• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোলাঘাট নিৰ্বাচন জিলাত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন

বিয়লি ৫ বজালৈকে গোলাঘাটত ৭৫.১৩ শতাংশ আৰু খুমটাইত ৭৫.২১শতাংশ ভোটদান

 মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
March 27, 2021 7:22 pm
IMG_20210
518
VIEWS
Share on FacebookShare on Twitter

 ৰাজ্যৰ বিধানসভা নির্বাচনৰ প্ৰথম পৰ্য্যায়ত গোলাঘাট নিৰ্বাচন জিলাৰ অধীনৰ  ৯৫-গোলাঘাট আৰু ৯৬-খুমটাই বিধানসভা সমষ্টিৰ বাবে আজি ভোটগ্ৰহণ সম্পন্ন হৈছে ।

বিয়লি ৫ বজালৈকে গোলাঘাট সমষ্টিত ৭৫.১৩ শতাংশ আৰু খুমটাই সমষ্টিত ৭৫.২১শতাংশ ভোটদান হৈছে । পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হোৱা ভোটগ্ৰহণৰ ৬ বজাত সামৰণি পৰে ।

সমষ্টি দুটাৰ অধীনৰ মুঠ ৪৮৬ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ কৰা হৈছে ।

ইয়াৰে গোলাঘাট সমষ্টিত ২৮৮ আৰু খুমটাই সমষ্টিত ১৯৮টা কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে । উল্লেখ্য যে কোভিড-১৯ ৰ স্বাস্থ্যবিধি সমূহৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰা হয় ।

গোলাঘাট সমষ্টিত অতিৰিক্ত ২৭টা আৰু খুমটাই সমষ্টিত অতিৰিক্ত ১০ টা অৰ্থাৎ মুঠ ৩৭টা ভোটগ্ৰহণ কেন্দ্ৰৰ সংযোজন ঘটোৱা হৈছে ।

এইবাৰ গোলাঘাট সমষ্টিত ১৯টা আৰু খুমটাই সমষ্টিত দুটা ভোটগ্ৰহণ কেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত হৈছে ।

গোলাঘাটৰ হিন্দী হাইস্কুল আৰু খুমটাইৰ কুৰালগুৰি হাইস্কুলত স্থাপন কৰা কেন্দ্ৰকেইটা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হৈছে ।

কেন্দ্ৰসমূহত গৰ্ভৱতী আৰু প্ৰসূতি মাতৃৰ বাবে বিশেষ সা-সুবিধা, শিশুৰ ওমলা ঘৰ, প্ৰদৰ্শনী, চেল্ফি জ’ন, নিয়ন্ত্ৰণ কক্ষ, চিকিৎসা ব্যৱস্থা আদি সকলো ধৰণৰ সা-সুবিধাৰ ব্যৱস্থা কৰাৰ লগতে আটকধুনীয়াকৈ সজাই-পৰাই তোলা হয় ।

ভোটদাতাসকলে বিভিন্ন ভোটগ্ৰহন কেন্দ্ৰত কোৱিড-19ৰ নীতি-নিৰ্দেশনা মানি দীঘলীয়া শাৰী পাতি ভোট দিয়া পৰিলক্ষিত হয় ।

প্ৰতিগৰাকী ভোটদাতাক মাস্ক, চেনিটাইজাৰ, গ্লোভছ আদি প্ৰদান কৰাৰ লগতে ভোটগ্ৰহণৰ পূৰ্বে সকলোৰে শৰীৰৰ উত্তাপ পৰীক্ষা কৰা হয় ।

ইফালে সমষ্টি দুটাৰ অধীনৰ সীমান্তৱৰ্তী অঞ্চলৰ ভোটগ্ৰহন কেন্দ্ৰসমূহৰ লগতে জটিল তথা স্পৰ্শকাতৰ ভোটগ্ৰহন কেন্দ্ৰসমূহত অৰ্ধ সামৰিক বাহিনী নিয়োগ কৰা হয় ।

নিৰ্বাচন জিলাখনৰ ২৪৩ টা ভোটগ্ৰহন কেন্দ্ৰত ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হয় । কোনো ভোটগ্ৰহন কেন্দ্ৰতে এতিয়ালৈকে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা ঘটাৰ বাতৰি অহা নাই ।

উল্লেখ্য যে, গোলাঘাট নির্বাচন জিলাত মুঠ ভােটাৰৰ সংখ্যা হৈছে ৩,৪৬,২৮৭ । ইয়াৰে পুৰুষ ভােটাৰৰ সংখ্যা হৈছে ১,৭২,৮৯৫ গৰাকী আৰু মহিলা ভােটাৰৰ সংখ্যা হৈছে ১,৭৩,৩৯২ গৰাকী ।

গোলাঘাট সমষ্টিত মুঠ ভোতদাতাৰ সংখ্যা ২০৫১৯৬ । ইয়াৰে ১০২৫১৬ গৰাকী পুৰুষ আৰু ১০২৬৮০গৰাকী মহিলা ভোটাৰ । আনহাতে খুমটাই সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা ১৪১০৯১ গৰাকী ।

ইয়াৰে ৭০৩৭৯গৰাকী পুৰুষ আৰু ৭০৭১২গৰাকী মহিলা ভোটদাতা ।

সমষ্টি দুটাত ৫১৬ গৰাকী বিশেষভাৱে সক্ষম ভোটাৰ, ৭৪১৬ গৰাকী ১৮ৰ পৰা ১৯ বছৰ বয়সৰ, ৩৮৮৪ গৰাকী ৮০ বছৰ বয়সৰ উৰ্ধৰ, ৭২০ গৰাকী ডি ভোটাৰ আৰু ৫৫৮ গৰাকী চাৰ্ভিছ ভোটাৰ আছে ।

Tags: Assam Election

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd