৭০ ঘণ্টাৰ বিপৰীতে সৰ্বাধিক কৰ্মৰ সময়ৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ

ইনফ’ছিছৰ নতুন নীতি: নাৰায়ণ মূৰ্তিৰ ৭০ ঘণ্টাৰ বিপৰীতে সৰ্বাধিক কৰ্মৰ সময়ৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ

বুধবাৰে ভাৰত বন্ধ! কৰ্মবিৰতিত কেইবাটাও খণ্ডৰ ২৫ কোটি কৰ্মচাৰী; স্তব্ধ হৈ পৰিব পাৰে পৰিসেৱা

বুধবাৰে ভাৰত বন্ধ! কৰ্মবিৰতিত কেইবাটাও খণ্ডৰ ২৫ কোটি কৰ্মচাৰী; স্তব্ধ হৈ পৰিব পাৰে পৰিসেৱা

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd