• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোলাঘাটৰ এমেচাৰ সংগীত প্ৰেমী শিল্পী মন্টু কৰ্মকাৰৰ দেহাৱসান

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
March 28, 2021 5:06 pm
IMG_20210328_161443
1.8k
VIEWS
Share on FacebookShare on Twitter

“মই সংগীতজ্ঞ নহওঁ। এজন পৰিপূৰ্ণ সংগীতশিল্পী হ’ব পৰাকৈ ইমান অভিজ্ঞতা মোৰ নাই। মই এজন সংগীত প্ৰেমী শিল্পী।” গোলাঘাটৰ ঐতিহাসিক এমেচাৰ থিয়েটাৰ চ’ছাইটিৰ গ্ৰীণ ৰূমৰ পৰা আৰু শুনিবলৈ নাপায় “যদি তোৰ ডাক সোনে কেউ নাই/ তবে একলা চল’ ৰে/ বা মেঘে গিৰ গিৰ কৰে …..” আদি পুৰণি অসমীয়া, হিন্দী বা ৰবীন্দ্ৰ সংগীতৰ সুৰ। স্তব্ধ হৈ গ’ল গোলাঘাটৰ সংগীত জ্যোতিষ্ক মন্টু কৰ্মকাৰ।

দীৰ্ঘদিনৰ অসুস্থতাৰ অন্তত অৱশেষত আজি বিয়লি ২.৫০ বজাত এই জীৱনৰ পৰা মেলানি মাগিলে এইজন সংগীত প্ৰেমী শিল্পী।

১৯৩৬ চনত জন্ম হোৱা কৰ্মকাৰ প্ৰয়াত পিতৃ তীৰ্থবাসী কৰ্মকাৰৰ সংগীত চৰ্চাৰ দ্বাৰা অনুপ্ৰাণিত হৈ গ্ৰামফ’নত চাইগল, পংকজ মল্লিক,পান্নালাল আদিৰ দৰে খ্যাতনামা সংগীতজ্ঞৰ গীত শুনি ডাঙৰ হোৱা কৰ্মকাৰে ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোতেই হাৰমনিয়াম বজাবলৈ শিকে। সেইযে আৰম্ভণি। ক্ৰমে বাঁহী আৰু পিছলৈ গীত গুণগুণাবলৈ লয়। আৰু ১৯৪৫-৪৬ চনৰ পৰাই সংগীতৰ শিক্ষা গ্ৰহণ কৰে। গোলাঘাট চৰকাৰী বিদ্যালয়ৰ শিক্ষাগুৰু হৰিশ গোস্বামীৰ চত্ৰছায়াত গোস্বামীৰ অৰ্কেষ্টাত বাঁহী সংগত কৰি সংগীতৰ জগতত অন্য এক খোজ পেলায়।

পিছত ১৯৫৪ চনত দেৱৰাজ ৰয় মহাবিদ্যালয়ত নাম ভৰ্তি হোৱাত প্ৰথম উকা কণ্ঠত গীত গাবলৈ আৰম্ভ কৰে। সেইসময়ত আন্তঃকলেজ সংগীত প্ৰতিযোগিতাত অংশ লৈ মহাবিদ্যালয়খনে শ্ৰেষ্ঠ সংগীত দলৰ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হয়।

তেতিয়াৰ পৰা বৰ্তমানলৈকে এক বৰ্ণিল পৰিক্ৰমাৰে সংগীত জগতখনলৈ অনবদ্য বৰঙণি আগবঢ়াই গৈছে। এমেচাৰ থিয়েটাৰ চ’ছাইটিৰ দৈনিক শিল্পীজনে প্ৰতিদিন হললৈ অহাটো এক নিয়ম বান্ধি লৈছিল। কেৱল হাৰমণিয়ামটো সাৰথি কৰি অকলশৰে গ্ৰীণৰূমত সংগীত সাধনা কৰা কৰ্মকাৰ সকলোৰে বাবে এটা চিৰ পৰিচিত দৃশ্য আছিল।

চ’ছাইটিৰ প্ৰাক্তন সভাপতি কৰ্মকাৰৰ ঔৰসতে ১৯৯৭ চনত গ্ৰীণৰূমৰ পৰা জন্ম হৈছিল “গ্ৰীণৰূমৰ আড্ডা” শীৰ্ষক এটা সংগীত অনুষ্ঠানৰ। এই গ্ৰীণ ৰূমৰ পৰাই সৃষ্টি হৈছে প্ৰায় ৪৫ টাতকৈ অধিক গীত আৰু ২৫০ টাকৈ গীতৰ সুৰ। সৃষ্টিৰ অনন্য ক্ষেত্ৰ এই গ্ৰীণ ৰূমৰ পৰাই ওলাইছিল কেইবাখনো সংগীতৰ চি ডি।

বিশেষকৈ তেওঁৰ সৃষ্ট “জয় জয় জয় জয় চন্দ্ৰ মুন্সী/তোমাক জনাওঁ প্ৰণাম… শীৰ্ষক এমেচাৰ গীতটিৰ জনপ্ৰিয়তাই প্ৰমাণ কৰে সংগীতৰ ক্ষেত্ৰত তেওঁৰ অনবদ্য দখল। বহুদিনৰ পৰা শ্বাস-প্ৰশ্বাস জনিত ৰোগত আক্ৰান্ত কৰ্মকাৰৰ এই গমন অসহনীয়।

এই কাৰণেই যে, তেওঁৰ অনুপস্থিতিত ম্লান পৰিব চ’ছাইটিৰ মঞ্চ। যিহেতু প্ৰত্যেকটো অনুষ্ঠানত উপস্থিত থকা তথা অনুজ সকলৰ বাবে তেওঁ আছিল পিতামহস্বৰূপ।

তেওঁৰ আৰ্শীবাদপুষ্ট হৈ আগবাঢ়ে গোলাঘাটৰ প্ৰতিজন শিল্পী। বাৰ্ধক্যজনিত কাৰণত দীৰ্ঘদিন অসুস্থতাৰ অন্তত আজি ৮৫ বছৰ বয়সত কৰ্মকাৰে গোলাঘাটৰ অজস্ৰ গুণমুগ্ধ আৰু বহু আত্মীয় স্বজনক এৰি পৰলোক গমণ কৰে।

তেওঁৰ মৃত্যুত গোলাঘাটৰ এমেচাৰ থিয়েটাৰ চ’ছাইটি, ডেউকা নাট্য বিদ্যালয়, নবীন-প্ৰবীণ শিল্পী সমাজ আৰু বহু দল সংগঠনে শেষ শ্ৰদ্ধাঞ্জলিৰে সমবেদনা জ্ঞাপন কৰে।

Recent News

চিনেমেট’গ্ৰাফ এক্ট, ১৯৫২ : অপ্ৰমাণিত চলচ্চিত্ৰৰ প্ৰদৰ্শন আৰু অকৰ্তৃত্বশীল ৰেকৰ্ডিঙৰ জৰিয়তে পাইৰেচিৰ ক্ষেত্ৰত বিহা হ’ব কঠোৰ শাস্তি

চিনেমেট’গ্ৰাফ এক্ট, ১৯৫২ : অপ্ৰমাণিত চলচ্চিত্ৰৰ প্ৰদৰ্শন আৰু অকৰ্তৃত্বশীল ৰেকৰ্ডিঙৰ জৰিয়তে পাইৰেচিৰ ক্ষেত্ৰত বিহা হ’ব কঠোৰ শাস্তি

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd